ঘোষিত হ’ল সাহিত্যত নোবেলজয়ীৰ নাম! জন ফছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ নোবেল

ঘোষিত হ’ল সাহিত্যত নোবেলজয়ীৰ নাম! জন ফছলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ নোবেল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চিকিৎসা বিজ্ঞান, পদাৰ্থবিজ্ঞান, ৰাসায়ন বিজ্ঞানৰ পাছত এইবাৰ ঘোষণা হ’ল সাহিত্যত নোবেলজয়ীৰ নাম৷ এইবৰ্ষত সাহিত্যত নোবেল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে জন ফছে৷ যিসকলক সমাজে এঘৰীয়া কৰি ৰাখে তেনে বিষয়বস্তুক লৈয়েই নাটক আৰু গদ্যধৰ্মী সাহিত্য ৰচনা কৰিছে জন ফছে৷ ১৯০১ চনৰ পৰা বিশ্বত নোবেল পুৰস্কাৰ দিয়াৰ পৰম্পৰা আৰম্ভ হৈছে৷

বৰ্তমান পৰ্যন্ত সাহিত্যত ১১৫গৰাকী সাহিত্যিকে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই পুৰস্কাৰ লাভ কৰিছে বৰ্তমানলৈ মুঠ ১৭গৰাকী মহিলাইয়ো৷ চলিত বছৰতেই জন ফছৰ এখন উপন্যাস প্ৰকাশিত হৈছিল৷ তেওঁৰ উপন্যাসৰ নাম হৈছে, ‘ফছ মিনিমালিজম’৷ এইখন তেওঁ লিখা দ্বিতীয় উপন্যাস৷ ১৯৮৫ চনত নোবেলজয়ী জন ফছৰ প্ৰথমখন উপন্যাস প্ৰকাশিত হৈছিল৷ তেওঁৰ প্ৰথমখন উপন্যাসৰ নাম হৈছে ‘ষ্টেংড গীটাৰ’৷

(সবিশেষ তথ্য লাভ কৰিবলৈ পেজ ৰিফ্ৰেছ কৰিব)

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *