ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

ৰাজনীতিলৈ কৰিশ্মা-কৰিণাও! লোকসভা নিৰ্বাচনত কোন দলৰ হৈ যুঁজত নামিব কৰিণা-কৰিশ্মা?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিলৈ তাৰকাৰ সমাগম নতুন কথা নহয়। লোকসভাই হওক বা বিধানসভা, নিৰ্বাচনৰ পূৰ্বে তাৰকাসকলে ৰাজনীতিত যোগদান কৰি অহাটো পূৰ্বৰে পৰা চলি অহা পৰম্পৰাই হৈ পৰিছে। অসমতো আঙুৰলতা, পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে বহু শিল্পীয়ে ৰাজনীতিলৈ আহিছে। শেহতীয়াকৈ বলীউডৰো কেইবাজনো তাৰকাই যোগদান কৰিছে ৰাজনীতিত।

বলীউড অভিনেত্ৰী কংগনা ৰানাউট, গোবিন্দই শেহতীয়াকৈ প্ৰত্যক্ষভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছে। বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ শিণ্ডেসেনা দলত যোগদান কৰিছে গোবিন্দই। ইফালে কংগনা ৰানাউটেও লোকসভা নিৰ্বাচনৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী হৈ মাণ্ডি সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে। এইসকল নামী-দামী অভিনেতাৰ পাছতেই এইবাৰ আকৌ ৰাজনীতিলৈ আহিবলৈ মন মেলিছে কাপূৰ পৰিয়ালৰ দুই জীয়াৰী কৰিনা আৰু কৰিশ্মাইয়ো।

ভাইৰেল খবৰ অনুসৰি কাপূৰ পৰিয়ালৰ দুই কন্যা কৰিশ্মা আৰু কৰিণাইয়ো ৰাজনীতিত অচিৰেই যোগদান কৰিব। নেটিজেনে কৰা চৰ্চা মতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেৰ হাতত ধৰি শিৱসেনাত যোগ দিব কৰিণা আৰু কৰিশ্মাই। অৱশ্যে এইবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দিতা কৰিবনে সেই বিষয়েহে বৰ্তমানলৈকে স্পষ্ট হোৱা নাই। নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰিলেও শিৱসেনাৰ প্ৰাৰ্থীৰ হৈ দুই ভগ্নীয়ে প্ৰচাৰ অভিযানত নামিব বুলিও বলীউডৰ এক সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে ৰাজনীতিলৈ তেওঁলোক আহিবনে সেই বিষয়টোক লৈ নিজা কোনো মত এতিয়াও দাঙি ধৰা নাই কৰিণা আৰু কৰিশ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *