১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

১৯ত ১০২ আসনৰ ৪৫য়েই NDAৰ আছিল, মোদী মন্ত্ৰীসভাৰ ৮ মন্ত্ৰী নামিছে ভোটযুদ্ধত, দিল্লীৰ চকীত এইবাৰ কোন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অষ্টদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যেই আৰম্ভ হৈছে। সাতদফাৰ ভোটগ্ৰহণ পৰ্বৰ প্ৰথম দফাত ২১ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল মিলি ভোটদান হ’ব ১০২ খন আসনৰ বাবে। প্ৰথম পৰ্যায়ত অসমৰ ৫ সমষ্টি, মণিুপুৰৰ দুই সমষ্টি ক্ৰমে ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ, মেঘালয়ৰ শ্বিলং আৰু তুৰা, মিজোৰামৰ এটা লোকসভা সমষ্টি, নাগালেণ্ড, অৰুণাচল লোকসভা সমষ্টি আৰু ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম দফাৰ ভোটত প্ৰতিদ্বন্দিতা কৰিছে নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ ৮গৰাকী মন্ত্ৰীয়েও। মোদী মন্ত্ৰীসভাৰ ৮মন্ত্ৰী হৈছে নীতিন গাডকাৰী(নাগপুৰ), কিৰেণ ৰিজেজু(অৰুণাচল পশ্চিম), ভূপেন্দ্ৰ যাদৱ(অলৱাৰ), সৰ্বানন্দ সোনোৱাল(ডিব্ৰুগড়), জিতেন্দ্ৰ সিং(উধমপুৰ), অৰ্জূন ৰাম মেঘৱাল(বিকানেৰ), সঞ্জীৱ বালিয়ান(মুজফৰনগৰ) আৰু এল মুৰগান(নীলগিৰি)।

মোদী মন্ত্ৰীসভাৰ ৮কেবিনেট মন্ত্ৰীৰ ওপৰিও কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীও নামিছে ভোটযুদ্ধত। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালৰ ওপৰিও ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাত নামিছে লোকসভা নিৰ্বাচনৰ ভোটযুদ্ধত। এইকেইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ওপৰিও তামিলনাডুৰ ৰামনাথপুৰম আসনত বিজেপিৰ সমৰ্থনত নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলিছে এডিএমকেৰ নেতা পন্নীৰছেলভমে। অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা নাবাম টুকিয়ে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে কিৰেণ ৰিজেজুৰ বিৰুদ্ধে।

কেন্দ্ৰীয়শাসিত অঞ্চল পুদুচেৰীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিদায়ী কংগ্ৰেছ সাংসদ ভি বৈথিলিংগমে এইবাৰ পুদুচেৰীৰ পৰা লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰথম দফাৰ নিৰ্বাচনত বিহাৰৰ গয়াত বিজেপিৰ সহযোগী হিন্দুস্তানী আৱাম মৰ্চাৰ প্ৰাৰ্থী বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতনৰাম। শুকুৰবাৰে প্ৰথম দফাত অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ দুখন আসনত ভোটগ্ৰহণ চলি আছে। এখনকৈ আসন আছে ক্ৰমে ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান-নিকোবৰ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুদুচেৰীত। উল্লেখ্য যে মণিপুৰৰ মুঠ দুখন লোকসভা আসন। ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰ। নিৰ্বাচন কমিছনে আউটাৰ মণিপুৰক ভাগ কৰি দুই দফাত ভোটগ্ৰহণ পৰ্ব অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম দফাত মণিপুৰৰ চূড়চান্দপুৰ আৰু চান্দেল জিলাৰ ১৫খন বিধানসভা আসনত ভোটগ্ৰহণ হ’ব। আউটাৰ মণিপুৰৰ অন্তৰ্গত অন্য ১৩ টা বিধানসভাৰ ভোটাৰে ভোটগ্ৰহণ কৰিব পাৰিব ২৬ এপ্ৰিল দ্বিতীয় দফাত।

ইয়াৰোপৰি বিহাৰৰ চাৰি, উত্তৰাখণ্ডৰ পাঁচ, মহাৰাষ্ট্ৰৰ পাঁচ, উত্তৰপ্ৰদেশৰ ৮ আৰু ৰাজস্থানৰ ১২খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই দফাত সকলোতকৈ বেছি ভোটকেন্দ্ৰ আছে তামিলনাডুত। সেই ৰাজ্যৰ ৩৯ লোকসভা আসনৰ সকলোতেই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। তামিললনাডুত ভোট যুদ্ধত আছে  শাসকদল ডি এম কে প্ৰথম শাৰীৰ নেতা-নেত্ৰীসকল।

উল্লেখ্য যে ১৯ৰ নিৰ্বাচনত ১০২ খন আসনৰ ভিতৰত মুঠ ৪৫খনত বিজেপি নেতৃত্বাধীন NDA জয়লাভ কৰিছিল। উত্তৰ পূৱৰ ৭ৰাজ্যৰ লগতে ছিকিমতো বিপুল জয়ৰ মুখ দেখিছিল NDAয়ে। এইবাৰ অৱশ্যে কেইখনমান আসনত নেক টু নেক ফাইট হ’ব বুলি ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *