বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

বহু ৰহস্য! ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা এই সকলোবোৰৰ সাক্ষী সৰযূ নদীৰ জন্মকাহিনী জানেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আমাৰ দেশ প্ৰাকৃতিক বৈচিত্ৰৰে ভৰপুৰ। ভাৰতৰ দক্ষিণে হিমালয় পৰ্বত, দক্ষিণে মহাসাগৰ। বহু পাহাৰ, পৰ্বত, ঝৰ্ণা, নদীয়ে বৈচিত্ৰময় কৰি ৰাখিছে এই দেশক। ভাৰতবৰ্ষত অসংখ্য সৰু বৰ নদীও আছে। এই সমস্ত নদীৰ মাজতেই অনন্য এখন নদী হৈছে সৰযূ নদী। অযোধ্যাৰ ৰাম জন্মভূমিত দেশৰ সৰ্ববৃহৎ মন্দিৰ ৰাম মন্দিৰ অচিৰেই উদ্বোধন হ’ব। ৰাম মন্দিৰক লৈ এতিয়া সমগ্ৰ দেশতে এতিয়া উৎসাহ আৰু উদ্দীপনা। কিন্তু ৰাম জন্মভূমিত থকা সেই বিশেষ নদী সৰযূ নদীৰো আছে বিশেষ গুৰুত্ব।

ভাৰতৰ ইতিহাসত গংগা, যমুনা, গোদাবৰী, নৰ্মদা, ব্ৰহ্মপুত্ৰৰ পাছতেই আছে সৰযূ নদীৰ স্থান। ৰাম বনবাসলৈ গৈ অযোধ্যালৈ পুনৰ উভতি অহা পৰ্যন্ত সকলো ঘটনাৰ নিৰৱ সাক্ষী এই সৰযূ নদী। বেদ আৰু পুৰাণতো সেয়ে সৰযূ নদীৰ কথা বিশেষভাৱে উল্লেখ আছে।

ৰামায়ণত উল্লেখ থকা অনুসৰি কোশল ৰাজ্যৰ প্ৰধান নদীয়েই হৈছে সৰযূ নদী। মহাভাৰতৰ ভীষ্ম পৰ্বতো সৰযূ নদীৰ উল্লেখ পোৱা যায়। ৰাম চৰিতমানসত তুলসীদাসে লিখা অনুসৰি অযোধ্যা নগৰীৰ উত্তৰ দিশত প্ৰবাহিত হৈ আছে এই সৰযূ নদী। এই নদীক অযোধ্যাৰ প্ৰধান পৰিচয় বুলিও উল্লেখ কৰিছে তুলসীদাসে।

পদ্মপুৰাণতো সৰযূ নদীৰ কথা বৰ্ণনা কৰা আছে। তেওঁৰ ৰচিত গ্ৰন্থ অষ্টাধ্যায়ীত মহৰ্ষি পাণিনিত সৰযূ নদীৰ কথা উল্লেখ আছে। মুখবাগৰি অহা প্ৰবাদ অনুসৰি সৰযূ নদীয়ে পূৰ্বতে গাখীৰ বৈছিল। বামণ পুৰাণৰ ত্ৰয়োদশ অধ্যায় ব্ৰহ্ম পুৰাণৰ ১৯তম অধ্যায় আৰু বায়ুপুৰাণৰ ৪৫ তম অধ্যায়ত কোৱা হৈছে যে গংগা, যমুনা, গোমতী, সৰযূ আৰু সাৰদা নদী হিমালয় পৰ্বতৰ পৰা প্ৰবাহিত হৈছে।

বৈদিক যুগতো এই নদীৰ উল্লেখ পোৱা যায়। পুৰাণ অনুসৰি শ্ৰী বিষ্ণুৰ চকুৰ পৰা সৰযূ নদীৰ উৎপত্তি। মৎস্য অৱতাৰ ৰূপ ধাৰণ কৰি স্কন্দাসূৰৰ হাতৰ পৰা বেদ উদ্ধাৰ কৰিছিল বিষ্ণুৱে। তেতিয়াই তেওঁৰ চকুৰে আনন্দাশ্ৰু প্ৰবাহিত হৈছিল। এই পানীৰেই সৃষ্টি হৈছিল মানস সৰোবৰৰ। বৈবাশ্বত মহাৰাজ তীৰৰ পৰা মানস সৰোবৰলৈকে কিছু পানী বৈ আহে। এই পানী প্ৰবাহিত হৈয়েই সৰযূ নদীৰ ৰূপ লয়।

সাৰদা নদীৰ পৰা সৃষ্টি হৈছে সৰযূ নদীৰ। উত্তৰাখণ্ডৰ সাৰদা নদীৰ পৰা বিচ্ছিন্ন হৈ আহিছে সৰযূ। এই নদীত স্নান কৰিলে সকলো পাপ দূৰ হয় বুলিও প্ৰচলিত বিশ্বাস। শ্ৰী বিষ্ণুলে ত্ৰেতাযুগত শ্ৰীৰামচন্দ্ৰ ৰূপে জন্ম লয়। তেওঁ বাল্যকালৰে পৰাই এই নদী প্ৰত্যক্ষ কৰি আহিছিল। আজিও সৰযূ নদীক পবিত্ৰ নদী বুলি ধাৰণা কৰা হয়। বিশেষ দিনবোৰত এই নদীত গা ধুলে পূণ্যস্নান হয় বুলি বহুলোকৰেই বিশ্বাস। বহু সাধু সন্যাসীয়েও এই নদীত গা ধুবৰ বাবেই অযোধ্যালৈ আহে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *