মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

মন্ত্ৰী জয়ন্তমল্লই কৈছে, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিদ্বেষমূলক তথা সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘বদৰুদ্দিন আজমল প্ৰকৃততে এগৰাকী ৰাজনৈতিক সন্ত্ৰাসবাদী৷ কাৰণ তেওঁ যিধৰণৰ বক্তব্য দিছে, তাৰ পৰা এটা কথা স্পষ্ট যে, তেওঁ ৰাজনৈতিক সন্ত্ৰাস চলাব বিচাৰে৷’

মন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ বক্তব্যৰ ওপৰত ধিক্কাৰ দি কয়, ‘তেওঁ এজন সাংসদ হিচাপে অসমৰ লগতে সমগ্ৰ ভাৰতৰ সভ্যতা-সংস্কৃতি আৰু নাৰী জাতিসম্পৰ্কে যিধৰণৰ কুৎচিত মন্তব্য আগবঢ়ালে, সেয়া অতিকৈ লজ্জাজনক৷ অসমীয়া জাতি সজাগ হ’ব লাগিব৷ আমি আজমলক বাংলাদেশী মূলৰ মিয়াবিলাকৰ মহানায়ক হোৱাত বাধা দিব লাগিব৷’

জয়ন্তমল্ল বৰুৱাই ক্ষোভেৰে কয় যে, আজমলে ভাৰতবৰ্ষৰ সংস্কৃতিক কুঠাৰাঘাত কৰিছে৷ সনাতনী সভ্যতা-সংস্কৃতিৰ ওপৰত ইমান বিৰূপ মন্তব্য আগবঢ়াইছে যে অসমীয়া জাতিটোক আঘাত কৰিছে৷ অতি দুখজনক বিষয়টো হ’ল যে, অসমৰ পৰা বাংলাদেশীমূলৰ মানুহৰ দ্বাৰা হোৱা জনবিস্ফোৰণৰ বাবেই আজমলৰ নিচিনা মানুহক অসমৰ সাংসদ হিচাপে পাইছোঁ বুলিও আক্ষেপ প্ৰকাশ কৰে৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *