সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

সূৰ্য অভিযানেই শেষ নহয়! আদিত্য L-1 উৎক্ষেপণৰ ২৪ ঘণ্টাৰ পূৰ্বে বৃহৎ ঘোষণা ইছৰো প্রধান সোমনাথৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আৰম্ভ হৈছে আদিত্য এল-১ মিছনৰ চূড়ান্ত কাউণ্টডাউন। ২ ছেপ্টেম্বৰ শনিবাৰে পুৱা ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰী হৰিকোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা পিএছএলভি-৫৭ ৰকেটত উঠি মহাকাশলৈ যাত্ৰা কৰিব ভাৰতৰ প্ৰথমখন সৌৰযান আদিত্য এল-১। শুকুৰবাৰে তিৰুপতি জিলাৰ চেঙ্গালাম্মা পৰমেশ্বৰী মন্দিৰলৈ সফলতা কামনাৰে পূজা অৰ্চনা কৰিছে ইছৰো প্ৰধান এছ সোমনাথ আৰু অন্যান্য বিজ্ঞানীসকলে।

পূজাৰ অন্তত সংবাদমাধ্যমৰ সন্মুখত দিয়া মন্তব্যত সোমনাথে কয়, ‘আমাৰ পৰবৰ্তী মিছন আদিত্য এল-১। তাৰ পিছৰ মিছন গগনযান। গগনযান মিছনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। অক্টোবৰৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহত এই মিছন আৰম্ভ কৰিম। ইয়াৰপাছতেই আমি আৰম্ভ কৰিম GSLV INSAT 3DS, SSLV-D3, PSLV ও LVM3মিছন। চন্দ্ৰযান-৩ য়ে সফলভাৱে চন্দ্ৰপৃষ্ঠত কাম কৰি আছে। খুব ভালধৰণে নিজৰ কাম কৰিছে প্ৰজ্ঞানে। ৩ ছেপ্টেম্বৰ পৰ্যন্ত চন্দ্ৰপৃষ্ঠত কাম কৰিব চন্দ্ৰযান-৩য়ে। সূৰ্যৰ বিভিন্ন বিষয়ক লৈ গৱেষণা চলাবলৈ আমি আদিত্য এল-১ উৎক্ষেপণ কৰিম। লেগৰেঞ্জ পয়েণ্ট-১ ৰ চাৰিওফালে হেলো কক্ষপথত স্থাপন কৰা হ’ব মহাকাশযানখনক। এই অৱস্থানত যানখনক লৈ যাবলৈ সময় লাগিব ১২৭ দিন। তাৰপিছতেই সূৰ্যৰ একাধিক স্তৰত পৰীক্ষা নিৰীক্ষা চলাব যানখনে।’

ইছৰোৰ তৰফৰ পৰা জনোৱা অনুসৰি শনিবাৰে পুৱা ১১ বাজি ২০ মিনিটত আদিত্য এল-১ মিছনৰ সম্প্ৰচাৰ দেখুওৱা হ’ব। উৎক্ষেপনৰ ৩০ মিনিট পূৰ্বৰে পৰাই ঐতিহাসিক মুহূৰ্তৰ লাইভ আৰম্ভ কৰিব ইছৰোৱে। ইছৰোৰ ইউটিউব পেজ https://www.youtube.com/watch?v=_IcgGYZTXQw, ইছৰোৰ অফিচিয়েল ৱেবচাইট isro.gov.in, ইছৰোৰ ফেছবুক পেজ www.facebook.com/ISRO আৰু ডি ডি নেশ্ব্যনেল টিভিত লাইভ সম্প্ৰচাৰ দেখুওৱা হ’ব। শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপি ছুল্লুৰপেটাৰ শ্ৰী চেঙ্গালাম্মা পৰমেশ্বৰী মন্দিৰলৈ যাত্ৰা কৰিছে ইছৰোৰ চেয়াৰমেন সোমনাথ। কোনো ৰকেট উৎক্ষেপণৰ পূৰ্বে প্ৰায়সকল বিজ্ঞানীয়েই এই মন্দিৰলৈ আশীষ ল’বলৈ যায়। প্ৰায় ১৫ বছৰ ধৰি বিজ্ঞানীসকলে ৰকেট উৎক্ষেপনৰ পূৰ্বে এই মন্দিৰত সেৱা জনাই আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *