জন্মাষ্টমী কেতিয়া? জন্মাষ্টমীৰ পূৰ্বেই ঘৰলৈ এই ৬ বিধ সামগ্ৰী আনিলেই সুখ সমৃদ্ধিৰ লগতে হাতলৈ আহিব ধন

জন্মাষ্টমী কেতিয়া? জন্মাষ্টমীৰ পূৰ্বেই ঘৰলৈ এই ৬ বিধ সামগ্ৰী আনিলেই সুখ সমৃদ্ধিৰ লগতে হাতলৈ আহিব ধন

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কৃষ্ণ জন্মাষ্টমী হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। ভাদমাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত কৃষ্ণ অৱতাৰ লৈ মৰ্ত্যত জন্মগ্ৰহণ কৰিছিল বিষ্ণুয়ে। সেয়ে এই তিথিক কৃষ্ণ জন্মাষ্টমী বুলি কোৱা হয়। ৰোহিনী নক্ষত্ৰত মথুৰাত মাজনিশা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ। কৃষ্ণ লীলাৰ কথা আমাৰ সকলোৰেই জ্ঞাত। চলিত বছৰত কেতিয়া কৃষ্ণ জন্মাষ্টমী?

চলিত বৰ্ষৰ ৬ ছেপ্টেম্বৰৰ দুপৰীয়া ৩ বাজি ৩৮ মিনিটত অষ্টমী তিথি আৰম্ভ হ’ব। শেষ হ’ব ৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৪ বাজি ১৫ মিনিটত। কৃষ্ণই মাজৰাতি জন্মগ্ৰহণ কৰিছিল। জন্মাষ্টমীৰ পূজাও সেয়ে মাজনিশাই কৰা হয়। এইবাৰো ৬ ছেপ্টেম্বৰতেই জন্মাষ্টমী পালন কৰা হ’ব। জন্মাষ্টমী পুজাৰ শুভ সময় আৰম্ভ হ’ব মাজনিশা ১২ বাজি ২ মিনিটত। ১২ বাজি ৪৮ মিনিটত এই শুভ সময় শেষ হ’ব।

জন্মাষ্টমীৰ মাহাত্ম্য আৰু বিশ্বাস
প্ৰচলিত বিশ্বাস অনুসৰি কৃষ্ণ জন্মাষ্টমী তিথিত কৃষ্ণৰ পূজাঅৰ্চনা কৰিলে ব্যক্তিৰ সমস্ত মনোকামনা পূৰ্ণ হয়। জন্মাষ্টমীত বালক কৃষ্ণক পঞ্চামৃত দি অভিষেক কৰিলে বিশেষ আশীৰ্বাদ লাভ কৰিব। শ্ৰী কৃষ্ণৰ প্ৰিয় মাখন ভোগ হিচাপে আগবঢ়ালে সুফল পাব। কৃষ্ণৰ বালক ৰূপক পূজা কৰিলে সন্তান সুখ লাভ কৰিব।

এই জন্মাষ্টমীত ঘৰলৈ কি কি সামগ্ৰী আনিলে ভাল?

কৃষ্ণ জন্মাষ্টমী উপলক্ষ্যে কেইবিধমান সামগ্ৰী ঘৰলৈ আনিব পাৰে। ইয়াৰফলত পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পায়।
১) জন্মাষ্টমীত বালক কৃষ্ণৰ ছবি ঘৰলৈ আনিব। ইয়াৰ ফলত পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব।
২) এই তিথিত ঘৰত কামধেনু গৰুৰ ছবি বা মূৰ্তি আনিলে কেৰিয়াৰত উন্নতি হ’ব।
৩) ময়ূৰৰ পাখী শ্ৰী কৃষ্ণৰ অত্যন্ত প্ৰিয়। জন্মাষ্টমীত ঘৰলৈ ময়ূৰপাখি আনিব পাৰে। ইয়াৰ ফলত ঘৰলৈ ধন আগমনৰ পথ প্ৰশস্ত হ’ব।
৪) বাঁহী শ্ৰী কৃষ্ণৰ প্ৰিয়। বাস্ত দোষ দূৰ কৰিবলৈ জন্মাষ্টমীত ঘৰলৈ বাঁহী আনিব পাৰে। ফলত সৌভাগ্য বৃদ্ধি পাব।
৫) জন্মাষ্টমীত ঘৰত বীণাও আনিব পাৰে। বীণা আনিলে সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিব।
৬) এই তিথিত মৌ আনি কৃষ্ণক ভোগত অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত পৰিয়ালত ধনৰ অভাৱ নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *