কথা মতেই লোকসভাক বিদায় দিলে ছোনীয়াই! ইন্দিৰাৰ পাছত গান্ধী পৰিয়ালৰ দ্বিতীয়গৰাকী সদস্য ৰাজ্যসভালৈ

কথা মতেই লোকসভাক বিদায় দিলে ছোনীয়াই! ইন্দিৰাৰ পাছত গান্ধী পৰিয়ালৰ দ্বিতীয়গৰাকী সদস্য ৰাজ্যসভালৈ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ২০১৯ প লোকসভা নিৰ্বাচনতেই পৰিষ্কাৰ কৰি দিছিল এয়াই তেওঁৰ শেষ নিৰ্বাচনী যুঁজ। জল্পনাৰ অন্ততঃ সকলো স্পষ্ট কৰি দিলে ছোনীয়া গান্ধীয়ে। ৰাজনীতিৰ পৰা এইবাৰ কিছু আঁতৰিছে ছোনীয়া গান্ধী। শেষ পৰ্যন্ত ৰাজ্যসভাৰ পৰা মনোনয়ন জমা দিলে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনীয়া গান্ধীয়ে। জয়পুৰ আসনৰ পৰা কংগ্ৰেছ ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব ছোনীয়া গান্ধী। বুধবাৰে পুৱাই মনোনয়ন পত্ৰ জমা দিছে ছোনীয়া গান্ধীয়ে। সেই আসনৰ পৰা ছোনীয়া গান্ধী জয়লাভ কৰাটো প্ৰায় নিশ্চিত। এই সংশ্লিষ্ট আসনৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙো। আগন্তুক এপ্ৰিলত তেওঁৰ ছয় বছৰীয়া ম্যাদ শেষ হৈছে।

উত্তৰপ্ৰদেশৰ ৰায়বৰেলীৰ সাংসদ ছোনিয়া গান্ধী এইবাৰেই প্ৰথম ৰাজ্যসভালৈ যাত্ৰা কৰিছে। গান্ধী পৰিয়ালৰ পৰা ছোনীয়া ৰাজ্যসভালৈ যোৱা দ্বিতীয়গৰাকী নেত্ৰী। ইয়াৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ৰাজ্যসভাৰ সাংসদ হৈছিল। ১৯৬৮ চনৰ ফেব্ৰুৱাৰীৰ পৰা ১৯৬৭ চন পৰ্যন্ত ৰাজ্যসভাৰ সাংসদ আছিল ছোনীয়া গান্ধীৰ শাহুৱেক ইন্দিৰা গান্ধী।

ছোনীয়াই প্ৰথম লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল ১৯৯৯ চনত। সেই বছৰতেই প্ৰথমবাৰে কংগ্ৰেছৰ সভানেত্ৰীও হৈছিল ছোনীয়া গান্ধী। বুধবাৰে ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘শ্ৰদ্ধাৰ ছোনীয়া গান্ধীক কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে কৰা ঘোষণাক স্বাগত জনাইছো। তেওঁ প্ৰধানমন্ত্ৰী পদ কেতিয়াবাই প্ৰত্যাখ্যান কৰিছিল।’ এই ঘোষণাত সমগ্ৰ ৰাজস্থানেই সুখী বুলিও জনাইছে অশোক গেহলটে। কিন্তু ৰাজস্থানক কিয় বাচি ল’লে ছোনীয়াই? তেওঁ তেলেংগানা বা কৰ্নাটকৰ প্ৰাৰ্থীও হ’ব পাৰিলেহেতেন। পৰ্যবেক্ষকৰ মনতে উত্তৰ ভাৰতত কংগ্ৰেছৰ বিপৰ্যয়ৰ মাজতেই ছোনীয়াই ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ সাংসদ পদত অৱতীৰ্ণ হৈ হিন্দীবলয়ত তেওঁৰ আন্তৰিকতা এতিয়াও আছে বুলি প্ৰমাণ দিব বিচাৰিছে। ছোনীয়া ৰাজ্যসভাৰ সাংসদ হ’লে ৰায়বৰেলী আসনৰ পৰা তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধী লোকসভাৰ প্ৰাৰ্থী হ’ব বুলি জনাইছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *