‘হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

‘হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা!’ ঘৰৰ বন কৰা মহিলাগৰাকীক সুধিহে বিজেপিত যোগদান কমল মেধিৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অৱশেষত গেৰুৱা বসন পিন্ধিলে কমল কুমাৰ মেধিয়ে। কমলৰ টুপি পিন্ধাৰ পূৰ্বেই কমল মেধিয়ে কৰিছে কেইবাটাও বিশেষ মন্তব্য। কমলে কয়, ”মই বিজেপিলৈ আহোতে কাৰো পৰামৰ্শ লোৱা নাই। কোনো বুদ্ধিজীৱীৰ পৰামৰ্শ লোৱা নাই। বিজেপিত যোগদান কৰিছো গাওঁৰ ঘৰত কাম কৰা মহিলাজনীক সুধিছো। এটা সময়ত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছিলো। এতিয়া সকলোতে কেৱল উন্নয়নৰ বাতৰি।’

বিজেপিলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কমল কুমাৰ মেধি। মুখ্যমন্ত্ৰীৰ প্ৰতিটো কথাই পৰ্যবেক্ষণ কৰিহে বিজেপিলৈ আহিছে কমল বুলিও তেওঁ মন্তব্যত উল্লেখ কৰিছে। কমলে কয়, ‘মোক যিমান ট্ৰল কৰে কৰক। অসমৰ উন্নয়নৰ বাবে ৰাজনীতিত এটাই নাম আছে, তেঁৱেই হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিজেপি নকৰি কি কৰিম? মই দল বাগৰিছো। কিন্ত কোনোৱে ১ টকা খোৱা বুলি ক’ব নোৱাৰে। কোনো উচ্চাকাংক্ষা মোৰ নাই। যি কাম দিয়ে সুচাৰুৰূপে কৰি দেখুৱাম। হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিৰ নক্ষত্ৰ আমিতো জোনাকী পৰুৱা।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *