১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

১০ নম্বৰ জাৰ্ছী মানেই সফলতা! মেছি, নেইমাৰ, পেলে, মাৰাডোনাৰ পৰা শচীন তেণ্ডুলকাৰলৈ সফল খেলুৱৈৰ জাৰ্ছী নম্বৰ ১০ কিয়?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: বিশ্বকাপ ফুটবলৰ জ্বৰ বিশ্ববাসীৰ। চৌদিশে কেৱল ফুটবলৰেই চৰ্চা। কিন্তু একোজন সাধাৰণ লোকক ধৰি ফুটবলৰ কথা সোধা হয়, বা ফুটবলত কোনজন খেলুৱৈ আপোনাৰ প্ৰিয় বুলি প্ৰশ্ন কৰা হয় তেন্তে পোনতেই সৰহসংখ্যকেই নাম লয় পেলে, মাৰাডোনা নতুবা মেছিৰ। আটাইকেইজনে কেলত প্ৰৱেশ কৰোতে পৰিধান কৰে একেই নম্বৰৰ জাৰ্চী। ফুটবল বুলিলেই ১০ নং জাৰ্চীৰে আছে বহুতৰে আৱেগ। এই নম্বৰৰ জাৰ্ছী পৰিধান কৰাসকলে ফুটবলত নাম-খ্যাতি যশ সকলো লাভ কৰিবলৈ সক্ষম হৈছে। এই জাৰ্ছী শ্ৰেষ্ঠ জনকহে দিয়া হয়। এই নম্বৰৰ জাৰ্ছী ফুটবলৰ ইতিহাসত আটাইতকৈ সন্মানজনক বুলি বহুতেই ধাৰণা কৰে।

কিয় ১০ নম্বৰ জাৰ্ছীকেই সকলোতকৈ আগত ৰাখে?
১০ নম্বৰ জাৰ্চী প্ৰথম চৰ্চালৈ আনিছিল পেলেই। ব্ৰাজিলৰ হৈ বিশ্বকাপত ভাগ লোৱা পেলে পোনতে পৰিধান কৰিছিল ১০ নম্বৰ জাৰ্চী। তাৰপাছতেই আৰ্জেণ্টিনাৰ মাৰাডোনাই উজ্বলাই তুলিছিল ১০ নং জাৰ্চীক। নতুন প্ৰজন্মৰ খেলুৱৈসকলৰো মুল আকৰ্ষণৰ কেন্দ্ৰ ১০ নং জাৰ্চী। বৰ্তমান ১০ নং জাৰ্চী পৰিধান কৰি সকলোৰে মাজত চৰ্চিত আৰ্জেণ্টিনাৰ খেলুৱৈ লিওনেল মেছি। বহুতেই মেছিক একক অনন্য বুলিও দাবী কৰে। কিন্তু মেছিয়েও কিয় ১০ নম্বৰ জাৰ্চীকেই বাচি ল’লে সেই প্ৰশ্ন বহুতেই উত্থাপন কৰে।

মেছিয়ে কিয় পৰিধান কৰে ১০ নং জাৰ্ছী?
বহুতৰে মনত প্ৰশ্ন, মেছিয়ে কিয় ১০ নম্বৰ জাৰ্ছীকেই বাছি লৈছে? মেছিয়ে কাৰোবাক অনুপ্ৰেৰণা হিচাপে লৈয়েই এই নম্বৰ বাছি লৈছে নেকি? মেছিয়ে ফুটবল খেলিবলৈ আৰম্ভ কৰাৰ প্ৰাৰম্ভিক কালত ১০ নং জাৰ্ছী পৰিধান কৰা নাছিল। মেছিয়ে পোনতে বাৰ্ছিলোনাৰ হৈ খেলিবলৈ আৰম্ভ কৰিছিল। প্ৰথম দলৰ হৈ খেল আৰম্ভ কৰোতে মেছিৰ জাৰ্ছী নং আছিল ৩০। কিন্তু কেইবছৰমান পাছত ৰোনাল্ডিহোনে দল ত্যাগ কৰে। দল ত্যাগ কৰাৰ সময়ত তেওঁৰ জাৰ্ছী নম্বৰ আছিল ১০। ৰোনাল্ডিনহোৰ সৈতে প্ৰায় একেই পাৰদৰ্শিতা খেলত দেখুওৱাৰ বাবে মেছিকেই ৰোনাল্ডিনহোৰ ঠাই দিলে দলটোৱে। তেতিয়াৰে পৰাই মেছিৰ জাৰ্ছী নম্বৰ হৈ পৰিল ১০।

পেলে, মাৰাডোনা, মেছিক বাদ দি আৰু কোনে কোনে পিন্ধে ১০ নং জাৰ্ছী?
পেলে, মাৰাডোনা, মেছিক বাদ দিও বহুতেই ১০ নং জাৰ্ছী পিন্ধে। ১০ নং জাৰ্ছী পিন্ধা ব্যক্তিসকলৰ ভিতৰত অন্যতম হৈছে, জুয়ান ৰোমান ৰিকলম, মিশেল প্লেটিনি, জোহান ক্ৰুইফ, ফেৰেন্স পুছকাৰ, জিনেডিন জিদান, ৰিভাল্ডো, ওয়েন ৰুনি, আলেছান্দ্ৰো দেল পিয়েৰো, ফ্ৰান্সেছকো টোট্ৰি, ছাৰ্জিও আগুয়েৰো, নেইমাৰ, ফিলিপে কুতিনহো, ৰবাৰ্তো বাজ্জিয়োসহ কেইবাজনো খেলুৱৈয়ে।

কিন্তু ১০ নং জাৰ্ছী পিন্ধিলেই সৰ্বাধিক চৰ্চিত হ’ব এনে নহয়। ১০ নং জাৰ্ছী পৰিধান কৰাসকলেই ভাল খেলুৱৈ হ’বই তেনে কথাও নহয়। ১০ নং জাৰ্ছী পৰিধান কৰাসকল ভাগ্যৱান তেনে কথাও নহয়। উদাহৰণস্বৰূপে ১০ নং জাৰ্ছী ৰিয়েল মাদ্ৰিকৰ বাবে ১০ নম্বৰ জাৰ্ছী ‘অভিশাপ’ হৈ পৰিছিল। কেৱল ফুটবলেই নহয় ক্ৰিকেটতো দেখা যায় ১০ নম্বৰ জাৰ্ছী। ক্ৰিকেটত ১০ নম্বৰ জাৰ্ছী পৰিধান কৰা খেলুৱৈসকলৰ ভিতৰত নাম ল’ব লাগিব শচীন তেণ্ডুলকাৰৰ। ইয়াৰোপৰি পাকিস্তানৰ শহিদ আফ্ৰিদী আৰু দক্ষিণ আফ্ৰিকাৰ এলেন ডোনাল্ডোৰ দৰে খেলুৱৈয়েও পৰিধান কৰে ১০ নম্বৰ জাৰ্ছী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *