‘এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

‘এওঁলোকতো শিশু আছিল, স্বাধীনতা তুমি ক’ত আছা? এই পৃথিৱীত বিবেকৰ মৃত্যু হৈছে’, গাজাৰ চিকিৎসকে কান্দি কান্দি ক’লে কেইবাটাও কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কোনোটো শিশুৱে আঁঠু কাঢ়িবলৈ শিকিছেহে মাত্ৰ, কাৰোবাৰ আকৌ এটা দুটা মাত ফুটিছে। এখোজ দুখোজকৈ ঠিয় হৈ কোনো এটাই আকৌ ডালিমগুটিয়া দাতেৰে হাঁহিবলৈ শিকিছে। এই যে আৰম্ভণি, মাতৃৰ কোলাৰ উম লৈ শৈশৱ উদযাপনৰ সময়তেই নামি আহিল অমানিশা। স্তব্ধ হৈ পৰিল জীৱন। চিৰদিনৰ বাবে। ‘সন্ত্ৰাসবাদীক নিশেষ কৰাৰ বাবে এতিয়াও গাজাত চলি আছে ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইক। বুধবাৰে নিশা দক্ষিণ গাজাৰ খান উইনিছত এয়াৰ ষ্ট্ৰাইক চলাইছিল কোনো দুৰ্বৃত্তই। এই আক্ৰমণত সন্ত্ৰাসবাদী নিহত হোৱাৰ ওপৰিও বহুসংখ্যক শিশুৱে প্ৰাণ হেৰুৱাইছে। একাধিক শিশু আকৌ চিৰদিনৰ বাবেই পংগু হৈ পৰিছে।

এই শিশুসকল সন্ত্ৰাসবাদী আছিলনে? যদি সন্ত্ৰাসবাদৰ সৈতে এওঁলোক জড়িত আছিল তেন্তে এই হাস্পতালত মৃত্যু হোৱা আটাইতলৈ ডাঙৰ শিশু সন্ত্ৰাসবাদীৰ বয়স মাত্ৰ ১১ বছৰ। এই শিশুসকলকেই একাংশই সন্ত্ৰাসবাদী সজাইছে বুলি একাধিক ইছলামিক দেশে সমালোচনা কৰিছে। মৃত শিশুসকলক বগা কাপোৰেৰে ঢাকি শোৱাই থোৱা বিশেষ ৰুমটোত ৰৈ উচুপি উঠিছে ‘ইউৰোপিয়ান গাজা হাস্পতাল’ৰ ডাইৰেক্টৰ ইউছোফ-আল-আক্কাদে। তেওঁৰ সৈতে বিশেষ ৰুমটোত উপস্থিত আছে কেইবাগৰাকীও চিকিৎসক আৰু নাৰ্চ।
ডাইৰেক্টৰ ইউছোফ-আল-আক্কাদে মৃত শিশুসকললৈ চাই চকুলো টুকি কৈছে এটাই কথা, ‘এওঁলোক শিশু আছিল। ইনচেণ্ট চিলড্ৰেন। বিশ্ব, মুক্ত বিশ্ব, স্বাধীন বিশ্ব তুমি ক’ত আছা? কোনে কিয় হত্যা কৰিছে এইসকল শিশুক? এই প্ৰশ্ন তুমি কিয় এবাৰো উত্থাপন কৰা নাই? তোমাৰো বিবেকৰো মৃত্যু ঘটিছে নেকি?’

চিকিৎসকৰ এই কান্দোন দেখি উচুপি উঠিছে বহুজন। প্ৰৌঢ় এই চিকিৎসকগৰাকীৰ আক্ষেপ এটাই, শিশুসকলৰ নিথৰ দেহ, ৰক্তাক্ত শৰীৰ দেখিও কিয় কাৰো বিবেক জাগ্ৰত হোৱা নাই? সকলোৱে এতিয়া ৰাজনীতি কূটনীতিতেই ব্যস্ত। বিশ্ববাসীৰ ওচৰত চিকিৎসকগৰাকীৰ বিশ্ববাসীলৈ আকুল আৰ্জি, ‘আপোনালোকৰ এই নৃশংসতা দেখিও বুকু কঁপা নাই। সকলোৱে ৰাজনীতি-কূটনীতিৰ কাহিনীতেই ব্যস্ত। জীৱনৰ মূল্য নুবুজা হৈছে। এইসকলতো সন্ত্ৰাসবাদী নহয়, এইসকল নিষ্পাপ শিশু আছিল। এওঁলোকৰ পৰিচয় এটাই এওঁলোক শিশু। আপোনালোক আগুৱাই আহক। নিৰীহ শিশুসকলক সহায় কৰক। এওঁলোকৰ জীৱন ৰক্ষা কৰক। বাচি থকা বহু শিশুৰেই এতিয়া এই পৃথিৱীত কোনো আত্মীয় জীয়াই থকা নাই।’

এই খবৰ প্ৰচাৰৰ বাবেই সাংবাদিকক আমন্ত্ৰণ জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই। তেওঁলোকৰ মতে এই দৃশ্য বিশ্বই দেখক। ইয়াত সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা নাই। মৃত্যু হৈছে শিশুৰ। এই বীভৎস দৃশ্য দেখি চকু সেমেকি উঠিছে সাংবাদিকৰো। হাস্পতালখনৰ অধ্যক্ষই এই সন্দৰ্ভত কয় ‘আপোনালোকে এই ছবি তোলক। পৃথিৱীয়ে এই ছবি দেখক। বিশ্বাস কৰক, যুদ্ধৰ ভয়াৱহতা কি? এইসকল শিশুৱে সন্ত্ৰাসবাদৰ অৰ্থ বুজিছিল জানো? এওলোকৰ পৰিচয় এটাই এওঁলোক শিশু।’ সেই হাস্পতালৰেই আন এগৰাকী চিকিৎসকে কয়, ‘এটা দুটা নহয় বহু শিশু এতিয়াও মৃত্যুৰে যুঁজি আছে। কিমান শিশুৱে পিতৃমাতৃক হেৰুৱাই নিথৰুৱা হৈছে। এইসকল শিশুৰ ভৱিষ্যত কি হ’ব?’ গাজাৰ স্বাস্থ্যমন্ত্ৰণালয়ৰ পৰিসংখ্যা অনুসৰি ৭ অক্টোবৰৰ পৰা ১৯ অক্টোবৰ পৰ্যন্ত ইজৰাইলত মৃত্যু হৈছে ৩৭৮৫ জন ব্যক্তিৰ। তাৰমাজতেই শিশুৰ সংখ্যা ১৫২৮ জন।

এই হাস্পতালখনৰেই এগৰাকী মহিলা চিকিৎসকেও কান্দোনত ভাঙি পৰিছ। তেওঁ চিৎকাৰ কৰি কয়, ‘আমি এই শিশুসকলক ক’ত ৰাখিম? এইসকলৰ জীৱন ইমান সস্তা নে? বিশ্বৰ শান্তিৰ দূতসকল জীয়াই আছেনে? শিশুৰ জানো জাতি ধৰ্ম বৰ্ণ থাকে? এওঁলোকতো ঈশ্বৰৰ দূত। এওঁলোকৰ প্ৰতিও কেনেকৈ ইমান অমানৱীয় হৈ পৰিব পাৰে?’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *