অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ ব্যক্তি

অন্য লোকৰ দ্বাৰা সহজেই প্ৰতাৰিত হয় এই ৪ ৰাশিৰ ব্যক্তি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কোন কোন মানুহ সহজেই অন্যৰ দ্বাৰা প্ৰতাৰিত হয় জানেনে? প্ৰেমৰ সম্পৰ্কই হওক বা পেছাগত সম্পৰ্কই হওক সকলোতেই কিছুলোক প্ৰতাৰণাৰ বলি হয়। জ্যোতিষ অনুসৰি কেইটামান ৰাশিৰ জাতক বেছিকৈ প্ৰতাৰণাৰ বলি হয়। এইকেইটা জাতকৰ কোমল মনৰ সুযোগ লৈ প্ৰতাৰণা কৰে। সম্পৰ্কৰ ফালেৰেও এইসকল ব্যক্তি প্ৰতাৰণাৰ বলি হয়। জানি থওক কি কি ৰাশিৰ ব্যক্তি আটাইতকৈ বেছি প্ৰতাৰণাৰ বলি হয়।

মীন ৰাশি
অত্যন্ত দয়ালু আৰু কোমল মনৰ মানুহ মীন ৰাশিৰ জাতকসকল। এওঁলোকে সহজেই সকলোকে বিশ্বাসো কৰি লয়। এওঁলোকে সকলো সময়তে মানুহৰ ভাল গুণসমূহেই দেখা পায়। ব্যক্তিৰ বেয়া গুণ এওঁলোকৰ চকুত নপৰে। মীন ৰাশিৰ জাতকসকলে ঠগ খালেও সেই কথা বেছিদিন মনত নাৰাখে। এওঁলোকে সহজেই সকলোকে ক্ষমা কৰি দিয়ে দিয়ে।

তুলা ৰাশি
সম্পৰ্কক অত্যন্ত গুৰুত্ব দিয়ে তুলা ৰাশিৰ জাতকে। জীৱনত অহা সকলো সম্পৰ্কৰ প্ৰতিয়েই অত্যন্ত শ্ৰদ্ধাশীল হয় এই ৰাশিৰ জাতকসকল। তেওঁলোকে সকলো সমস্যা এৰাই চলিবলৈ যত্ন কৰে। শান্তি ৰক্ষাৰ বাবে বাৰে বাৰে তেওঁলোকে প্ৰতাৰণাৰ বলি হ’লেও একে ভুলেই কৰি থাকে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত তেওঁলোক খুবেই দুৰ্বল সেয়ে বহুসময়ত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।

বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকল অত্যন্ত আত্মবিশ্বাসী। এওলোকে অন্যৰ বিশ্বাস কাহানিও ভংগ নকৰে। ইয়াৰোপৰি বিশ্বাসৰ মূল্য দিবলৈ গৈ নিজেই প্ৰতাৰণাৰ বলিও হয়। বৃষ ৰাশিৰ জাতকসকলে নিজৰ জেদৰ কাৰণেও বহুসময়ত সম্পৰ্কৰ পৰা বাহিৰলৈ ওলাই আহে। যাৰফলত নিজৰেই বহু লোকচান হয়।

কৰ্কট ৰাশি
অত্যন্ত আৱেগপ্ৰৱণ হয় কৰ্কট ৰাশিৰ জাতকসকল। যাকেই ভালপায় তেওঁকেই গভীৰভাৱে ভালপায় পেলাই এই ৰাশিৰ জাতকে। কিন্তু অন্য পক্ষৰ পৰা সেই ভালপোৱা পাইছেনে এই বিষয়টোত খুবেই কম নজৰ দিয়ে এই ৰাশিৰ জাতকে। এওঁলোকৰ ভালপোৱাৰ সুযোগ লৈয়েই বহুতে প্ৰতাৰণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *