৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী

৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সকলো বাধা অতিক্ৰমী অক্লান্ত পৰিশ্ৰম কৰিছে ইছৰোৰ দলে৷ বিজ্ঞানীয়ে আশা কৰাতকৈয়ো ভাল ফল দিছে ইছৰোৰ দলে পঠিওৱা চন্দ্ৰযান-৩ ৰ বিক্ৰম আৰু প্ৰজ্ঞানে৷ সকলো কাম সামৰি চন্দ্ৰপৃষ্ঠতেই শুই আছে বিক্ৰম আৰু প্ৰজ্ঞান৷ কিন্তু বিজ্ঞানীয়ে কৈছে বিক্ৰম আৰু প্ৰজ্ঞান জাগি উঠাৰ আশা আছে৷ চন্দ্ৰপৃষ্ঠত এতিয়া যিহেতু ৰাতি হৈ আছে সেই যান দুখন নিষ্ক্ৰিয় হৈ আছে৷ আগন্তুক ৫দিনৰ পাছতেই চন্দ্ৰপৃষ্ঠত সুৰ্যোদয় হ’ব আৰু সুৰ্যোদয়ৰ পাছতেই যানখনক জগাবলৈ চেষ্টা কৰিব বিজ্ঞানীয়ে৷

পুনৰায় জাগি উঠি নতুন ইতিহাস গঢ়িবলৈ সক্ষম হ’বনে প্ৰজ্ঞান আৰু বিক্ৰমে? বিক্ৰম আৰু প্ৰজ্ঞানক জগাই তুলিব পৰা যাব বুলি প্ৰহৰ গণিছে বিজ্ঞানীয়ে৷ দিনটো ২২ ছেপ্টেম্বৰ৷ ১৮ ছেপ্টেম্বৰৰ পৰা হিচাপ কৰিলে মাত্ৰ ৫ দিন বাকী আছে৷ তাৰপাছতেই হয়তো আকৌ ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব পাৰে বিশ্ববাসী৷ টোপনিৰ পৰা উঠিয়েই ‘গুডমৰ্ণিঙো’ জনাব পাৰে প্ৰজ্ঞানে৷ যদি এইয়া সম্ভৱ হয় তেন্তে নতুন ইতিহাস ৰচিবলৈ সক্ষম হ’ব ভাৰতে৷ কিন্তু ইছৰোই জনোৱামতে প্ৰত্যাশা ১০০ শতাংশ ৰাখিব নালাগে৷ ২৩ আগষ্টত চন্দ্ৰত অৱতৰণৰ পাছত ২ ছেপ্টেম্বৰলৈ কাম কৰি শুই পৰিছিল ৰোভাৰ প্ৰজ্ঞান৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰোভাৰৰ বেটেৰীৰ এতিয়াও সম্পূৰ্ণ চাৰ্জ আছে৷

২২ ছেপ্টেম্বৰত চন্দ্ৰত সুৰ্যোদয় হ’ব৷ সেই সময়ত যাতে সূৰ্যৰ পোহৰ পায় তেনেকৈ ৰোভাৰ চলাৰৰ পেনেল ছেট কৰি থোৱা আছে৷ ৰিছিভাৰো এক্টিভ হৈ আছে৷ সূৰ্যৰ পোহৰ মুখত পৰিলে জাগি উঠিব পাৰে প্ৰজ্ঞান৷ আৰু যদি সেয়া হৈ নুঠে তেন্তে চিৰকাল চন্দ্ৰৰ মাটিতেই শুই থাকিব প্ৰজ্ঞান৷ চন্দ্ৰৰ দক্ষিণ মেৰুতেই অৱতৰণ কৰি আছে লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে৷ চন্দ্ৰত যেতিয়া সূৰ্য অস্ত যায় তেতিয়া দক্ষিণ মেৰুত তাপমাত্ৰা অভাৱনীয়ভাৱে কমি যায়৷ সেই কাৰণেই লেণ্ডাৰ আৰু ৰোভাৰক শুৱাই দিয়া হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *