মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

মনে মনেই চলাইছে সকলো প্ৰস্তুতি! চন্দ্ৰৰ কুমেৰুত আধিপত্য বিস্তাৰ কৰি মঙলত আকৌ অভিযান চলাবলৈ সাজু ISROৰ দল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নতুন বছৰতেই পৃথিৱীবাসীক আকৌ এবাৰ চমক দিবলৈ সাজু ইছৰোৰ দল৷ এইবাৰ ইছৰোই মঙল গ্ৰহলৈ পঠিয়াব যান৷ মঙলত দ্বিতীয়বাৰৰ বাবে যান পঠিয়াবলৈ সাঁজু হৈছে ইছৰোৰ৷ এই যানৰ নাম দিয়া হৈছে মঙলযান-২৷ কেইবাটাও উদ্দেশ্য হাতত লৈ ৰঙাগ্ৰহলৈ যান পঠিয়াবলৈ সাজু হৈছে ইছৰো৷

২০১৩ চনত প্রথমখন মহাকাশযান পঠিয়াইছিল ইছৰোই৷ সেই বৰ্ষতেই ইছৰোৱে আৰম্ভ কৰিছিল মঙল অৰবিটৰ মিছন৷ ২০১৪ চনত ৰঙা গ্ৰহৰ কক্ষপথত সফলভাৱে প্ৰৱেশ কৰিছিল মহাকাশযানখনে৷ মঙলগ্ৰহৰ কক্ষপথত সফলভাৱে মহাকাশযানখনক লৈ যোৱাটোৱেই ইছৰোৰ অন্যতম উদ্দেশ্য আছিল৷ সেই অভিযানৰ ৯ বছৰ সম্পূৰ্ণ হৈছে৷ ইছৰোৰ গৱেষণাৰ পৰিধিও বৃদ্ধি পাইছে৷ এইবাৰ ইছৰোৰ বিজ্ঞানীৰো আত্মবিশ্বাস পূৰ্বতকৈ বৃদ্ধি হৈছে৷ দ্বিতীয়বাৰৰ বাবে মঙলৰ কক্ষপথত মহাকাশযান পঠিয়াবলৈ সাঁজু হৈছে ভাৰতীয় মহাকাশ সংস্থাই৷ বিজ্ঞানীৰ আশা যে এই মিছনে ৰঙা গ্ৰহ মঙলৰ কোনেও আনিব নোৱাৰা তথ্য পঠিয়াব৷ এক সূত্ৰৰ খবৰ অনুসৰি মহাকাশযানখনৰ ভিতৰত থাকিব ৪টা পেলোড৷ এই পেলোডসমূহ হৈছে, ‘মাৰ্ক অৰবিট ডাছ এক্সপেৰিমেণ্ট(MODEX), এটা ৰেডিঅ’ অকালটেছন এক্সপেৰিমেণ্ট (RO), এটা এনাৰ্জেটিক আয়ন স্পেক্টমিটাৰ (EIS),এটা ‘লাংমুইৰ প্ৰোব আৰু এটা ইলেক্ট্ৰিক ফিল্ড এক্সপেৰিমেণ্ট (LPEX) যন্ত্র৷

এই বিশেষ ৪টা পেলোডৰ সহায়তেই মঙল গ্ৰহৰ ভিতৰ আৰু বাহিৰৰ পৰিবেশ, গ্ৰহটোৰ ভিতৰৰ পৃষ্ঠত থকা ধুলি আদিৰ ওপৰত গৱেষণা কৰিব৷ মঙলৰ গঠন আৰু বাসোপযোগ্যতা সম্পৰ্কীয় তথ্য আহৰণৰ চেষ্টা কৰিব ভাৰতীয় যানখনে৷ বৰ্তমান পৰ্যন্ত মঙলযান-২ সম্পৰ্কে বিশদ তথ্য দাঙি ধৰা নাই ইছৰোই৷ মঙলযান-২ মিছনৰ মোডেক্স পেলোডসমূহে মঙলৰ মাটিৰ পৰা এক নিৰ্দিষ্ট উচ্চতাৰ থাকি ধুলিৰ উৎপত্তি, ঘনত্ব আৰু গতিবিধি বুজিবলৈ চেষ্টা কৰিব৷ RO যন্ত্ৰবিধে মঙলৰ বায়ুমণ্ডল অধ্যয়ন কৰিব অৰ্থাৎ বায়ুমণ্ডলৰ চৰিত্ৰ বিশ্লেষণ কৰিব এই যন্ত্ৰই৷ EIS নামৰ যন্ত্ৰবিধে সৌৰকণা বিকিৰণ, সৌৰবায়ুকণা চিহ্নিত কৰিব৷ LPEX নামৰ যন্ত্ৰবিধে গ্ৰহটোৰ ইলেক্ট্ৰনৰ ঘনত্ব, ইলেক্ট্ৰনৰ তাপমাত্ৰা, বৈদুতিন তৰংগ অধ্যয়ন কৰিব৷

মঙলৰ বায়ুমণ্ডলৰ প্লাজমাৰ পৰিবেশ পৰ্যবেক্ষণৰ বাবেও বিশেষ পেলোড তৈয়াৰ কৰিছে ইছৰোই৷ সম্প্ৰতি ইছৰোৰ চন্দ্ৰযান-৩ মিছন অভিযান সফল হৈছে৷ চন্দ্ৰৰ দক্ষিণ মেৰুৰ কাষত ইছৰোৰ মহাকাশযানৰ বিক্ৰমে লেণ্ডিং কৰিছিল৷ ইয়াৰ পূৰ্বে চন্দ্ৰৰ দক্ষিণ মেৰুত কোনো দেশেই লেণ্ডিং কৰিব পৰা নাছিল৷ তাৰপিছতেই ইছৰোই পঠিয়াইছে সৌৰযান আদিত্য এল-১৷ আৰু শেহতীয়াভাৱে মঙললৈ যান পঠিয়াবলৈ সাজু হৈছে ইছৰোৰ দলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *