৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

৮মাহ কন্যাত থাকিব কেতু, প্ৰতিপদতে সমস্যা আহিব এই ৩ৰাশিৰ জাতকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষ শাস্ত্ৰত কেতুক ছায়া গ্ৰহ আৰু মায়াবী গ্ৰহ বুলি কোৱা হয়। শনিৰ দৰেই এই গ্ৰহও অত্যন্ত ধীৰ গতিত বিচৰণ কৰে। কেতুয়ে শুভ প্ৰভাৱ বিস্তাৰ কৰিলে ব্যক্তিৰ সাফল্য় কোনোৱে ৰখাব নোৱাৰে। কিন্তু দুৰ্বল আৰু দোষযুক্ত কেতুৱে ব্যক্তিৰ জীৱনলৈ একাধিক সমস্যা আনে। বৰ্তমান কন্যা ৰাশিত ভ্ৰমণ কৰি আছে কেতুৱে। ৮মাহ এই ৰাশিতেই অৱস্থান কৰিব এই গ্ৰহই। কেতুৰ কন্যা ৰাশিত উপস্থিতিৰ কাৰণে কেইটামান ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো ভাল। কাৰণ এই সময়ত তেওঁলোকে এটাৰ পাছত এটা সমস্য়ৰ সন্মুখীন হৈ থাকিব। কোনো কোন ৰাশিৰ জাতক সতৰ্ক থকাটো ভাল জানি থওক সবিশেষ।

বৃষ ৰাশি
কেতুৰ চলন বৃষ ৰাশিৰ জাতকৰ বাবে মুঠেও ভাল নহয়। কেতুৰ চলনৰ বাবেই কিছু কামত বিলম্ব হ’ব পাৰে। কামত বিলম্ব হোৱাৰ বাবে মানসিক চাপ বাঢ়িব। কিন্তু পৰাজয় স্বীকাৰ কৰাৰ পৰিবৰ্তে ইয়াৰ পৰা মুক্ত হ’বলৈ চেষ্টা চলাওক। আৰ্থিক জীৱনত সতৰ্ক হৈ চলক। ভাৱিচিন্তি ব্যয় কৰক। কাৰণ কেতুয়ে আপোনাৰ ব্যয় বৃদ্ধি কৰিব। যিয়ে আপোনাক ক্ৰমশ অৰ্থাভাৱৰ মুখলৈ ঠেলি দিব। দাম্পত্য় জীৱনত ওঠানমা লাগিব। স্বামী-স্ত্ৰীৰ মাজত অকাৰণতে কাজিয়াৰ সৃষ্টি হ’ব পাৰে। এই সময়ত সতৰ্ক হৈ থকাতো অতি জৰুৰী।

কৰ্কট ৰাশি

কেতুৰ কন্য়া ৰাশিত উপস্থিতিয়ে কৰ্কট ৰাশিৰ জাতকৰ ব্যক্তিগত জীৱনত সমস্যা বঢ়াব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মতভেদ হ’ব পাৰে। ইয়াৰোপৰি কৰ্কট ৰাশিৰ ব্যৱসায়ী জাতকে নানান সমস্যাৰ মুখামুখি হ’ব পাৰ। ব্য়ৱসায় সম্প্ৰসাৰণৰ পথত বাধা উৎপন্ন হ’ব পাৰে। মানসিক স্বাস্থ্য দুৰ্বল থাকিব। মেজাজ ভালে নাথাকিব এই ৰাশিৰ জাতকৰ। এই ৮মাহ সাৱধানে চলিবলৈ চেষ্টা কৰিব। মাতৃৰ স্বাস্থ্যৰ যত্ন ল’ব।

তুলা ৰাশি

জ্যোতিষ গণনা অনুসৰি তুলা ৰাশিৰ জাতকৰ বাবে কেতুৰ কন্যাত বিচৰণ শুভ নহয়। এই ৰাশিৰ জাতকৰ জীৱনত নানান সমস্যাই দেখা দিয়াৰ প্ৰৱল সম্ভাৱনা আছে। চাকৰিয়াল তুলা জাতকৰ ওপৰত কামৰ চাপ বাঢ়িব। যাৰ ফলত নিজৰ বাবেও সময় ওলিয়াব নোৱাৰিব তুলা ৰাশিৰ জাতকে। ব্যৱসায়ী জাতকৰ কামৰ পথত একাধিক বাধা আহিব। কিন্তু কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে এবাৰ ভালধৰণে চিন্তাভাৱনা কৰি লোৱাটো ভাল।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *