গম পালেনে…মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

গম পালেনে…মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সেইদিনা তেওঁ কৈছিল, ‘মোৰ মাতৃভূমিয়ে মোক বিচাৰিছে। মাতৃভূমিতকৈ ডাঙৰ জানো কিবা থাকিব পাৰে?’ অসমৰ মৰমে টানিলেও অসম এৰিলে আনন্দ মিশ্ৰই। অসমত থাকি অসমীয়াৰ প্ৰেমত পৰিলেও মাদাৰলেণ্ড অলৱেইছ বি মাদাৰলেণ্ড। জন্মভুমিৰ প্ৰতি আপোনাৰ মোৰ যেনেদৰে ভালপোৱা আছে এই ভালপোৱা বিহাৰৰ প্ৰতি আছে আনন্দ মিশ্ৰৰো। ছিভিল ছাৰ্ভিছৰ লোভনীয় চাকৰিতকৈ মাতৃভূমিৰ আৱেগ সদায়ে পৃথক। অসম এৰিবলৈ গৈ আৱেগিক আনন্দ মিশ্ৰই তেওঁৰ মন্তব্যত কৈছিল এইকথা।

অসমৰ এছ পি সকলে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিব নোৱাৰিব বুলি কোৱাৰ পাছতো নিয়ম ভাঙি কেমেৰাৰ সন্মুখত সেইদিনা আনন্দ মিশ্ৰই সকলোকে আৱেগিক কৰি কৰিছিল কেইবাটাও মন্তব্য। আনন্দ মিশ্ৰই ১৮ ডিচেম্বৰত দাখিল কৰা পদত্যাগ পত্ৰক লৈ ৰাজ্যজুৰি কিছু হৈ-চৈ লাগিছিল যদিও শেষ মুহূৰ্তত সকলোবোৰ তল পৰিল। সকলোৰে অজ্ঞাতে অসম এৰি গ’লগৈ সকলোৰে প্ৰিয় হৈ পৰা আনন্দ মিশ্ৰ। অসমত বিগত সময়ছোৱাত খুবেই জনপ্ৰিয় হৈ হিয়াৰ কোণত ঠাই লোৱা বিশেষ ব্যক্তিজন অসম এৰি নিজৰ মাতৃভূমিলৈ গ’লগৈ।

কেইবাবছৰ ধৰি অসমৰ ধুবুৰী, নগাওঁ তাৰপিছত লখিমপুৰত সেৱা আগবঢ়োৱা আনন্দ মিশ্ৰই নিজৰ কামৰ মাজেৰে অসমত অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ লোকেও তেওঁৰ কামৰ বিনিময়ত দিয়া আন্তৰিকতা মৰমৰ কথাবোৰ সোঁৱৰি বিদায় পৰত অসমক লৈ যথেষ্ট আৱেগিকো হৈ পৰিছিল আনন্দ মিশ্ৰ। শেহতীয়াকৈ বিগত ৩ জানুৱাৰীত বিহাৰ বিজেপিৰ যুৱমৰ্চাৰ এগৰাকী কাৰ্যকৰ্তাই আনন্দ মিশ্ৰক স্বাগত জনাই কৰিছে বিশেষ প’ষ্ট।

তেওঁ আনন্দ মিশ্ৰৰ এখন ছবি প’ষ্ট কৰি লিখিছে, ‘এই ছবি মোৰ ভাতৃপ্ৰতিম আনন্দ মিশ্ৰৰ। বহু লোকে তেওঁক পাগল বুলি কৈছে। ইমান সন্মান থকা চাকৰি বাদ দি তেওঁ ঘৰলৈ আহি আছে। ইমান সন্মানীয় আসন এৰি তেওঁ ৰাজনীতিলৈ আহি আছে! এয়া পাগলৰেই কাৰবাৰ। তেওঁ ৰাজনীতিত ধন ঘটিবলৈকে আহি আছে বুলিও একাংশই তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। মই এই অপপ্ৰচাৰ চলোৱাসকলক ক’ব বিচাৰো যে, যদি তেওঁ ধনেই উপাৰ্জন কৰিব বিচাৰে তেন্তে তেওঁ যি আসনত আছে সেই আসনত অকল সন্মানেই নাই টকাও আছে। ধনৰ সৈতে সন্মান। মাজে মাজে প্ৰমোছন। ৩ৰ পৰা ৫ বছৰৰ ভিতৰত পদোন্নতিও আছে। এই আৰামৰ চাকৰি তেওঁ এৰি অহাৰ কাৰণ নিজৰ মাতৃভূমিহে। ৰাজনীতিয়ে তেওঁক কেতিয়াও সুৰক্ষিত ভৱিষ্যত দিব নোৱাৰে। ৫ বছৰ পাছত কি হ’ব তাৰো কোনো নিশ্চয়তা ৰাজনীতিত কোনোকালে নাথাকে। আৰু এটা কথা, তেওঁক যিয়ে পাগল বুলি কৈছে তেওঁলোককো কওঁ, হয় তেওঁ পাগল হ’বই লাগিব। পাগল বাবেহে মাত্ৰ ১৩ বছৰ চাকৰি কৰিয়েই তেঁও IPSৰ চাকৰি ৰিজাইন দিছে। কেৱল নিজৰ ঠাইৰ কথা ভাৱি পাগলৰ দৰে দৌৰি আহিছে।’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *