মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

মুক্তিৰ দিনাই হাতে হাতে ভাইৰেল জাৱান! কোটি টকাৰ লোকচানৰ আশংকা চিনেমা সমালোচকৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আজি মুক্তিলাভ কৰিছে শ্বাহৰুখ খানৰ বিগ বাজেটৰ ছবি জাৱানে। এই ছবিৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব’ চাবলৈ চিনেমাহল সমূহত ভিৰ কৰিছে জনতাই। দক্ষিণী পৰিচালক এটলিৰ নিৰ্দেশনাত একদম নতুন অৱতাৰ দেখা যাব শ্বাহৰুখ খানৰ। ছবিখন চাবৰ বাবে লাইন পাতিছে হাজাৰ হাজাৰ অনুৰাগীয়ে। এক ৰিপৰ্ট অনুসৰী প্ৰথম দিনাই ছবিখনে প্ৰায় ১০০ কোটি টকা আয় কৰিছে। ছবিখন মুক্তিৰ পাছতেই দুচিন্তাত ভূগিছে শ্বাহৰুখ। চিন্তাত পৰিছে টীম জাৱানৰ প্ৰতিজন সদস্যই। কাৰণ মুক্তিৰ কেইবাঘণ্টা পাৰ নৌহওঁতেই টৰেণ্ট ৱেবচাইটত ভাইৰেল হৈ পৰিছে ছবিখন।

কেনেকৈ ভাইৰেল হ’ল ছবিখন?
বিভিন্ন টৰেণ্ট ৱেবচাইট যেনে Tamilrockers, Movierulz আৰু Telegram এপত HD ৰূপতেই ভাইৰেল হৈছে ছবিখন। বহুতৰে দাবী মুক্তিৰ প্ৰথম দিনাই এনেকৈ ছবিখন ভাইৰেল হ’লে বক্স অফিচত প্ৰভাৱ পৰিব। যিমান আশা কৰা হৈছে তাতকৈ বক্স অফিচত কম ব্যৱসায় কৰিব ছবিখনে। পৰিসংখ্যা অনুযায়ী মুক্তি পোৱাৰ আগে আগেই ছবিখনৰ ৭.৫ লাখ টিকেট বুকিং হৈছিল। ভাৰত তথা বিশ্বজুৰি শ্বাহৰুখৰ ভক্তসকলে এই ছবি চাবলৈ অপেক্ষা কৰিছিল। তেনে সময়ত জাৱান পাইৰেছিৰ স্বীকাৰ হোৱাটোৱে বহুতৰে উৎসাহ কমাই দিয়াও পৰিলক্ষিত হৈছে।

কেৱল জাৱানেই নহয়, শ্বাহৰুখ খানৰ অভিনীত পাঠান, ছানি দেওলৰ গদৰ-২, অৱতাৰ-২, আদিপুৰুষ, ৰজনীকান্তৰ জেইলাৰ, ৰকি ঔৰ ৰানী কি প্ৰেম কাহানী, অএমজি-২ ইত্যাদিও পাইৰেচীৰ চিকাৰ হৈছে। এই বিষয়টোক লৈ বিগত সময়ত একাধিক অভিযোগো আনিছে ছবি নিৰ্মাতাসকলে। তেওঁলোকৰ অভিযোগ যে এই ধৰণৰ পাইৰেচীয়ে বক্স অফিচ কালেকচনত প্ৰভাৱ পেলাই। ইয়াৰ ফলত বিশেষকৈ নতুন ছবি নিৰ্মাতাসকল ক্ষতিগ্ৰস্থ হয়। এখন ছবি নিৰ্মাণ কৰিবলৈ প্ৰযোজকে কোটি কোটি টকা ব্যয় কৰে। অগণিত মানুহৰ পৰিশ্ৰম ইয়াৰ সৈতে যুক্ত হৈ থাকে। অনলাইনত ছবিৰ পাইৰেচী হ’লে চিনেমাহলত লৈ ছবিখন চাবলৈ দৰ্শকে আগ্ৰহ প্ৰকাশ নকৰে। দেশৰ কপিৰাইট এক্ট ১৯৫৭ অনুযায়ী, পাইৰেচী এক দণ্ডনীয় অপৰাধ। পূৰ্বে সমস্ত চাইটসমূহৰ বিৰুদ্ধে একাধিক ব্যৱস্থা লোৱা হৈছিল। কিন্তু প্ৰতিবাৰেই দেখা গৈছে যে ছাইবাৰ অপৰাধীয়ে পুৰণি চাইট ব্লক কৰি নতুন ডমেইন লয়। তেতিয়া নতুন চাইটটোত চিনেমাখন আপলোড কৰে। শেহতীয়াকৈ জাৱানৰ পাইৰেচীৰ পাছতেই এই ৱেবচাইটসমূহক লৈ সৰৱ হৈ পৰিছে চিনেমা নিৰ্মাতা এটলী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *