লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?

লোকসভা নিৰ্বাচনত কঙ্গনা ৰানাউটৰ বিজয়ৰ সম্ভাৱনা কিমান? ব্যক্তিত্বই প্ৰভাৱ পেলাব ভোটযুদ্ধত বুলি কোনে কৰিছে দাবী?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-চিনেমা জগতৰ দৰে ৰাজনীতিত সফল হ’ব পাৰিবনে বলীউড কুইন কংগনা ৰানাওট? এই প্ৰশ্ন এতিয়া বহুতেই উত্থাপন কৰিছে। হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা কেন্দ্ৰৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দিতাত নামিছে কংগনা ৰানাউট। বলীউডত নিজৰ অভিনয় দক্ষতাৰে স্থান দখল কৰা কংগনা বহু সময়ত বহু মন্তব্যৰে বিতৰ্কতো সোমাই পৰিছে। ভোটযুদ্ধত নামি এইবাৰ দিল্লী যাত্ৰা কৰিব পাৰিবনে কংগনাই? কংগনাৰ ৰাজনৈতিক কেৰিয়াৰ সম্পৰ্কে জ্যোতিষবীদে কৰিছে বিশেষ ভৱিষ্যতদ্বাণী।

কঙ্গনাৰ জন্মছক
হিমাচল প্ৰদেশৰ মাণ্ডি জিলাত ১৯৮৭ চনৰ ২৩ মাৰ্চত জন্মগ্ৰহণ কৰিছিল কঙ্গনা ৰানাউটে। তেওঁ মিথুন ৰাশিৰ জাতক। তেওঁৰ জন্মছকত অধিপতি গ্ৰহ বুধ ভাল অৱস্থানতেই আছে। সপ্তম ঘৰত চন্দ্ৰই অৱস্থান কৰাৰ লগতে দশম ঘৰত অৱস্থিত সূৰ্য। চন্দ্ৰৰ শুভ অৱস্থানে তেওঁৰ ব্যক্তিত্ব আকৰ্ষণীয় কৰি তুলিছে। ইয়াৰোপৰি সূৰ্যৰ শুভ অৱস্থানৰ প্রভাৱত নিজৰ কামত সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰোপৰি সূৰ্যৰ প্ৰভাৱে তেওঁক জেদী আৰু শক্তিশালী মানসিকতাৰ অধিকাৰী কৰি তুলিছে। কঙ্গনাৰ জন্মছকৰ দশম ঘৰত বৃহস্পতি আৰু সূৰ্যৰ মিলনত গঠিত হৈছে ৰাজলক্ষণ যোগ। এই যোগে ধৰ্মীয় কাম আৰু ৰাজনীতিত ভাল ফল দিব। ইয়াৰোপৰি ৰাহুৰ অৱস্থানে ৰাজনীতিত সফল হোৱাত সহায় কৰিব কঙ্গনাক।

কি হ’ব লোকসভা নিৰ্বাচনত?
এপ্ৰিলৰ পৰা সূৰ্যৰ অন্তৰ্দশা আৰু মঙ্গলৰ মহাদশাৰ মাজত থাকিব কঙ্গনা। এই সময় চলিব আগষ্ট মাহ পৰ্যন্ত। এই সময়ৰ মাজত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ ফলাফলো ঘোষণা কৰা হ’ব। অন্তৰ্দশাত সূৰ্য কোষ্ঠীৰ দশম ঘৰত শক্তিশালী স্থানত আছে। সূৰ্যৰ এই দশাই কঙ্গনাক ৰাজকীয় ক্ষমতা দিব পাৰে। ইয়াৰোপৰি মঙ্গল আৰু সূৰ্যৰ যৌথ দশাই কঙ্গনা ৰানাওটৰ জয়ৰ সম্ভাৱনা প্ৰৱল কৰি তুলিছে। কেৱল সেয়াই নহয় নিৰ্বাচনত জয়ী হৈ তেওঁ দায়িত্বও পাব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *