পেৰাগ্লাইডিং, সমুদ্ৰপথ, স্থলপথেৰে ইজৰাইলৰ ওপৰত আক্ৰমণ হামাছৰ! ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছক ভাৱিব নোৱাৰা প্ৰত্তুত্ত্যৰ দিম’

পেৰাগ্লাইডিং, সমুদ্ৰপথ, স্থলপথেৰে ইজৰাইলৰ ওপৰত আক্ৰমণ হামাছৰ! ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছক ভাৱিব নোৱাৰা প্ৰত্তুত্ত্যৰ দিম’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জলপথ, আকাশীপথ আৰু স্থলপথ। এই তিনি পথেৰেই ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছে পেলেস্তানী বিদ্ৰোহী সংগঠন হামাছে। এই আক্ৰমণৰ ওলোটাই প্ৰত্তুত্ত্যৰ দিছে ইজৰাইলী সেনাইয়ো। ইজৰাইলৰ স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰা অনুসৰি এই যুদ্ধত বিগত ২৪ ঘণ্টাৰ ভিতৰত ৫০০তকৈয়ো অধিক নিৰীহ লোকে প্ৰাণ আহুতি দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে গাজাতেই হামাছসকলে বাহৰ পতা বুলি দেশবাসীক সতৰ্কবাণী দিছে। তেওঁ এই সন্দৰ্ভত কয়, ‘সেনাৰ সকলো শক্তিক ব্যৱহাৰ কৰি আমি হামাছসকলক শেষ কৰি পেলাম। ইজৰাইলে এই আক্ৰমণৰ প্ৰত্তুত্ত্যৰ এনেকৈ দিব যি তেওঁলোকৰ কল্পনাৰো বাহিৰত।’

ইজৰাইলী সেনা সূত্ৰৰ খবৰ অনুসৰি ২২ টা এলেকাত হামাছ বাহিনীয়ে নিজৰ আধিপত্য দেখুৱাইছে। ইজৰাইলী সেনাৰ মেজৰ জেনেৰেল ঘাছান আলিয়ানে এই সন্দৰ্ভত কয়, ‘হামাছক উচিত শিক্ষা দিয়া হ’বই। গাজাত ১০০ৰো অধিক ঘৰ আৰু হামাছৰ ৰকেট ইজৰাইলী সেনাই কব্জা কৰি ধ্বংস কৰিছে।’ ইজৰাইলী সেনাৰ এক মুখপাত্ৰ ৰিচাৰ্ড হেক্টে এই সন্দৰ্ভত কয়, ‘বিদ্ৰোহীসকলে সাধাৰণ মানুহক আক্ৰমণ কৰিব ধৰিছে। নিৰীহলোকৰ প্ৰাণ লৈছে। এয়া আমি কেনেকৈ সহ্য কৰিম। আমি ইয়াৰ প্ৰত্তুত্ত্যৰ নিশ্চয় দিমেই।’

ইজৰাইলৰ এগৰাকী বাসিন্দাই দাবী কৰা অনুসৰি, ‘সশস্ত্ৰ বাহিনীৰ থামাছে ঘৰে ঘৰে গৈ আক্ৰমণ চলাইছে। বহু মানুহক বন্দীও কৰিছে। সকলোতকৈ ভয়ানক অৱস্থা ইজৰাইলৰ দক্ষিণত অৱস্থিত চহৰ চেৰোটত। তাতেই দুই পক্ষৰ মাজত যুঁজ অব্যাহত আছে। চেৰটৰ বাসিন্দা এগৰাকীয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি, ‘চেৰটৰ ৰাজপথত এতিয়া মৃতদেহৰ শাৰী। বাহনসমূহত, ঘৰত সকলোতে জুই লগাই দিয়া হৈছে। সাধাৰণ মানুহক গুলি কৰি মৰা হৈছে।’ ইজৰাইল আক্ৰমণক হামাছে নাম দিছে ‘অপাৰেছন আল-আক্সা-ফ্লাড’। এই আক্ৰমণৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ নাম থৈছে ইজৰাইলেও। ইজৰাইলে তেওঁলোকৰ এই প্ৰতি আক্ৰমণৰ নাম দিছে ‘অপাৰেছন আয়ৰণ ছোডৰ্ছ’। সেনা সূত্ৰই জনোৱা অনুসৰি এই যুদ্ধত বৰ্তমান পৰ্যন্ত ২৫০গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। অৱশ্যে বেচৰকাৰী তথ্যমতে ৫০০তকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে। দেওবাৰে পুৱাই ৰকেট, মৰ্টাৰ আক্ৰমণৰ লগতে বোমাবৰ্ষণো অব্যাহত আছে। দক্ষিণ ইজৰাইলৰ ছেৰট, কিবুজ নিৰ আম, য়াড মৰ্ডেছাই আৰু নেটিভ হাছাৰাত দুইপক্ষৰ মাজত যুঁজ অব্যাহত আছে। এইসকলো ভূখণ্ড গাজাৰ কাষৰীয়া এলেকা।

শনিবাৰে পুৱা ৬বাজি ৩০ মিনিটত প্ৰথমটো আক্ৰমণ চলাইছিল থামাছ বাহিনীয়ে। ইজৰাইলৰ প্ৰায় প্ৰতিখন চহৰৰ বাসিন্দাই তেতিয়া নিদ্ৰাৰত। হঠাৎ আকাশ ধুঁৱলি কুৱলি হৈ পৰাৰ লগতে ইজৰাইলৰ মাটিত আহি পৰে ক্ষেপণাস্ত্ৰ। ২০ মিনিটত প্ৰায় ৫হাজাৰ ক্ষেপণাস্ত্ৰৰে হামাছবাহিনীয়ে আক্ৰমণ কৰে ইজৰাইলক। হঠাৎ হোৱা এই আক্ৰমণত প্ৰথমে উৱাদিহ হেৰুৱাই পেলাইছিল ইজৰাইল প্রশাসনে। কিন্তু ইজৰাইলৰ সেনা বিষয়াসকলে তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ পেলেষ্টাইনৰ থামাছ বাহিনীক প্ৰত্তুত্ত্যৰ দিছে। ইয়াৰ মাজতেই উত্থাপিত হৈছে আন এক প্ৰশ্নও। ইজৰাইলৰ ওচৰত বিশ্বৰ শক্তিশালী ‘এয়াৰ ডিফেন্স ছিষ্টেম’ থকা স্বত্ত্বেও এই যুদ্ধ কিয় ৰখাব পৰা নাই ইজৰাইলী সেনাই?

ইজৰাইলৰ সেনাৰ হাতত আছে শক্তিশালী এয়াৰ ডিফেন্স ছিষ্টেম আয়ৰণ ডোম আছে। ৰকেট বা ক্ষেপণাস্ত্ৰ আক্ৰমণ হ’লে এই এয়াৰ ডিফেন্স ছিষ্টেমেৰ আক্ৰমণক ৰখোৱা হয়। মাটিৰ পৰাই আকাশত উৰি থকা ৰকেট, মৰ্টাৰ, গোলা আৰু ড্ৰোনক ধ্বংস কৰিব পাৰে। ৭০ কিঃমিঃৰ ভিতৰত থকা কোনো লক্ষ্যবস্তুক নিমিষতে নিশ্চিহ্ন কৰি দিব পাৰে। ইমান উন্নত আৰু শক্তিশালী অস্ত্ৰ থকাৰ পাছতো হামাছৰ ৰকেট আক্ৰমণক বাধা দিয়াত কিয় ব্যৰ্থ হ’ল আয়ৰণ ডোম? স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি হামাছে সুযোগ বুজি আক্ৰমণ চলাইছে। হামাছে ইজৰাইলৰ প্ৰতিৰক্ষাৰ অন্যতম শক্তি আয়ৰণ ডোমৰ শক্তি জানে। সেয়ে এই এয়াৰ ডিফেন্স ছিষ্টেমৰ দুৰ্বলতাৰ বিষয়ে আগতেই তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাইহে এই আক্ৰমণ চলাইছে। একেলগে ৫০০০ ৰো অধিক ৰকেটেৰে আক্ৰমণ চলোৱাৰ বিশেষ পন্থা তেওঁলোকে সেইবাবেই বাছি লৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *