ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত কোনে কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত কোনে কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ফুচকা কেতিয়া ক’ত কেনেকৈ আৱিষ্কাৰ হৈছিল সেয়া সঠিককৈ কোৱা টান। অৱশ্যে বহু লোকৰ মুখত ফুচকাক লৈ বহু কাহিনী আছে। বহুতেই দাবী কৰা মতে ফুচকা প্ৰথম তৈয়াৰ হৈছিল মহাভাৰতৰ যুগত। মহাভাৰতৰ যুগত এই ফুচকা বনাইছিল স্বয়ং দ্ৰৌপদীয়ে।

প্রথম ফুচকা কেনেকৈ বনাইছিল দ্ৰৌপদীয়ে?

দ্ৰৌপদীৰ তেতিয়া বিবাহ হৈছেহে মাত্ৰ। দ্ৰৌপদী সহ পঞ্চপাণ্ডৱ আৰু কুন্তী তেতিয়া বনবাসত। ভিক্ষা কৰি প্ৰতিদিনেই খোৱাৰ যোগাৰ কৰে পাণ্ডৱে। খুজি-মাগি অনা খাদ্য নষ্ট কৰাৰ প্ৰশ্নই নাহে। তেনেতেই এদিন খাদ্য বেছি হৈ আলুৰ চবজি আৰু সানি থোৱা আটা ৰৈ যায়। সেই ৰৈ যোৱা খাদ্যখিনিৰেই পিছদিনা পুৱা কুন্তীয়ে দ্ৰৌপদীক খোৱাৰ যো-জা কৰিব দিয়ে। দ্ৰৌপদীয়ে আগদিনাৰ বাহি আটা আৰু আলুৰেই ৰান্ধে অদ্ভুত সুখাদ্য। সেই খাদ্যৰ নাম দিলে ফুলকি। প্ৰাচীন ভাৰতৰ মগধ অৰ্থাৎ বৰ্তমান বিহাৰৰ এটি অঞ্চলত এই গল্প প্ৰচলিত। অৱশ্যে এই গল্পৰ কোনো পৌৰাণিক বা ঐতিহাসিক ভিত্তি নাই। ইংৰাজে ভাৰতলৈ অহাৰ আগতে ভাৰতৰ মানুহে আলু কাক কয় জনাই নাছিল। এই কথা ইতিহাসত উল্লেখ আছে।

ফুলকি কি আছিল?

সেই সময়ত ফুলকা নামৰ এবিধ ৰুটি উত্তৰ আৰু পশ্চিম ভাৰতত প্ৰচলিত আছিল। ৰুটি হ’লেও অন্য ৰুটিৰ তুলনাত আকাৰ সৰু আছিল এইবিধ ৰুটিৰ। আনহাতে দ্ৰৌপদীৰ ৰন্ধনৰ বিষয়ে বিভিন্ন লোককথাত প্ৰচলিত আছে। আনহাতে দ্ৰৌপদীয়ে বনোৱা বুলি ক’লেও বা উৎপত্তি বিহাৰত হোৱা বুলি দাবী কৰিলেও এইবিধ খাদ্য উত্তৰ, দক্ষিণ, পশ্চিম, পূব, ভাৰতৰ যিকোনো অংশতেই পোৱা যায়। ইয়াক মহাৰাষ্ট্ৰত পানীপুৰী, হাৰিয়ানাৰ পানী পাটাচী আৰু মধ্য প্ৰদেশৰ ফুলকি বুলি কোৱা হয়। ইয়াৰ নাম উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ গোলগাপ্পা। উৰিষ্যাত ইয়াক গুপচুপ বুলি কোৱা হয়, আৰু অসমত ইয়াক ফুচকা বুলি কোৱা হয়।

উল্লেখ্য যে ঠাইভেদে ফুচকাৰ সৈতে তেতেলী পানী দিয়া হয় কিন্তু কিছুমান ঠাইত তেতেলী পানীৰ সলনি পদিনা পানীও দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *