প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

প্রথম দিনাই ১০০ কোটি? বক্স অফিচত ছুনামী অনাই নহয় জাৱানে গঢ়িলে আন কেইবাটাও ৰেকৰ্ড

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- বক্স অফিচত ছুনামী। নিজেই নিজৰ ৰেকৰ্ড ভাঙিলে বাদশ্বাদে। প্ৰথম দিনাৰ ব্যৱসায়ৰ নিৰিখত ৰেকৰ্ড গঢ়িছিল শ্বাহৰুখৰ পাঠানে। পাঠানৰ পাছত এইবাৰ জাৱান।
জাৱানে বক্স অফিচত প্ৰথম দিনাই আয় কৰিছে ৭৫ কোটি টকা। ছবিখনে একাধিক ভাষাত মুক্তি লাভ কৰিছে। ইয়াৰ মাজতে কেৱল হিন্দী ভাৰ্ছনৰ পৰা আয় কৰিছে ৬৫ কোটি আৰু বাকী ১০ কোটি আয় কৰিছে তামিল, তেলেগু ভাৰ্ছনৰ পৰা।

বক্স অফিচ ইণ্ডিয়াৰ তথ্যই প্ৰকাশ মতে প্ৰথম দিৱা ছবিখনৰ হিন্দী ভাৰ্ছনে আয় কৰিছে ৬৫ কোটি টকা। তাৎপৰ্যপূৰ্ণভাৱে পাঠানে প্ৰথম দিনাই আয় কৰিছিল ৫৬ কোটি। অৰ্থাৎ জাৱানেৰে শ্বাহৰুখে নিজেই পাঠানৰ ৰেকৰ্ড ভংগ কৰিলে। নতুন কি কি ৰেকৰ্ড গঢ়িলে জাৱানে?

জন্মাষ্টমীৰ দিনা জাৱানৰ মুক্তি শ্বাহৰুখ খানৰ মাষ্টাৰষ্টক বুলিও বহু বিশেষজ্ঞই ধাৰণা কৰিছে। বুধবাৰে নিশা ২বজাৰ পৰাই শ্বাহৰুখৰ ছবি চাবলৈ ভিৰ কৰিছে ভক্তই। স্বাভাৱিকভাৱেই প্ৰশ্ন উত্থাপন হৈছে শ্বাহৰুখে কি কি ৰেকৰ্ড ভাঙিলে?

১) জাৱান বৰ্তমান পৰ্যন্ত সৰ্বোচ্চ আয় কৰা কৰা হিন্দী ছবি। কেৱল সেয়াই নহয়, মুক্তিৰ দিনা ৬০ কোটিৰ ব্যৱসায় কৰা প্ৰথম হিন্দী ছবিৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে জাৱানে।
২) গুজৰাট আৰু পশ্চিমবংগত জাৱানে সৰ্বাধিক ব্যৱসায় কৰিছে। পাঠানৰ হিন্দী ভাৰ্ছনৰ পৰাই জাৱানে সৰ্বাধিক আয় কৰিছে।
৩) এডভান্স বুকিঙতো ৰেকৰ্ড গঢ়িছে জাৱানে। মুক্তিৰ আগে আগে ছবিখনে ৫.৫৭ লাখ টিকেট বিক্ৰি কৰিছে।
৪) জাৱানে একাধিক ভাষাত মুক্তিলাভ কৰিছে। দেশৰ ভিতৰত চেন্নাইত সৰ্বাধিক ব্যৱসায় কৰিছে ছবিখনে। মুম্বাইত ছবিখনে ব্যৱসায় কৰিছে ৫৫ শতাংশ। হায়দৰাবাদত ব্যৱসায় কৰিছে ৭৫ শতাংশ।
৫) একাধিক দেশত মুক্তি লাভ কৰিছে জাৱানে। পিংকভিলাৰ ৰিপৰ্ট অনুসৰি প্ৰথম দিনা জাৱানৰ গ্লৱেল কালেকশ্ব্যন ৮৫ কোটি। সেই ক্ষেত্ৰত প্ৰথম দিনাই সমগ্ৰ বিশ্বজুৰি ১৩০ কোটিৰ ব্যৱসায় কৰিছে ছবিখনে। কেৱল ভাৰততেই আয় কৰিছে ৮৫ শতাংশ।
৬) শ্বাহৰুখৰ জাৱানৰ পূৰ্বে দক্ষিণৰ ছবিসমূয়েহে এনেদৰে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। RRRয়ে প্রথম দিনা ব্যৱসায় কৰিছিল ২২৩.৫ কোটি, বাহুবলী-২য়ে আয় কৰিছিল ২১৪.৫ কোটি আৰু কেজিএফ চেপ্টাৰ-২ য়ে আয় কৰিছিল ১৬৮.৫ কোটি।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *