৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে ‘আত্মনিৰ্ভৰ’ ভাৰতে! ক্ৰেতাৰ তালিকাত কোন কোন?

৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে ‘আত্মনিৰ্ভৰ’ ভাৰতে! ক্ৰেতাৰ তালিকাত কোন কোন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেশৰ অন্যান্য ক্ষেত্ৰৰ সমান্তৰালকৈ প্ৰতিৰক্ষা ক্ষেত্ৰতো ক্ৰমশ আত্মনিৰ্ভৰ হৈ উঠিছে ভাৰত। এই সময়ত বিশ্বৰ উন্নত দেশসমূহেও অস্ত্ৰৰ বাবে ভাৰতৰ ওপৰত ভৰষা কৰিব লগা হৈছে। বৰ্তমান ভাৰতে ৮৫খন দেশক অস্ত্ৰ বিক্ৰি কৰিছে। বিগত সোমবাৰে ফাৰ্ষ্ট পোষ্টৰ এক অনুষ্ঠানত উপস্থিত হৈ দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে জনাইছে যে বিভিন্ন দেশৰ প্ৰতিৰক্ষা সৰঞ্জাম বিক্ৰিৰ অংকত এইবাৰেই প্ৰথম ২১ হাজাৰ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।

২০২২-২০২৩ অৰ্থবৰ্ষত ১৬হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰিছিল ভাৰতে। ২০২৩-২৪ অৰ্থবৰ্ষত সেই অংক ৩২.৫ শতাংশ বৃদ্ধি পাইছে। এই উত্থানক আকৰ্ষণীয় বুলি অভিহিত কৰিছে ৰাজনাথ সিঙে। ৰাজনাথে জনোৱা অনুসৰি ভাৰতৰ লক্ষ্য ২০২৪-২৫অৰ্থবৰ্ষত এই অংক ৩৫হাজাৰ কোটিলৈ উত্থান কৰা। কেন্দ্ৰৰ মোদী চৰকাৰৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে ক্ষমতালৈ অহাৰ পাছতেই প্ৰতিৰক্ষা সামগ্ৰী বিক্ৰিৰ ওপৰত ভাৰতে বিশেষ নজৰ দিছে বুলিও দাবী কৰিছে তেঁও। ২০১৩-১৪ চনত অস্ত্ৰ বিক্ৰিৰ ক্ষেত্ৰত টকাৰ পৰিমাণ আছিল মাত্ৰ ৬৮৬ কোটি টকা। ২৩-২৪বৰ্ষত সেই উপাৰ্জন বৃদ্ধি হৈ হৈছেগৈ ২১হাজাৰ ৮৩ কোটি। ভাৰতে যি ৮৫খন দেশত প্ৰতিৰক্ষা সামগ্ৰী যোগান ধৰিছে। সেই দেশসমূহৰ মাজত আছে ৰাছিয়া, সংযুক্ত আৰৱ, ইজৰাইলো। ইয়াৰোপৰি মলদ্বীপ, শ্ৰীলংকা, ছৌদি আৰৱ, ফিলিপাইনছ, পোলেণ্ড, চিলিৰ দৰে দেশে ভাৰতৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছে। আন্তৰ্জাতিক বজাৰত সকলোতকৈ বেছি চাহিদা আছে ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ।

ইয়াৰোপৰি ডৰ্নিয়েৰ-২২৮ যুদ্ধবিমান, ৰকেট লঞ্চাৰ, অগ্নিনিৰ্বাপণ যন্ত্ৰ, নিশাও দেখা পোৱা বাইনোকুলাৰ, শত্ৰুৰ গতিবিধি লক্ষ্য কৰা ৰাডাৰসহ একাধিক সামগ্ৰী বিভিন্ন দেশক বিক্ৰি কৰিছে ভাৰতে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি অষ্ট্ৰেলিয়া, জাপান, ব্ৰাজিল, মিছৰ, ইন্দোনেছিয়া, থাইলেণ্ডৰ দৰে মুঠ ৩৪খন দেশক বুলেট প্ৰতিৰোধী জেকেটো যোগান কৰিছে ভাৰতে। ভাৰতৰ পৰা বন্দুকৰ গুলী ক্ৰয় কৰে ১০খন দেশে। আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্সৰ দৰে দেশে ভাৰতৰ পৰা প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰয়োজনীয় বৈদ্যুতিন সামগ্ৰী ক্ৰয় কৰে। মৰিছাচ, মলদ্বীপেও ভাৰতৰ পৰা জলযান ক্ৰয় কৰিছে। জলপথত শত্ৰুপক্ষক ধৰাৰ বাবেই এই জাহাজসমূহ ব্যৱহাৰ কৰা হয়।

ভাৰত আৰু ৰাছিয়াই যৌথভাৱে তৈয়াৰ কৰিছে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ। এক সংবাদমাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি সম্প্ৰতি ভিয়েটনামেও এই ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ মন মেলিছে। তালিকাত আছে ইন্দোনেছিয়াও। ৰাষ্ট্ৰীয় সংস্থা হিন্দুস্তান এৰোনটিক্স লিমিটেডে বিগত ডিচেম্বৰত জনোৱা অনুসৰি তেজছ যুদ্ধবিমান ৰপ্তানী কৰাৰ বাবে আৰ্জেণ্টিনা, ফিলিপাইনছ, নাইজেৰিয়াসহ মুঠ ৬খন দেশৰ সৈতে কথাবতৰাও চলি আছে।

টাইমছ অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ৬০০০ কোটিৰ নতুন প্ৰতিৰক্ষা চুক্তি অনুসৰি আৰ্মেনিয়াৰ হাতত নিজৰ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী প্ৰযুক্তি তুলি দিবলৈ সন্মত হৈছে নতুন দিল্লী। এই প্ৰযুক্তিৰ সহায় ল’বলৈ আগ্ৰহ দেখুৱাইছে ভিয়েটনাম, ফিলিপাইনছ, মিছৰেও। অস্ত্ৰ বিক্ৰিৰ নিৰিখত বিশ্বৰ ভিতৰত প্রথমস্থানত আছে আমেৰিকা। সমগ্ৰ বিশ্বৰ ৪২ শতাংশ অস্ত্ৰ যোগান ধৰে আমেৰিকাই। দ্বিতীয় স্থানত ফ্ৰান্স আৰু ৰাছিয়া। তাৰপাছতেই আছে চীন। অস্ত্ৰ ক্ৰয়ৰ নিৰিখত এতিয়া বিশ্বৰ ভিতৰত এক নম্বৰত আছে ভাৰত। ইণ্টাৰনেশ্ব্যনেল পিছ ৰিচাৰ্ছ ইনষ্টিটিউটৰ পৰিসংখ্যা অনুসৰি ২০১৯ৰ পৰা ২০২৩ চনলৈকে ভাৰতে সমগ্ৰ বিশ্বত ৯.৮ শতাংশ অস্ত্ৰ আমদানি কৰিছে। ভাৰতে অৱশ্যে এই পৰনিৰ্ভৰতা ক্ৰমশ কমাব বিচাৰিছে। দেশীয় প্ৰযুক্তিত নতুবা অন্য দেশৰ সৈতে যৌথভাৱে প্ৰতিৰক্ষা সামগ্ৰী তৈয়াৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *