আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ ‘মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

আপুনি-মই কল্পনা কৰাতকৈ বহু পৃথক তেওঁ! চন্দ্ৰযান-৩ মিছনৰ ‘মাষ্টাৰমাইণ্ড’ ইছৰো প্ৰধান এছ সোমনাথৰ দৰমহা শুনিলে হতবাক হ’ব আপুনি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চন্দ্ৰযান-৩ মিছন আৰম্ভ হোৱাৰ পৰাই সংবাদ শিৰোনামা দখল কৰি আছে ইছৰোৰ প্ৰধান এছ সোমনাথে। এই মিছন সফল হোৱাৰ পূৰ্বেই সকলোৱে তেওঁৰ নাম লৈছে। ইছৰোৰ চেয়াৰমেনৰ কেইটামান বিশেষ কথা।

ইছৰোৰ চেয়াৰমেনৰ সম্পূৰ্ণ নাম কি?

এছ সোমনাথৰ সম্পূৰ্ণ নাম হৈছে শ্ৰী ধৰা পানিকাৰ সোমনাথ। বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ চেয়াৰমেন তথা এজন ৰকেট বিজ্ঞানী হিচাপে কাম কৰি আছে এছ সোমনাথে। ২০১৮ চনত বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰৰ পৰিচালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল সোমনাথে। এই খ্যাতি এদিনতেই লাভ কৰা নাই সোমনাথে। ইয়াৰ বাবে কঠোৰ পৰিশ্ৰমো কৰিছে সোমনাথে। মহাকাশযানৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা, ষ্ট্ৰাকচাৰেল ডিজাইনিং, মহাকাশযানৰ গতি, বিস্ফোৰক প্ৰক্ৰিয়াকে ধৰি অন্যান্য একাধিক পৰীক্ষা-নিৰীক্ষাৰ নেপথ্যত আছে তেওঁৰ অনুদান। প্ৰাক্তন ইছৰো প্ৰধান কে, চিভানৰ পাছত এছ সোমনাথে ইছৰো প্ৰধান হিচাপে দায়িত্বভাৰ লাভ কৰে। ২০২২ চনৰ ১২ জানুৱাৰীত ইছৰোৰ চেয়াৰমেনৰ দায়িত্ব কান্ধত তুলি লয় এছ সোমনাথে।

এছ সোমনাথৰ নাগৰীকত্ব আৰু পৰিয়াল

১৯৬৮ চনৰ জুলাই মাহত কেৰালাৰ আলাপ্পুঝাৰ অৰুৰত জন্মগ্ৰহণ কৰিছিল শ্ৰী ধৰা পানিকাৰ সোমনাথে। বৰ্তমান তেওঁৰ বয়স ৫৫ বছৰ। দক্ষিণ ভাৰতীয় পৰিয়ালৰ সন্তান সোমনাথৰ পিতৃ আছিল পেছাত এগৰাকী হিন্দী শিক্ষক। সৰুৰে পৰাই শিক্ষিত, ধনী, সংস্কৃতিবান পৰিয়ালত ডাঙৰ হৈছিল সোমনাথ। কেৰিয়াৰৰ আৰম্ভনিৰে পৰাই পিতৃয়েই আছিল তেওঁৰ পথ প্ৰদৰ্শক। সোমনাথৰ দৃষ্টিত পিতৃ আছিল ৰোল মডেল। কামৰ প্ৰতি দায়িত্বশীল হোৱা, প্ৰাথমিক শিক্ষাও পিতৃৰ বিদ্যালয়তেই লৈছিল সোমনাথে। পিতৃয়েই তেওঁক শিকাইছিল কামৰ প্ৰতি গুৰুত্ব। সকলো কামতেই পৰিয়ালৰ সমৰ্থন পাইছিল সোমনাথে।

সোমনাথৰ পঢ়াশুনাক লৈ মাতৃ থাংকাম্মাৰো সতৰ্ক আছিল। পঢ়াশুনাৰ দিশটোত মাতৃয়েও সম্পূৰ্ণ নজৰ দিছিল। সৰুৰে পৰাই সোমনাথক পিতৃ-মাতৃয়ে বাহিৰা গ্ৰন্থ পঢ়াত উৎসাহ যোগাইছিল। মালায়ালম আৰু ইংৰাজী দুয়োটা ভাষাতে থকা বিজ্ঞানৰ তথ্যসমৃদ্ধ গ্ৰন্থ পঢ়িবলৈ সুবিধা কৰি দিছিল পুত্ৰক। পিতৃ-মাতৃৰ এই দায়িত্বশীলতাই জন্ম দিছিল বিজ্ঞানী সোমনাথৰ।

এছ সোমনাথৰ শৈক্ষিক জীৱন
সৰুৰে পৰাই মেধাৱী ছাত্ৰ আছিল সোমনাথ। তেওঁৰ বিশেষ আগ্ৰহ আছিল বিজ্ঞান বিষয়ত। ছেন্ট অগাষ্টিন হাই স্কুলত স্কুলীয়া শিক্ষা লাভ কৰি এৰ্নাকুলামৰ মহাৰাজা কলেজত নামভৰ্তী কৰে। তাৰ পৰাই তেওঁ স্নাতক হয়। গণিত আৰু পদাৰ্থবিজ্ঞানত প্ৰাক বিশ্ববিদ্যালয়ৰ ডিগ্ৰী অৰ্জন কৰে সোমনাথে। ১৯৮৫ চনত কোল্লামৰ টি কে এম কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত বি টেক ডিগ্ৰী লয় এছ সোমনাথে। ১৯৯৫ চনত তেওঁ বাংগালুৰুৰ Indian Institute of Scienceৰ পৰা মহাকাশ প্ৰকৌশল আৰু গতিবিদ্যা নিয়ন্ত্ৰণত স্নাতকোত্তৰ ডিগ্ৰী লয়।

স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছতেই দীৰ্ঘদিন বিভিন্ন কোম্পানীতো কাম কৰিছিল এছ সোমনাথে। কিন্তু সেই কামসমূহত তেওঁৰ মন বহা নাছিল। পাছলৈ তেওঁ চাকৰি ত্যাগ কিৰ আকৌ পিএইছডি ডিগ্ৰীৰ বাবে ইন্ডিয়ান ইনস্টিটিউট অফ টেকনোলজি মাদ্ৰাছলৈ যাত্ৰা কৰে। তাৰপৰাই তেওঁ পিএইছডি লয়। ১৯৯৫ চনত ইছৰোৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত পোনতে যোগদান কৰে। সেই বৰ্ষতেই তেওঁ পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেলৰ প্ৰজেক্ট মেনেজাৰৰ দায়িত্ব লাভ কৰে। ২০১০ চনত জিওছিঙ্ক্ৰোনাছ ছেটেলাইট লঞ্চ ভেহিকেল MK3 ৰ প্ৰজেক্ট ডাইৰেক্টৰৰ দায়িত্বও লাভ কৰে।

প্ৰকল্পটোৰ পৰিচালক হিচাপে কাম কৰাৰ ওপৰিও প্ৰায় ৪ বছৰ ধৰি তেওঁ স্পেছ অৰ্ডিনেন্স ষ্ট্ৰাকচাৰ এণ্টিটিৰ ডেপুটি হিচাপে কাম কৰে শ্ৰী ধৰা সোমনাথে। ২০১৫ চনত লিকুইড প্ৰপালছন চিষ্টেম চেণ্টাৰৰ ডাইৰেক্টৰ আৰু ইছৰোৰ VSSCৰ ডাইৰেক্টৰ হিচাপে তেওঁক নিযুক্তি দিয়া হয়। ১২ জানুৱাৰী ২০২২ত ইছৰোৰ চেয়াৰমেনৰ দায়িত্ব পোৱাৰ আগলৈকে তেওঁ ইছৰোৰ VSSC দায়িত্বত আছিল।

ইছৰো প্ৰধান হিচাপে দায়িত্ব লাভ কৰাৰ পাছত কিমান দৰমহা লাভ কৰিছে সোমনাথে?

ইছৰোৰ সৰ্বোচ্চ পদত অধিস্থিত এছ সোমনাথৰ দৰমহা কিমান বিষয়টোক লৈ বহুজনেই আগ্ৰহী হৈ থাকে। প্ৰতি মাহত প্ৰায় ২.৫ লাখ টকাকৈ দৰমহা লাভ কৰে এছ সোমনাথে। অৰ্থাৎ তেওঁৰ বাৰ্ষিক আয় প্ৰায় ২৭ লাখ টকা। তেওঁৰ মুঠ সম্পদৰ পৰিমান প্ৰায় ছয় কোটি টকা।

সোমনাথৰ পৰিয়াল
এছ সোমনাথৰ পত্নীৰ নাম ভালাছালাকুমাৰী। ফিনেন্স গুডছ এণ্ড চাৰ্ভিছ টেক্স বিভাগত কাম কৰি আছে সোমনাথৰ পত্নীয়ে। তেওঁলোকৰ আছে দুটা যমজ সন্তানো। এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান। দুইগৰাকী সন্তানেই ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ। সন্তান দুয়োটাৰ নাম ক্ৰমে মাধৱ আৰু মালিকা।

ইছৰোত এছ সোমনাথৰ অৱদান
ভাৰতীয় মহাকাশ গৱেষণাত সোমনাথৰ অৱদান বহুখিনি আছে। ইঞ্জিনিয়াৰিং বিভাগত তেওঁৰ অৱদান অনস্বীকাৰ্য। মহাকাশযানৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা, পাইৰোটেকনিক, ষ্ট্ৰাকচাৰেল ডিজাইনিং, গতিবিদ্যাতো তেওঁৰ যথেষ্ট অৱদান আছে।

এৱাৰ্ড
বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তামিলনাডুৰ SRM বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট অৱ ছায়েন্স সন্মানেৰে বিভূষিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *