এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

এদিন ফটোশ্বপত শ্বাহৰুখ খানৰ সৈতে নিজৰ ফটো জইন কৰা সেই বিশেষ লৰাজন! এটলী কুমাৰৰ এটা কথাতেই শ্বাহৰুখে কিমান ধন ব্যয় কৰিলে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দক্ষিণৰ জনপ্ৰিয় পৰিচালক এটলি কুমাৰ। ১০ বছৰ আগত নিজৰ সামাজিক মাধ্যমত শ্বাহৰুখৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল এটলি কুমাৰে। কিন্তু ফটোখন শ্বাহৰুখৰ সৈতে তোলা নহয় ফটোখন আছিল ফটোশ্বপত ইডিট কৰা। সেই সময়ত এটলিয়ে সপোন দেখিছিল সঁচাকৈয়ে যদি শ্বাহৰুখক এবাৰ লগ পোৱা হ’লে! সেই তৰুণ পৰিচালক এটলীয়ে এতিয়া শ্বাহৰুখৰ চিনেমাৰ স্ক্ৰিপ্ট লিখিছে। তেওঁ লিখা চিনেমাৰ কাহিনীয়ে দেশজুৰি চৰ্চা লাভ কৰিছে।

এইসমূহৰ মাজতে আন এক চৰ্চাও চলিছে। এটলী কুমাৰে তামিলৰ ছবি চোৰ কৰি জাৱান ছবিখন লিখিছে। কিন্তু এই অভিযোগ তেওঁৰ সাফল্যৰ কাষত একেবাৰেই নিষ্প্ৰভ। এটলীৰ জীৱনৰ প্ৰথম হিন্দী ছবিৱ শ্বাহৰুখৰ সৈতেই। প্ৰথমখন ছবিয়েই ব্লকপ্লাষ্টাৰ। কিন্তু এটা সময় আছিল যেতিয়া এটলিক কোনোৱে ভৰষা কৰা নাছিল। স্ক্ৰিপ্ট হাতত লৈ পদুলিয়ে পদুলিয়ে ঘূৰি ফুৰিছিল এটলী। ছবিৰ স্ক্ৰিপ্ট ললেও এই স্ক্ৰিপ্টৰ বাবদ ৩০ কোটি টকাও দিব খোজা নাছিল প্ৰযোজকে।

এতিয়া সেই এটলী কুমাৰৰ এটা মাত্ৰ ফোনতেই শ্বাহৰুখে জাৱান ছবিখন কৰাৰ প্ৰস্তাৱ ৰাখিছিল। জাৱানে বৰ্তমানলৈ দেশত ৪০০ কোটিৰ ব্যৱসায় কৰিছে। ৮ দিনত ৪০০ কোটিৰ ব্যৱসায় কৰিছে ছবিখনে। বিশ্বব্যাপী ছবিখনে ৮০০ কোটিৰ সীমা পাৰ কৰিছে। ছবিখন ব্লকবাষ্টাৰ বুলি ইতিমধ্যে ঘোষিতও হৈছে। কিন্তু এই ছবিৰ লেখকে এই ছবিৰ বিনিময়ত কিমান ধন লৈছে জানেনে?

ছবি মুক্তিৰ এসপ্তাহ পাছত শ্বাহৰুখে এখন সংবাদমেল আয়োজন কৰিছে। যশৰাজ ষ্টুডিঅ’ত সাংবাদিকৰ সৈতে বাৰ্তালাপত মিলিত হৈছে শ্বাহৰুখ। তাতেই শ্বাহৰুখে কয়, ‘বিগত চাৰি বছৰ ধৰি এই ছবিৰ কাহিনীৰ সৈতে মই যুক্ত হৈ আছো। মাজত কৰ’না আহিল। কামবোৰ পিছুৱাই গ’ল। কিন্তু আজি আমি সেই পৰিশ্ৰমৰ ফল পাইছো।’ একাধিক তৰকা এই ছবিৰ সৈতে যুক্ত হৈ আছে। ছবিৰ বাজেটো বহু বেছি। আনহাতে তাৰকাসকলৰ পাৰিশ্ৰমিকো যথেষ্ট। তাৰমাজতেই ছবিখনৰ লেখক এটলিয়েও ছবিখনক লৈ মুখ খুলিছে। তেওঁ কয়, ‘মোৰ মনত ভালকৈয়ে আছে। সেই সময় কৰ’নাৰ ভৰপক সময়। মই ফোনতে শ্বাহৰুখ খানক গল্পটো বুজাই কৈছিলো। চিনেমাহল সমূহ তেতিয়া প্ৰায় বন্ধ হৈ আছিল। সমগ্ৰ ইণ্ডাষ্ট্ৰীয়ে আতংকিত। কোনো প্ৰযোজকেই ছবি নিৰ্মাণ কৰিবলৈ সাহ কৰা নাই। ছবিৰ কাহিনীৰ বাবে মোক তেতিয়া ৩০ কোটি দিবলৈকে কোনো ৰাজী নহয়। কিন্তু শ্বাহৰুখ ছাৰে কাহিনী শুনিয়েই মোক ৩০০ কোটি অফাৰ কৰে।’

এটলিয়ে লগতে কয়, ‘আমি ছবিখনৰ বাজেট পোনতে ৩০০ কোটি ভাৱিছিলো যদিও পাছলৈ সেয়া বৃদ্ধি হৈছে। আজি ছবিখনক বিশ্ববাসীয়ে ভাল পাইছে। আমি এই সফলতাত নথৈ আনন্দিত হৈছো।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *