তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

তৃতীয় দিনাই আদিপুৰুষৰ ৰেকৰ্ড ভাঙি শীৰ্ষত জাৱান, বিশ্বজুৰি মুঠ কিমান আয় কৰিলে শ্বাহৰুখৰ ছবিয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জাৱানে যেন প্ৰতিটো বলতেই ছিক্স কোবাইছে৷ মুক্তিলাভ কৰাৰ পাছৰে পৰাই ছবিখনক লৈ দৰ্শকৰ বিপুল উছাহ দেখা গৈছে৷ শ্বাহৰুখৰ মেজিক আকৌ এবাৰ দেখিছে দেশবাসীয়ে৷ প্ৰথমদিনাই ছবিখনে বক্স অফিচয় আয় কৰিছে ৭৫ কোটি৷ মাত্ৰ তিনিদিনতেই বিশ্বজুৰি জাৱানে আয় কৰিছে ৩৫০ কোটি৷ দুদিনত শ্বাহৰুখ অভিনীত ছবিখনে আয় কৰিছিল ২৪০ কোটি৷ দুদিনত সৰ্বাধিত আয় কৰা ছবি আদিপুৰুষৰ ৰেকৰ্ড ভাঙিছে জাৱানে৷ প্রভাছ অভিনীত আদিপুৰুষে দুদিনত আয় কৰিছিল ২৪০ কোটি৷ কিন্তু প্ৰথম দুদিনৰ দৰে তৃতীয় দিনা আয় কৰিব নোৱাৰিলে আদিপুৰুষে৷ সদ্য মুক্তিপ্ৰাপ্ত জাৱানে আদিপুৰুষৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে৷

প্রভাছ আৰু শ্বাহৰুখৰ মাজত তুলনা কৰা এখন বিশেষ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ জাৱানে তিনিদিনত বিশ্বজুৰি আয় কৰিছে ৩৫০ কোটি আনহাতে প্রভাছ অভিনীত আদিপুৰুষে ৩ দিনত বিশ্বজুৰি আয় কৰিছিল ৩৪০ কোটি৷ তৃতীয়টো দিনত ভাৰতত সৰ্বাধিক আয় কৰিছে জাৱানে৷ ভাৰতত তৃতীয় দিনত বিক্ৰি হৈছে ২৭,৫১,৫৮১ টিকট৷ জাৱানৰ হিন্দী ভাৰ্ছনত ৭৩.৭৬কোটি, তামিল ভাৰ্ছনত ৫.৩৮ কোটি আৰু তেলেগু ভাৰ্ছনত ৩.৭৮ কোটি টকা আয় কৰিছে৷ অৰ্থাৎ তৃতীয় দিনত মুঠ ৮২.৮৪ কোটি টকা আয় কৰিছে জাৱানে৷

উল্লেখ্য যে ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰিছে জাৱানে৷ এই ছবিত দ্বৈত চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খানে৷ প্ৰধান নাৰী চৰিত্ৰত আছে নয়নতৰা৷ খলনায়কৰ ভূমিকাত দেখা গৈছে বিজয় সেতুুপতিক৷ ইয়াৰোপৰি অন্যান্য চৰিত্ৰত আছে কেনী বসুমতাৰী, ছানিয়া মলহোত্ৰা, সুনীল গ্ৰোভাৰকে ধৰি কেইবাজনো অভিনেতা৷ দীপিকা পাডুকন আৰু সঞ্জয় দত্তক ছবিখনত কেমিঅ’ ৰুলত দেখা গৈছে৷ এটলী পৰিচালিত ছবিখনে এতিয়া দেশজুৰি চৰ্চিত ছবি হৈ পৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *