অতিকে শোকাবহ, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত

অতিকে শোকাবহ, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অতিকে শোকাবহ, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত

এক অতিকে কৰুণ ঘটনা সংঘটিত হৈছে , ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫ জনকৈ লোকে। তাৰপোৰি আন দুজন গুৰুতৰভাৱে আহত। বৰ্তমানে জীৱন-মৃত্যুৰে যুঁজ দি আছে আহত দুই লোক।

এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। ৰাজ্যখনৰ জব্বলপুৰত এই দুৰ্ঘটনাটো হৈছে। তীব্ৰ গতিত থকাৰ বাবেই ট্ৰেক্টৰখন বাগৰি পৰি এইদৰে মৃত্যুক সাৱটে কেইবাজনেও।

ঘটনা সন্দৰ্ভত জানিবপৰা মতে, ১৮ বৰ্ষীয় এজন যুৱকে ট্ৰেক্টৰখন চলাই আছিল। কিন্তু গতি তীব্ৰ হোৱাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাটতে বাগৰি পৰে ট্ৰেক্টৰখন।

দুৰ্ঘটনাৰ সময়ত ট্ৰেক্টৰখনত আছিল চালকৰ লগতে ৬ টা শিশু। সেই ৬ টা শিশুৰে ৪ টা শিশুৰ চালক সহ মৃত্যু হয়। আনহাতে ১২ বৰ্ষীয় আৰপ এটি ১০ বৰ্ষীয় শিসু গুৰুতৰভাৱে আহত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *