কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

কোষ্ঠীত কালসৰ্প দোষ আছিল শ্ৰী কৃষ্ণৰো! জন্মাষ্টমীৰ এই সময়ত এইকেইটা উপায় অৱলম্বন কৰিলেই কালসৰ্প দোষৰ পৰা মুক্তি পাব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জ্যোতিষ শাস্ত্ৰ অনুসৰি যদি কোষ্ঠীত ৰাহু আৰু কেতু থাকে অন্য সকলো গ্ৰহ ৰাহু আৰু কেতুৰ মাজত থাকে তেন্তে কালসৰ্প দোষৰ সৃষ্টি হয়। অত্যন্ত অশুভ দশা বুলি এই দশাক মনা হয়। জন্মৰ পৰাই কালসৰ্প দোষ থাকিলে সেই জাতকসকল নানান সমস্যাৰ মাজত পৰে। কালসৰ্প দোষৰ পৰা সহজে মুক্তি পোৱা সম্ভৱ নহয়। শাস্ত্ৰ অনুসৰি স্বয়ং শ্ৰী কৃষ্ণৰো কালসৰ্প দোষ আছিল। সেই কাৰণে তেঁওৰ জন্ম কাৰাগাৰৰ অন্ধকাৰত হৈছিল। কালসৰ্প দোষৰ কাৰণেই জন্মৰ পাছতে পিতৃ-মাতৃৰ সৈতে শ্ৰী কৃষ্ণৰ বিচ্ছেদ হৈছিল। কালসৰ্প দোষৰ কাৰণেই প্ৰেয়সী ৰাধাৰ সৈতে বিবাহৰ সম্পৰ্ক গঢ়ি তুলিব পৰা নাছিল শ্ৰী কৃষ্ণই।

কোষ্ঠীৰ এই অশুভ দশাৰ কাৰণে জীৱনত নানান বাধা আহে। আপোনাৰো যদি কালসৰ্প দোষ আছে তেন্তে কেইটামান জন্মাষ্টমীৰ এই সময়ত কৰিলে সুফল পাব। জন্মাষ্টমীত কালসৰ্প দোষ দুৰ কৰাৰ উপায়।

ময়ূৰৰ পাখি লগত ৰাখক
কালসৰ্প দোষ আঁতৰাবলৈ ময়ূৰৰ পাখি লগত ৰাখক। কাৰণ ময়ূৰ সাপৰ শত্ৰু। আপোনাৰ কোষ্ঠীত যদি কালসৰ্প দোষ আছে তেন্তে জন্মাষ্টমী পুজাত কৃষ্ণক এটা ময়ূৰ পাখি অৰ্পণ কৰক। পুজাৰ অন্তত এই পাখি নিজৰ ৱালেটত ৰাখি থব।

বিন্দ দামোদৰ স্তোত্ৰ পাঠ
কালসৰ্প দোষ আঁতৰাবলৈ জন্মাষ্টমীৰ সময়তেই গোবিন্দ দামোদৰ স্তোত্ৰ পাঠ কৰক। ইয়াৰ ফলত সংসাৰত সুখ আৰু সমৃদ্ধি আহিব। গোবিন্দ স্তোত্ৰ পাঠ কৰিলে ঘৰত পজিটিভ এনাৰ্জী আহে। পৰিয়ালৰ সদস্যৰ মাজত প্ৰেমভাৱ বৃদ্ধি পাব।

বাঁহী নিবেদন কৰক
বাঁহী হ’ল শ্ৰী কৃষ্ণৰ অত্যন্ত প্ৰিয়। জন্মাষ্টমী পুজাত গোপালৰ কাষত এডাল বাঁহী থ’বলৈ নাপাহৰিব। কোষ্ঠীত কালসৰ্প দোষ থাকিলে ৰাহু আৰু কেতুৰ অশুভ বিস্তাৰ সাধন হয়। শ্ৰী কৃষ্ণক বাঁহী অৰ্পণ কৰি ঘৰৰ পৰা নিগেটিভ এনাৰ্জী দূৰ কৰিব পাৰে। পুজাৰ অন্তত এই বাঁহী মূল দৰ্জাৰ কাষত ওলোমাই ৰাখিব পাৰে।

দৰ্শনৰ দ্বাৰা কালসৰ্প দোষ আঁতৰাওক
জন্মাষ্টমী পুজাত গোপালৰ বিগ্ৰহৰ ওপৰিও কালীয়া নাগৰ ওপৰত নৃত্যৰত কৃষ্ণৰ এখন ফটো ৰাখক। এই ছবি নিয়মিত দৰ্শন কৰিলেও কালসৰ্প দোষ আঁতৰি যায়। ইয়াৰোপৰি মথুৰাত কালীয়া নাগৰ মন্দিৰ দৰ্শন কৰাটো শুভ। এই মন্দিৰৰ বিশেষত্ব হ’ল কৃষ্ণৰ হাতৰ পৰা বাচিবলৈ কালীয়া নাগে যেতিয়া পলায়ন কৰিছিল তেতিয়া কৃষ্ণই তাক পাথৰলৈ ৰূপান্তৰ হ’বলৈ অভিশাপ দিয়ে। সেই পাথৰেই বিশেষ মন্দিৰটোত আছে। এই পাথৰ দৰ্শন কৰিলেও কালসৰ্প দোষ আঁতৰি যায়।

ৰূপ বা কাঁচৰ সামগ্ৰী অৰ্পণ কৰক
জন্মাষ্টমী পুজাত শ্ৰী কৃষ্ণক ৰূপ বা কাঁচৰে তৈয়াৰ কৰা গোলাকাৰ বস্তু নিবেদন কৰক। পুজাৰ পাছত এই সামগ্ৰী নিজৰ লগত ৰাখিবলৈ নাপাহৰিব। ইয়াৰ ফলত আপুনি কালসৰ্প দোষৰ পৰা মুক্তি পাব।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *