সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

সপ্তমীতেই মহাকাশ অভিমুখে যাত্ৰা! গগণযানক লৈ ইছৰোৰ বৃহৎ ঘোষণা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ইছৰোৰ তৰফৰ পৰা শ্বেয়াৰ কৰিছে আন এক সুখবৰ। ইতিহাসৰ পৃষ্ঠাত নাম ৰচনা কৰিবলৈ আকৌ এবাৰ সাজু হৈছে ইছৰো। উচ্চাকাংশী গগনযানৰ প্ৰকল্প বাস্তৱায়নৰ দিশেৰে আগবাঢ়িছে ভাৰতীয় মহাকাশ সংস্থাই। কাইলৈ অৰ্থাৎ ২১ অক্টোবৰত গগনযান মিছনৰ প্ৰথম পৰীক্ষামূলক মহাকাশযানৰ উৎক্ষেপণ কৰিব। ইছৰোৰ এক্স হেণ্ডেলত উল্লেখ কৰা অনুসৰি, ‘গগণযানৰ পৰীক্ষামূলক যানখন ২১ অক্টোবৰত ৰাওনা হ’ব। TV-D1 পৰীক্ষামূলক মহাকাশযানখনে সেইদিনাই মহাকাশ অভিমূখে যাত্ৰা কৰিব। পুৱা ৭বজাৰ পৰা ৯ বজাৰ ভিতৰত পৰীক্ষামূলক মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব। শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা এই যানখন উৎক্ষেপণ কৰা হ’ব। ইছৰোৰ তৰফৰ পৰা এক্স হেণ্ডেলত উল্লেখ কৰামতে, গগণযান মিছনৰ বাবে মানুহবিহীন যান পঠিওৱা হ’ব।

ক্ৰু এস্কেপ চিষ্টেমৰ কৰ্মদক্ষতা প্ৰদৰ্শনকাৰী যানখনক টেষ্ট ভেহিকেল অৰ্বট মিছন-১ নাম দিছে বিজ্ঞানীয়ে। আগন্তুক বৰ্ষত অৰ্থাৎ ২০২৪ চনত চূড়ান্ত গগণযান মিছন চলাব বুলি জনাইছে ইছৰোৱে। চূড়ান্ত মিছনত ভূপৃষ্ঠৰ পৰা ৪০০ কিঃমিঃ উচ্চতালৈ পঠিওৱা হ’ব মহাকাশচাৰীসকলক। তাতেই তেওঁলোকে গৱেষণাৰ কাম চলাব। এই ক্ষেত্ৰত মহাকাশচাৰীসকলৰ নিৰাপত্তাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। এই অভিযানৰ সময়ত যাতে মহাকাশত কোনোধৰণৰ সমস্যা নহয়, যানখনত যাতে কোনো কাৰণতে জুই নালাগে এইসমূহ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।

কাইলৈ পঠিয়াবলগীয়া যানখনত অৱশ্য কোনো মানুহে যাত্ৰা নকৰে। মহাকাশযানখনৰ মূল অংশত আছে ক্ৰু মডিউল। এই মডিউলটো অত্যন্ত গুৰুত্বপূৰ্ণ। চূড়ান্ত মিছনৰ সময়ত হুবহু এই ধৰণৰ এখন যানতেই মহাকাশচাৰীসকলে যাত্ৰা কৰিব। এই মডিউলতেই নভোশ্চৰসকলক চাপমুক্ত পৃথিৱীৰ দৰে বায়ুমণ্ডলীয় অৱস্থাত ৰখা হ’ব। TV-D1 মিছনৰ বাবে ব্যৱহাৰ কৰা ক্ৰু মডিউল বায়ুচাপমুক্ত। এটাৰ পাছত আনটো পৰীক্ষা-নিৰীক্ষা বিজ্ঞানীসকলে চলাই আছে। ক্ৰু মডিউলৰ সংস্কৰণৰ আকাৰ আৰু ভৰ প্ৰকৃত ক্ৰু মডিউলৰ সমান। এই পৰীক্ষাৰ মাধ্যমেৰে চুড়ান্ত মিছনৰ সময়ত কেনেকৈ মহাকাশচাৰীসকলক উদ্ধাৰ কৰা হ’ব, কেনেকৈ প্ৰয়োজন অনুসৰি তাৰ পৰা বাহিৰলৈ ওলাব সকলোবোৰ ট্ৰেইনিঙেই নভেশ্বৰসকলক দি থকা হৈছে।

২১ অক্টোবৰত ইয়াৰেই পৰীক্ষামূলক উৎক্ষেপণ চলাব বিজ্ঞানীৰ দলে। তাত মডিউলটোক লৈ মহাশূন্যৰ পথত ৰাওনা হ’ব যানখন। এই যানখন সফলভাৱে পৃথিৱীলৈ উভতাই অনাৰ প্ৰক্ৰিয়াও ৰাখিছে বিজ্ঞানীৰ দলে। পৃথিৱীৰ বুকুলৈ নামি আহোতে বংগোপসাগৰত পৰিব যানখন। তাৰপাছতেই সাগৰৰ পৰা মডিউলটোক উদ্ধাৰ কৰাৰ বাবে নৌসেনা সাজু হৈ থাকিব। একেই পদ্ধতি ব্যৱহাৰ কৰা হ’ব চূড়ান্ত মিছনৰ সময়ত। টেষ্ট ভেহিকেল ডেভেলপমেণ্ট ফ্লাইট বা TV-D1ৰ হাতত ধৰি এই মহাকাশযানখনৰ ক্ৰু এস্কেপ চিষ্টেম পৰীক্ষা কৰা হ’ব। এই চিষ্টেমৰ মাধ্যমেৰেই মহাকাশযানখনৰ পৰা নভোশ্চৰক আঁতৰাই অনাৰ প্ৰক্ৰিয়াটো অন্তৰ্ভূক্ত থাকিব। এই প্ৰক্ৰিয়াত কোনো যাতে খেলিমেলি নহয় তাৰবাবে সম্পূৰ্ণ প্ৰক্ৰিয়া এতিয়াই চলাব বিজ্ঞানীৰ দলে। এই টেষ্টসমূহৰ সাফল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই গগণযানৰ যাত্ৰাৰ প্ৰস্তুতিৰ বাবে সাজু হ’ব ইছৰো। পৰবৰ্তীকালত মহাকাশযানখনত মানুহ পঠিওৱাৰ পথ সুচল কৰিব এই যানেই। চূড়ান্ত গগণযান মিছনৰ আগতেই ইছৰোই এই মিছনেৰে সকলো পৰীক্ষা চলাব খুজিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *