বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়েই জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা! বংশীধৰৰ প্ৰিয় বাঁহীয়েই জন্মাষ্টমীৰ পৰাই আপোনাৰ জীৱনলৈ শান্তি কঢ়িয়াই আনিব, ঘৰলৈ কি বাঁহী আনিলে সুফল পাব?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰাখী পুৰ্ণিমাৰ দৰে জন্মাষ্টমীও এইবাৰ দুদিন ধৰি পালন কৰা হ’ব। ৬আৰু৭ ছেপ্টেম্বৰত পালন কৰা হ’ব জন্মাষ্টমী। ভাদমাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এই দিনটোতেই বিষ্ণুৰ অন্যতম অৱতাৰ শ্ৰী কৃষ্ণই দুষ্টক দমন আৰু শিষ্টক পালন কৰিবলৈ আবিৰ্ভাৱ হৈছিল। শ্ৰীকৃষ্ণ বুলিলেই আমাৰ চকুৰ আগত ভাঁহি উঠে বংশীধৰ শ্ৰী কৃষ্ণৰ এটা প্ৰতিচ্ছবি। বাঁহী অবিহনে শ্ৰী কৃষ্ণ আধৰুৱা। শ্ৰী কৃষ্ণৰ বাঁহী অত্যন্ত প্ৰিয় আছিল। তেওঁৰ বাঁহীৰ সুৰে কেৱল মানুহকেই নহয়, বনৰ পশু-পক্ষীৰো মন হৰণ কৰিছিল।

জন্মাষ্টমীৰ প্ৰাকক্ষণত আমি বাঁহীৰ কথা কোৱাৰ কাৰণ এটাই, শ্ৰী কৃষ্ণক সন্তুষ্ট কৰিবলৈ জন্মাষ্টমীৰ প্ৰাকক্ষণত আপুনিও ঘৰলৈ আনিব পাৰে কৃষ্ণৰ প্ৰিয় বাদ্যযন্ত্ৰ বাঁহী। জন্মাষ্টমীত বাঁহী ঘৰলৈ আনিলে শ্ৰীকৃষ্ণৰ আশীৰ্বাদত ঘৰলৈ সুখ আৰু সমৃদ্ধি আহিব। বাস্তুশাস্ত্ৰ অনুসৰিও বাঁহীৰ বিশেষ মাহাত্ম্য আছে। ঘৰত বাঁহী থাকিলে পজিটিভ এনাৰ্জীৰ শুভ প্ৰভাৱ ঘৰত পৰে। ইয়াৰ ফলত ঘৰৰ নিগেটিভ এনাৰ্জী দূৰ হয়। জন্মাষ্টমীত বাঁহী আনিলে আপোনাৰ সুখ সৌভাগ্য বৃদ্ধি হ’ব।

ব্যৱসায়ত উন্নতি

আপুনি যদি ব্যৱসায়ত দীৰ্ঘদিন ধৰি লোকচানৰ সন্মুখীন হৈ আছে তেন্তে জন্মাষ্টমীৰ এই সময়তেই ঘৰলৈ আনক এডাল বাঁহী। জন্মাষ্টমীৰ দিনটোত শ্ৰী কৃষ্ণৰ সৈতে বাঁহীৰো পূজা কৰক। পূজাৰ পাছতেই বাঁহীটো আপোনাৰ দোকান, কাৰ্যালয়ত ৰাখি থ’বলৈ নাপাহৰিব।

দাম্পত্য জীৱনত সুখ
দাম্পত্য জীৱনত যদি সুখ আৰু শান্তি নাথাকে, যদি স্বামী-স্ত্ৰীৰ মাজত অশান্তি চলি থাকে তেন্তে জন্মাষ্টমীৰ দিনা দুডাল বাঁহী ক্ৰয় কৰিবলৈ নাপাহৰিব। জন্মাষ্টমীৰ দিনা দুডাল বাঁহী শ্ৰীকৃষ্ণক নিবেদন কৰক। পূজাৰ পাছতেই এই বাঁহী দুটা একলগ কৰি এডাল ৰঙা সুঁতাৰে বান্ধি ঘৰৰ শুভ স্থানত ৰাখক। ইয়াৰফলত স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক উন্নীত হ’ব।

আৰ্থিক পৰিস্থিতি উন্নত কৰে
ঘনাই আৰ্থিক সংকটৰ মুখামুখি হৈ আছে নেকি? যদি ঋণৰ বোজা দিনক দিনে বাঢ়িছে তেন্তে জন্মাষ্টমীত এডাল ৰূপৰ বাঁহী ঘৰলৈ আনক। ইয়াৰফলত মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব।

বাস্তুদোষ কেনেকৈ দূৰ কৰিব?
বাস্তুশাস্ত্ৰ অনুসৰি বাঁহীয়ে আমাৰ ঘৰৰ নিগেটিভ এনাৰ্জী দূৰ কৰে। ঘৰৰ পৰা বাস্তুদোষ দূৰ কৰিবলৈ জন্মাষ্টমীত শ্ৰীকৃষ্ণক এডাল বাঁহী নিবেদন কৰক। পূজাৰ পাছত বাঁহীডাল ঘৰৰ কোনো সঠিক স্থানত থৈ দিব। বাঁহীৰ শুভ শক্তিয়ে সকলো নিগেটিভ এনাৰ্জী দূৰ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *