৩,২,১…, তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

৩,২,১…, তেওঁৰ কণ্ঠতেই বিশ্বই জানিছিল বিক্ৰমৰ সফল লেণ্ডিঙৰ কথা, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে জ্যেষ্ঠ বিজ্ঞানী ভালাৰমতিয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৩,২,১…, সেইদিনা তেওঁৰ কণ্ঠৰ কাউণ্টডাউন বিশ্বই শুনিছিল৷ সেই নেপথ্যৰ কণ্ঠশিল্পীগৰাকীৰ কণ্ঠতেই প্ৰতীক্ষাৰ প্ৰহৰ গণিছিল বিশ্ববাসীয়ে৷ চন্দ্ৰযান-৩ উৎক্ষেপণৰ পৰা লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠত ভৰি দিয়াৰ সমলৈকে আটাইকেইটা কাউণ্টডাউন দিয়াৰ আঁৰৰ মহিলাগৰাকী আজি এই পৃথিৱীত নাই৷ ইছৰোৰ এই সফল অভিযানৰ সক্ৰিয় সদস্য ইছৰোৰ বিজ্ঞানী এন ভালাৰমতিয়ে সকলোকে কন্দুৱাই বিদায় ল’লে৷

ভাৰতৰ তৃতীয় চন্দ্ৰাভিযানক বিশ্বই নজৰ দি আছিল৷ আশা কৰাধৰণেই সকলোবোৰ সুকলমে কৰি দেখুৱালে ইছৰোৰ দলে৷ কিন্তু এই সফলতাৰ পাছতেই হঠাৎ নিৰৱে বিদায় ল’লে এগৰাকী প্ৰখ্যাত বিজ্ঞানীয়ে৷ বিগত ২৩ আগষ্ঠৰ সন্ধিয়া বিক্ৰমে লেণ্ডিং কৰাৰ ৰুদ্ধশ্বাস মুহূৰ্তত যাৰ কণ্ঠত ৰাইজে সমস্ত অৱতৰণৰ খবৰ পাইছিল সেইগৰাকী ঘোষিকা তথা ইছৰোৰ বিজ্ঞানীয়ে শনিবাৰে সন্ধিয়া শেষ নিশ্বাস ত্যাগ কৰিছে৷ ২৩ আগষ্টত লেণ্ডাৰ বিক্ৰমৰ গতি কমাৰ পৰা কেনেকৈ ছফট লেণ্ডিং কৰিব, চন্দ্ৰযানৰ যাৱতীয় গতিবিধি নিৰিক্ষণৰ দায়িত্বত আছিল ভালাৰমতি৷

প্ৰয়াত বিজ্ঞানীৰ ঘনিষ্ঠসূত্ৰই জনোৱামতে, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে বিজ্ঞানী ভালাৰমতিয়ে৷ ভালাৰমতিৰ মৃত্যুত শোকস্তব্ধ হৈ ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন ডাইৰেক্টৰ পিভি ভেঙ্কাটাকৃষ্ণনে এক্স হেণ্ডেলত লিখিছে, ‘শ্ৰী হৰিকোটাই ইছৰোৰ পৰবৰ্তী মিছনসমূহৰ কাউণ্টডাউন যেতিয়া চলিব সেইসময়ত আমি ভালাৰমতি বাইদেউৰ সেই বলিষ্ঠ অথচ সুমধুৰ কণ্ঠ শুনিবলৈ নাপাম৷ খুবেই দুখ লাগিছে৷ আপোনাৰ প্ৰণাম৷’

উল্লেখ্য যে ১৯৫৯ চনৰ ৩১ জুলাইত তামিলনাডুৰ আৰিয়ালুৰ গাওঁত ভালাৰমতিৰ জন্ম৷ ১৯৮৪ চনত তেওঁ ইছৰোত যোগদান কৰে৷ ভাৰতীয় প্ৰথম ৰেডাৰ ছেটেলাইট উৎক্ষেপনৰ দায়িত্বত প্রধান ভুমিকা লৈছিল ভালাৰমতিয়ে৷ ২০১২ চনৰ সেই সফল ছেটেলাইত উৎক্ষেপনৰ তেঁও তত্ত্বাবধায়ক আছিল৷ ইয়াৰোপৰি ইছৰোৰ একাধিক অভিযানত তেওঁ ধাৰাভাষ্যকাৰ হিচাপে আছিল৷ বিজ্ঞান আৰু গৱেষণাতো তেওঁৰ বিশেষ অৱদানৰ বাবে তামিলনাডু চৰকাৰে তেওঁক আব্দুল কালাম পুৰস্কাৰেৰে সন্মানিতও কৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *