‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন’, মন্তব্যৰ বাবেই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটিৰ মানহানি গোচৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ‘দেশৰ সকলোতকৈ ডাঙৰ প্ৰতাৰক হৈছে ইছকন৷ গোশালাৰ গৰু তেওঁলোকেই কছাইখানাত বিক্ৰি কৰে’ ইছকনৰ বিৰুদ্ধে এই মন্তব্য কৰি দেশজুৰি চৰ্চাত মেনকা গান্ধী৷ মেনকা গান্ধীৰ এই মন্তব্য ভাইৰেল হৈ থকাৰ সময়তে ইছকনে মেনকা গান্ধীৰ বিৰুদ্ধে লৈছে বিশেষ পদক্ষেপ৷ ইছকনৰ তৰফৰ পৰা ১০০ কোটি টকাৰ মানহানী গোচৰ তৰা হৈছে মেনকা গান্ধীৰ বিৰুদ্ধে৷

বুধবাৰৰ পৰা মেনকা গান্ধীৰ এই মন্তব্য এক্স হেণ্ডেলত ভাইৰেল হৈ আছে৷ শুকুৰবাৰে ইছকনৰ তৰফৰ পৰা বিতৰ্কিত মন্তব্যটোক লৈ মেনকাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হৈছে৷ ইতিমধ্যে বিজেপি সাংসদগৰাকীক ১০০ টকাৰ মানহানিৰ নটিছ পঠিয়াইছে ইছকনে৷ ধৰ্মীয় এই সংস্থাটোৱে জনোৱমতে মেনকা গান্ধীৰ এই মন্তব্য সম্পূৰ্ণ ভিত্তিহীন৷ ইছকনৰ তৰফৰ পৰা তেওঁলোকে জনোৱামতে, ‘শুকুৰবাৰে আমি মেনকা গান্ধীলৈ ১০০ কোটি টকাৰ মানহানিৰ নটিছ পঠিয়াইছো৷ ইছকনৰ বিৰুদ্ধে তেঁও ভিত্তিহীন মন্তব্য কৰিছে৷ বিশ্বব্যাপী ইছকনৰ ভক্ত আছে৷ বিশ্বৰ সকলো ভক্তকেই এই মন্তব্যই ব্যথিত কৰিছে৷ মানহানিকৰ এই অপবাদৰ বাবেই আমি তেওঁলৈ নটিছ পঠিয়াইছো৷ ইছকনৰ বিৰুদ্ধে এনে ভুৱা প্ৰচাৰ ভাল কথা হোৱা নাই৷ আমি ন্যায়ৰ বাবে যুঁজ দিমেই৷’

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধী এগৰাকী পশুপ্ৰেমী৷ পশুহত্যাৰ বিৰুদ্ধে তেওঁ বহুসময়ত মন্তব্য কৰি আহিছে৷ মেনকাৰ ভিডিঅ’টোত তেওঁ স্পষ্টকৈ কৈছে, ‘দেশৰ ভিতৰত সকলোতকৈ বেছি প্ৰতাৰক হৈছে ইছকন৷ তেওঁলোকে গোশালা নিৰ্মাণৰ নামত চৰকাৰৰ পৰা ৰাজসাহাৰ্য্য লৈ আহিছে৷ মই অন্ধ্ৰপ্ৰদেশৰ ইছকনৰ অনন্তপুৰ গোশালা পৰিদৰ্শন কৰি এই মন্তব্য কৰিছো৷ তাত যিমান গৰু দেখিছো সকলো গাই৷ তাৰ মাজৰ যিসমূহ গাইয়ে গাখীৰ নিদিয়ে সেইসমূহক তেওঁলোকে বিক্ৰী কৰি দিয়ে৷ কছাইৰ হাতত এই গাইসমূহ বিক্ৰি কৰি দিয়ে ইছকনে৷ আৰু এইসকলেই ৰাস্তাত হৰে ৰাম হৰে কৃষ্ণ গাই ফুৰে৷’ ইছকনে মেনকাৰ এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে৷ ইছকন ভক্ত মেনকাই কিয় এনে মন্তব্য কৰিলে আচৰিত হৈছো বুলিও ইছকনৰ তৰফৰ পৰা বিবৃতি দিয়া হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *