২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

২৪ বছৰৰ পাছত একেলগে অস্ত যাব বৃহস্পতি-শুক্ৰ, ৩ৰাশিৰ বাঢ়িব দুৰ্ভোগ, পৰিত্ৰাণৰ উপায় আছেনে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু শুক্ৰ উভয়েই শুভ গ্ৰহ৷ এই দুই গ্ৰহৰ উপস্থিতিতেই কোনো শুভ অনুষ্ঠানৰ দিনো লোৱা হয়৷ কিন্তু নিজৰ বিচৰণকালত এই দুই গ্ৰহই কোনো কোনো সময়ত অস্তও যায়৷ এই অস্ত যোৱাৰ সময়ত কোনো শুভ অনুষ্ঠান পতা নহয়৷ এই দুই গ্ৰহ একেলগে অস্ত গ’লে কেইটামান ৰাশিৰ জাতকলৈ আহে বেয়া খবৰ৷ জ্যোতিষ গণনা অনুসৰি ২৮ এপ্ৰিলত শুক্ৰ অস্ত গৈছে৷ ২৯ জুন পৰ্যন্ত মেষ ৰাশিত অস্ত থাকিব শুক্ৰ৷ ইয়াৰ পাছতেই ৩মেত বৃষ ৰাশিত বৃহস্পতি অস্ত গৈছে৷

৬ জুন পৰ্যন্ত বৃহস্পতি অস্ত থাকিব৷ গণনা অনুসৰি শুক্ৰ আৰু বৃহস্পতি ২৪ বছৰৰ অন্তত একেলগে অস্ত থাকিব৷ এই পৰিস্থিতিত কোনো শুভ কাম কৰাটো বাদেই বৰং কেইটামান ৰাশিৰ জাতক অত্যন্ত সাৱধানে থকাটো ভাল৷ এই দুই শুভ গ্ৰহ অস্ত যোৱাৰ সময়ত কেইটামান ৰাশিৰ জাতক সতৰ্ক হৈ থকাটো ভাল৷

বৃষ ৰাশি

বৃহস্পতি আসু শুক্ৰৰ অস্ত দশা বৃষ ৰাশিৰ জাতকৰ বাবে অনুকূল নহয়৷ এই ৰাশিৰ জাতকৰ কেৰিয়াৰ সংক্ৰান্তীয় নানান সমস্যা আহিব পাৰে৷ কেৰিয়াৰত কিছু সমস্যা উৎপন্ন হ’ব পাৰে৷ সৰু সৰু কামৰ বাবেই একাধিক পৰিশ্ৰম কৰিব লগা হ’ব পাৰে বৃষ ৰাশিৰ জাতকে৷ বৰিষ্ঠ সদস্যসকলৰ সৈতে সম্পৰ্ক নষ্ট হ’ব৷ সহকৰ্মীয়ে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব৷ এই পৰিস্থিতিত অৱসাদৰ চিকাৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ বাবেও এই সময় ভাল নহয়৷ মুনাফাৰ সম্ভাৱনা নাই৷ আয় বৃদ্ধি পাব যদিও সমস্যা থাকিবই৷ ইয়াৰ ফলত অৰ্থ সঞ্চয়ৰ সম্ভাৱনা কমি যাব৷ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যজনিত সমস্যা হোৱাৰ বাবে ধন খৰচ হ’ব৷ ইয়াৰোপৰি প্ৰেম জীৱনত সমস্যা উৎপন্ন হ’ব৷ দাম্পত্য জীৱন অৱশ্যে অনন্দময় থাকিব৷

সিংহ ৰাশি

এই ৰাশিৰ দশম স্থানত বৃহস্পতি আৰু নৱম স্থানত শুক্ৰ অস্ত যাব৷ এই সময় সিংহ ৰাশিৰ জাতকৰ বাবে শুভ নহয়৷ এই ৰাশিৰ জাতকে সন্তানৰ কাৰণে চিন্তিত থাকিব৷ কামত একাধিক যাত্ৰা কৰিব লগা হ’ব পাৰে৷ কিন্তু এই ক্ষেত্ৰত লাভ অৰ্জনৰ সম্ভাৱনা কম৷ লক্ষ্য লাভৰ বাবে অধিক পৰিশ্ৰম কৰিব লগা হ’ব৷ চাকৰিয়াল জাতকে নিজৰ কামত সন্তুষ্ট নোহোৱাৰ বাবে চাকৰি পৰিবৰ্তন কৰিব৷ ইয়াৰোপৰি ব্যৱসায়ত অসফল হ’ব৷ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে৷ অৰ্থ সঞ্চয় কৰিব নোৱাৰিব৷ প্ৰেম জীৱনত সংগীৰ সৈতে কথাৰ কটাকটি হ’ব পাৰে৷ স্বাস্থ্যৰ যত্ন লওক৷

বৃশ্চিক ৰাশি

জ্যোতিষ গণনা অনুসৰি বৃশ্চিক ৰাশিৰ ষষ্ঠ স্থানত শুক্ৰ আৰু সপ্তম স্থানত বৃহস্পতি অস্ত যাব৷ যিয়ে বৃশ্চিক ৰাশিৰ জাতকৰ বাবে মুঠেও অনুকূল নহয়৷ এই ৰাশিৰ জাতকে ভাগ্যৰ সংগ লাভ নকৰিব৷ ব্যৱসায়ত ভাল পৰিণাম লাভ নকৰিব৷ এই ৰাশিৰ জাতকে আৰ্থিক লোকচানৰ মোকাবিলা কৰিব পাৰে৷ অংশীদাৰীৰ ব্যৱসায়ত সমস্যৰ সন্মুখীন হ’ব পাৰে৷ প্ৰেম আৰু দাম্পত্য জীৱনত সামঞ্জস্যৰ অভাৱে দেখা দিব পাৰে৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *