হিটষ্ট্ৰোকত ভুগিছে শ্বাহৰুখ! এই ৰোগৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

হিটষ্ট্ৰোকত ভুগিছে শ্বাহৰুখ! এই ৰোগৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আহমেদাবাদৰ প্ৰচণ্ড গৰমত আইপিএলৰ প্লে অফ মেচ চাবৰ বাবে গৈছিল শ্বাহৰুখ৷ তাত গৈয়ে হঠাৎ অসুস্থ হৈ কিং খান৷ হিট ষ্ট্ৰোকত আক্ৰান্ত হৈ লগে লগে হাস্পতালত ভৰ্তি হয় বলীউড বাদশ্বাহ৷ এই খবৰ ভাইৰেল হোৱাৰ পাছতেই সকলোৱে তেওঁৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিছে৷ বাদশ্বাহেই নহয় দেশৰ বিভিন্ন কোণৰ পৰা আহিছে হিটষ্ট্ৰোকৰ খবৰ৷ হিটষ্ট্ৰোকত আক্ৰান্ত হৈ বহুজনে মৃত্যুকো সাবটি লৈছে৷ এই পৰিস্থিতিত জটিলতাৰ পৰা ৰক্ষা পাবলৈ এই ৰোগ সম্পৰ্কে পূৰ্বেই জানি লোৱাটো খুবেই জৰুৰী৷

হিট ষ্ট্ৰোক কি?

বহু সময়ত প্ৰচণ্ড গৰমত আমাৰ শৰীৰে নিজৰ স্বাভাৱিক তাপমাত্ৰা ধৰি ৰাখিব নোৱাৰে৷ ফলত দেহত তাপমাত্ৰাই  ১০৪ ডিগ্ৰী ফাৰেনহাইটৰ গণ্ডি পাৰ হৈ যায়৷ এই সমস্যাই হৈছে হিট ষ্ট্ৰোক৷ মনত ৰাখিব হিট ষ্ট্ৰোক এক জটিল অসুখ৷ ঠিক সময়ত ব্যৱস্থা নল’লে ব্ৰেইন, হাৰ্ট, কিডনী আৰু পেশীৰ ভয়াৱহ ক্ষতি হ’ব পাৰে৷ এই ৰোগক লৈ প্ৰথমৰ পৰাই সাৱধান হওক৷

কিয় হয় হিটষ্ট্ৰোক?

সাধাৰণতে দীৰ্ঘসময় ধৰি ৰ’দত থাকিলে এই সমস্যাই দেখা দিয়াৰ আশংকা থাকে৷ ৰ’দ নথকাকৈ কোনো বন্ধ ঘৰত আৱদ্ধ হৈ থাকিলে, অত্যধিক তাপমাত্ৰাত কোনো কাৰখানাত কাম কৰিলে, গৰমত অত্যধিক এক্সাৰছাইজ বা শাৰীৰিক পৰিশ্ৰম কৰিলে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ হিট ষ্ট্ৰোক যিকোনো মানুহৰেই হ’ব পাৰে৷ সাধাৰণতে মধ্যবয়সীয়া ব্যক্তি আৰু ষাঠিৰ উৰ্ধৰ লোক হিটষ্ট্ৰোকত আক্ৰান্ত হয়৷

এইকেইটা লক্ষণ দেখিলেই সাৱধান হওক

চিকিৎসকে জনোৱা অনুসৰি দেহত এইসমূহ লক্ষণ ফুটি উঠিলে,

  1. শৰীৰ খুব গৰম হৈ পৰে
  2. অত্যধিক ঘাম ওলাই
  3. মূৰ ঘূৰাই
  4. চকুৰে ক’লা ক’লা দেখা
  5. হাৰ্ট ৰেট বাঢ়ি যোৱা
  6. শ্বাস-প্ৰশ্বাসৰ স্পিড বাঢ়ি যোৱা

শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে কোনো ঠাণ্ডা এলেকাত বহি দিয়ক৷ প্ৰচুৰ পৰিমাণে পানী আৰু ৱাৰেছ খাওক৷ শৰীৰ তেতিয়াও ভাল নালাগিলে চিকিৎসকৰ পৰামৰ্শ ততাতৈয়াকৈ লওক৷ হিটষ্ট্ৰোকত আক্ৰান্ত ৰোগীৰ বহুতেই হঠাৎ অজ্ঞান হৈ পৰে৷ এই পৰিস্থিতিত তেওঁক ঘৰত নাৰাখি দ্ৰুততৰভাৱে হাস্পতাললৈ লৈ যাওক৷ এই কাম কৰিলেই ৰোগীও সোনকালে সুস্থ হৈ উঠিব৷

ৰোগ প্ৰতিৰোধৰ উপায়

হিটষ্ট্ৰোকৰ পৰা ৰক্ষা পাবলৈ এইকেইটা নিয়ম মানি চলিব পাৰে

  1. কাঢ়া ৰ’দত বাহিৰলৈ নোলাব
  2. বাহিৰলৈ উলাই আহিলে হাতত ছাতি নতুবা মূৰত এটা টুপি পিন্ধিব
  3. টান কাপোৰ নিপিন্ধিব, পাতল কঁপাহী কাপোৰ পিন্ধিব
  4. পৰ্যাপ্ত পৰিমাণে পানী খাওক
  5. ডাবৰ পানী ৱাৰেছ আদিও খাব পাৰে
  6. মদ, বিয়েৰ আদি এই সময়ত নাখাব

(Disclaimer: প্রতিবেদনটো সচেতনতার উদ্দেশ্যেহে লিখা হৈছে। কোনও সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

 

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *