যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

যুদ্ধই ভাঙিছে নিয়ম! ইজৰাইলী সেনাৰ নিয়ম ভংগ কৰি একেটা তম্বুতেই নাৰী-পুৰুষৰ সহবাস

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মাৰ্কিন প্ৰেছিডেণ্ট জ’ বাইডেনৰ ইজৰাইল ভ্ৰমণৰ মাজতেই ভয়ংকৰ ৰূপ লৈছে ইজৰাইল-হামাছ যুদ্ধই। গাজা ষ্ট্ৰীপ সীমান্তত দুইপক্ষৰ মাজত আৰম্ভ হৈছে তুমুল সংঘৰ্ষ। গাজাত ইহুদি এয়াৰফৰ্ছে চলাইছে জোৰদাৰ আক্ৰমণ। যুদ্ধৰ মাজতেই ইজৰাইল ডিফেন্স ফৰ্ছ বা IDF-ক লৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। ইজৰাইলৰ আইন অনুসৰি প্ৰত্যেক নাগৰিকেই বাধ্যতামূলকভাৱে সেনাবাহিনীত চাকৰি কৰিব লাগে। ইহুদি সৈনিকে মানি চলিব লাগে কিছু বিশেষ নিৰ্দেশনা। ইহুদি সৈনিকৰ কোনো অনুষ্ঠানত যোৱাৰ অনুমতি নাই। সেনা জোৱানৰ অফিচাৰসকলে যাতে ৰাজনীতিত জড়িত হৈ নপৰে তাৰবাবে এই আইন আছে IDFৰ। ইজৰাইলী সেনাৰ যিসকলে দীৰ্ঘদিন ধৰি চাকৰি কৰি থাকে তেওঁলোকে নিজৰ ইউনিফৰ্মো নিজেই তৈয়াৰ কৰিব লাগে।

কেৱল ইজৰাইলত বসবাস কৰা নাগৰিকেই ইহুদি সৈনিকত যোগদান কৰিব তেনে নহয়। উচ্চশিক্ষা বা কামৰ বাবে বিদেশত থকা ইহুদিসকলেও সেনাবাহিনীত চাকৰি কৰিব লাগিব। প্ৰত্যেক বছৰেই বিদেশৰ পৰা ইজৰাইললৈ বহুতেই উচ্চশিক্ষা গ্ৰহণৰ বাবে আহে। তিনি বছৰৰ ভিছা লৈ ইজৰাইললৈ আহিব পাৰে যিকোনো দেশৰ ছাত্ৰই। সেই সময়ৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্ত এইসকল শিক্ষাৰ্থীক দেখুওৱা হয়। এই সময়ত কোনোবা ছাত্ৰ যদি সেনাত যোগদানৰ বাবে আগ্ৰহী হৈ উঠে তেন্তে তেনে ছাত্ৰইয়ো ইজৰাইলৰ সেনাবাহিনীত যোগদান কৰিব পাৰে।

১৮ বছৰৰ পৰাই এজন যুৱকে ইজৰাইলৰ সেনাবাহিনীত ভৰ্তী হ’ব পাৰে। ৩২ মাহ ধৰি এজন ব্যক্তিয়ে সৈনিক হিচাপে চাকৰি কৰিব পাৰে। পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত সেনাত যোগদানৰ বয়স যথাক্ৰমে ২৮ আৰু ২১ বছৰ। তেওঁলোকে যোগদানৰ পাছত ৩২ মাহ ধৰি চাকৰি কৰিব লাগে। উল্লেখ্য যে সৈনিক হিচাপে কৰ্মৰত অৱস্থাত সন্তান জন্ম হ’লে তেওঁলোকে চাকৰি এৰিব লাগে। এই বিশেষ নিৰ্দেশনা সমূহ সকলো নাগৰিকেই মানি চলে যাৰবাবে ইজৰাইলত জনসংখ্যা খুবেই সীমিত। IDFৰ নিয়মমতে এজন সেনাই সন্তান জন্ম হোৱাৰ পাছতেই চাকৰিৰ পৰা অব্যাহতি ল’ব লাগে। তাৰপিছত যদি কোনোৱে আৱেদন কৰে তেন্তে তেওঁলোকক কিছুদিনৰ বাবে চাকৰিত ৰখা হয়। ২০০০ বছৰ আগৰে পৰাই পুৰুষ আৰু মহিলা সৈনিকক এই নিয়ম মানি ট্ৰেইনিং দি অহা হৈছে। মহিলা আৰু পুৰুষক কাঁটাতাৰৰ বেৰেৰে বিভক্ত কৰি বেলেগ বেলেগকৈ ৰখা হয়। পুৰুষ আৰু মহিলাৰ এটা এটা পল্টনত ২০ জনকৈ সদস্য থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *