আইছিছ প্ৰধানৰ মৃত্যু কেনেকৈ হ’ল? অৱশেষত মৃত্যুৰ খবৰৰ সত্যতা স্বীকাৰ কৰিলে আইছিছৰ মুখপাত্ৰই…

আইছিছ প্ৰধানৰ মৃত্যু কেনেকৈ হ’ল? অৱশেষত মৃত্যুৰ খবৰৰ সত্যতা স্বীকাৰ কৰিলে আইছিছৰ মুখপাত্ৰই…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: নেতাৰ মৃত্যু হ’ল। অৱশেষত সেই কথা মানি ল’লে বিদ্ৰোহী সংগঠন আইচিচে। কেৱল সংগঠনটোৰ নেতাৰ মৃত্যুৰ কথাই স্বীকাৰ কৰিছে এনে নহয় নতুন নেতাৰ নামো প্ৰকাশ কৰিছে নিষিদ্ধ সংগঠনটোৱে। বিগত মাৰ্চ মাহত সংগঠনটোৰ নেতাৰ দায়িত্ব লৈছিল আবু আল হাছান আল হাছমি আল কুৰেছিয়ে। সংগঠনৰ দায়িত্ব গ্ৰহণৰ মাত্ৰ কেইটামান মাহৰ পাছতেই কেনেকৈ মৃত্যু হ’ল আল কুৰেছিৰ সেই কথা সঠিককৈ জনা নাযায়।

বুধবাৰে আইছিছৰ নিজা সংবাধমাধ্যম ‘আল ফুৰকান’ত এটা অডিঅ বাৰ্তা শ্বেয়াৰ হৈছে। তাতেই নেতাগৰাকীৰ মৃত্যু হোৱা বুলি জনোৱাৰ লগতে নতুন নেতাৰ কথাও উল্লেখ আছে। আইছিছৰ মুখপাত্ৰ আবু ওমৰ আল মুহাজেৰে প্ৰকাশ কৰামতে সৰ্বশক্তিমান শত্ৰুৰ বিৰুদ্ধে হোৱা যুদ্ধত মৃত্যু হৈছে পূৰ্বৰ নেতা আল কুৰেছিৰ বুলি প্ৰকাশ কৰিছে আইছিছৰ মুখপাত্ৰগৰাকীয়ে। ইপিনে নতুন নেতাৰ নাম প্ৰকাশ নকৰিলেও তেওঁৰ পৰিচয় দাঙি ধৰি কয় যে আইছিছৰ এজন পুৰণা সদস্যকেই সংগঠনটো পৰিচালনা কৰাৰ দায়িত্ব দিয়া হৈছে।

উল্লেখ্য যে এই বছৰৰ মাৰ্চ মাহত আমেৰিকাৰ প্ৰেছিডেণ্ট জ’ বাইডেনে ঘোষণা কৰিছিল যে, উত্তৰ ছিৰিয়াত হোৱা সামৰিক অভিযানত মৃত্যু হৈছে আইছিছ প্ৰধান আবু ইব্ৰাহিম আল হাছিমি আল কুৰেছিয়ে। তাৰ পাছতেই আবু আল হাছান আল হাছমি আল কুৰেছিয়ে জংগী সংগঠনটোৰ প্ৰধান হিচাপে দায়িত্ব লৈছিল। কিন্তু ৯ মাহ পাছতেই হঠাতেই নতুন নেতাগৰাকীকো মৃত্যু ঘটিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *