মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

মূল্যবৃদ্ধিৰ পৰা ইন্ধনৰ সংকটলৈকে! ইৰাণ-ইজৰাইলৰ যুদ্ধই কি কি বিপদ মাতিছে ভাৰতলৈ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অসম লাইভ২৪ঃ ভয়াৱহ সংঘৰ্ষত সোমাই পৰিছে ইৰাণ-ইজৰাইল। শ শ মিছাইল, ড্ৰোণ লৈ ইহুদি দেশত সোমাই আক্ৰমণ চলাইছে ইৰাণে। সমস্ত ক্ষেপণাস্ত্ৰ আক্ৰমণ প্ৰতিহত কৰিছে ইজৰাইলী ডিফেন্স ফৰ্ছে। মধ্যপ্ৰাচ্য়ৰ এই যুদ্ধই এতিয়া প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে ভাৰতত। দুই দেশৰ মাজত সংঘৰ্ষৰ এই পৰিস্থিতিত তীক্ষ্ণ নজৰ ৰাখিছে দিল্লীয়ে। দেওবাৰে অফিচিয়েল বিবৃত্তি দি সেই কথা বুজাই দিছে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে।

ইৰাণ আৰু ইজৰাইলৰ মাজত অশান্তি বৃদ্ধি হ’লে ভাৰততো মাৰাত্মক প্ৰভাৱ পৰিব। উদ্বেগৰ বিষয় যে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ পৰিস্থিতি যদি আৰু বেয়া হয় তেন্তে ইয়াৰ প্ৰভাৱ পৰিব অৰ্থনীতিত। নিশাৰ ভিতৰতেই বাঢ়িব পাৰে অপৰিশোধিত তেলৰ দাম। ইয়াৰ ফলত ভাৰতত প্ৰভাৱ পৰিব।

কি কি ক্ষেত্ৰত প্ৰভাৱ পৰিব ভাৰতত?

এই মুহূৰ্তত বেৰেলে প্ৰতি অপৰিশোধিত তেলৰ দাম ৯০ ডলাৰ পাৰ হোৱাৰ সম্ভাৱনা আছে। ইৰাণ-ইজৰাইল যুদ্ধ অব্যাহত থাকিলে কেইটামান দিনৰ ভিতৰতেই তেলৰ দাম ১০০ ডলাৰ পাৰ হ’ব বুলিও ধাৰণা কৰিছে আন্তৰ্জাতিক মহলে। অপৰিশোধিত তেলৰ ৮০শতাংশই ভাৰতে আমদানি কৰে। নিশাৰ ভিতৰত তেলৰ দাম বাঢ়িলে ভাৰতত এই অপৰিশোধিত তেল আমদানি কৰিবলৈ ভাৰতে মোটা অংকৰ ধন খৰচ কৰিব লাগিব।

ইৰাণ-ইজৰাইলৰ যুদ্ধ চলিলে মুদ্ৰাস্ফীতি হ’ব পাৰে। ভাৰতে যি তেল আমদানি কৰে তাৰ অধিকাংশই মধ্য়প্ৰাচ্যৰ পৰা আহে। ফলত যুদ্ধৰ কাৰণে ক্ষতিৰ সম্ভাৱনা আছে ভাৰতত। আশংকা কৰা মতে যুদ্ধৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া হিচাপে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

প্ৰতিৰক্ষা বিশেষজ্ঞৰ মেজৰ জেনেৰেল অশোক কুমাৰে জনোৱা অনুসৰি ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ ফলত ভাৰতৰ প্ৰতিৰক্ষা সৰবৰাহ প্ৰভাৱিত হ’ব পাৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো একেই ঘটনা কৰিছিল।

আৱজাৰ্ভ ৰিচাৰ্ছ ফাউণ্ডেছন চেণ্টাৰ ফৰ ফৰেন পলিচি ষ্টাডিজৰ ভাইছ প্ৰেচিডেণ্ট প্ৰফেছৰ হৰ্ষ ভি পান্থে কয়, ইজৰাইল ইৰাণৰ যুদ্ধৰ ফলত সমগ্ৰ মধ্যপ্ৰাচ্যই আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব। খুব গুৰুতৰ সংকটেও দেখা দিব পাৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *