কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

কেজৰীৰ ছুগাৰ ৩২০! জে’লতেই ইনছুলিন দিয়াৰ ব্যৱস্থা কেজৰীৱালক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অৰবিন্দ কেজৰিৱালক এইবাৰ ইনছুলিন দিয়াৰ ব্য়ৱস্থা কৰা হৈছে তিহাৰ জে’লত। কাৰাগাৰ কৰ্তৃপক্ষৰ সূত্ৰৰ খবৰ অনুসৰি সোমবাৰে নিশা দিল্লীৰ মুখ্যমন্ত্ৰীৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা ৩২০লৈ বৃদ্ধি পাইছিল। তাৰপাছতেই কাৰাগাৰ কৰ্তৃপক্ষই তেওঁক ইনছুলিন দিয়াৰ ব্যৱস্থা কৰিছে। বিগত কেইবাদিন ধৰি কেজৰিৱালক চিকিৎসকৰ কাঢ়া নজৰতো ৰখা হৈছে।

কেজৰিৱালৰ দলীয় সতীৰ্থই বাৰে বাৰে অভিযোগ আনিছিল যে কেজৰিৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা প্ৰয়োজনতকৈ অধিক। কিন্তু কাৰাগাৰত তেওঁক ইনছুলিন দিয়া হোৱা নাই। এই একেই অভিযোগ আনিছিল কেজৰিয়ে নিজেও। ৰক্ত শৰ্কৰাৰ মাত্ৰা ইমানেই বেছি যে ইনছুলিনৰ প্ৰয়োজন। কাৰাগাৰত তেওঁ যথাযথ চিকিৎসা লাভ কৰা নাই বুলিও অভিযোগ আনিছিল দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ দ্বাৰস্ত হৈছিল আম আদমি পাৰ্টীৰ প্ৰধান অৰবিন্দ কেজৰিৱালৰ অধিবক্তই। আপ নেতাৰ আবেদন আছিল, ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তেওঁ ব্যক্তিগত চিকিৎসকৰ সৈতে কথা বতৰা পাতিবলৈ অনুমতি দিয়ক। সোমবাৰে অৱশ্যে আদালতে সেই আৱেদন খাৰিজ কৰিছে।

চিকিৎসা বিচাৰি কৰা আৱেদন খাৰিজ হোৱাৰ কেইঘণ্টামান পাছৰে পৰাই জে’ল কৰ্তৃপক্ষই কেজৰিৱালক ইনছুলিন দিয়াৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত আপৰ তৰফৰ পৰা সৌৰভ ভৰদ্বাজে কয়, ‘আমি কওঁতে আমাৰ কথা তেওঁলোকে অগ্ৰাহ্য কৰিছিল। এতিয়া কিয় তেওঁলোকে কেজৰিৱালক ইনছুলিন দিব লগা হৈছে?’ উল্লেখ্য যে ২১ মাৰ্চত দিল্লীৰ আৱকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। ইডিৰ জেৰাৰ পাছতেই এতিয়া মুখ্যমন্ত্ৰীৰ ঠিকনা হৈ আছে তিহাৰ জে’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *