জন্ম শতবৰ্ষতেই দিয়া হ’ল সৰ্বোচ্চ সন্মান! দলিতৰ আইকন কৰ্পূৰী ঠাকুৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন

জন্ম শতবৰ্ষতেই দিয়া হ’ল সৰ্বোচ্চ সন্মান! দলিতৰ আইকন কৰ্পূৰী ঠাকুৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভাৰতৰত্ন ঘোষণা কৰা হ’ল। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰক মৰোণোত্তৰভাৱে দিয়া হৈছে এই সন্মান। ২৪ জানুৱাৰীত তেওঁৰ জন্মশতবৰ্ষৰ দিনটোতেই আহিল সুখবৰ। বিহাৰৰ পিছপৰা জাতি আৰু দুখীয়াসকলৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি থৈ গৈছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে মঙলবাৰে সন্ধিয়া এই সন্মান প্ৰদানৰ কথা ঘোষণা কৰে।

কৰ্পূৰী ঠাকুৰ বিহাৰৰ দুবাৰৰ মুখ্যমন্ত্ৰী আৰু এবাৰ উপ মুখ্যমন্ত্ৰী আছিল। এক দশকৰ বেছি সময় ধৰি তেওঁ বিহাৰৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ মুখ আছিল। বিৰোধী দলনেতা হিচাপেও দলিত আৰু দৰিদ্ৰসকলৰ বাবে সেৱা আগবঢ়াই গৈছে কৰ্পূৰী ঠাকুৰে। ১৯৫২ চনত তেওঁ প্ৰথমবাৰ বিধানসভা নিৰ্বাচনত জয়ীও হয়। প্ৰথম অ-কংগ্ৰেছী বিহাৰী মুখ্যমন্ত্ৰী আছিল। ১৯৬৭ চনত এইগৰাকী নেতাই উপমুখ্যমন্ত্ৰী হৈছিল। শেহতীয়াকৈ মৰোণোত্তৰভাৱে তেওঁক ভাৰতৰত্ন প্ৰদান কৰাত সুখী হৈ পৰিছে এতিয়া বিহাৰৰ প্ৰায় প্ৰতিজন লোকেই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *