মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

মাত্ৰ ৫টকাৰ সামগ্ৰীৰ বাবেই ১০,০০০ টকাৰ জৰিমনা, কি এই ৫টকীয়া সামগ্ৰী?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কিছুদিন পূৰ্বে সামাজিক মাধ্যমত এটা খবৰ খুবেই বিয়পি পৰিছিল। সেই খবৰে বহুজনক চিন্তিতও কৰিছিল, বহুজনে আকৌ কৈছিল ধেই এয়া হ’বই নোৱাৰে। কিন্তু উপলুঙা কৰিলেও এই কথা সঁচা। নিউজিলেণ্ডৰ বিমানবন্দৰত এই ঘটনাৰ মুখামুখি হৈছে এগৰাকী ভাৰতীয় মহিলা। তেওঁ নিউজিলেণ্ডলৈ যাত্ৰা কৰোতে লগত লৈ গৈছিল ৫টকাৰ নৰসিংহ পাত। সেই ৫টকাৰ নৰসিংহৰ কাৰণেই মহিলাগৰাকীয়ে ভৰিব লগা হ’ল ১০হাজাৰ টকা।

ভাৰতীয় খাদ্যত সোৱাদৰ বাবে বহুতেই এই নৰসিংহ পাত যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ দক্ষিণ ভাৰতীয় মানুহে যিকোনো খাদ্য ৰান্ধোতে এই পাত ব্যৱহাৰ কৰে। স্বাস্থ্যৰ বাবেও এই পাত খুবেই উপকাৰী। ভাৰতীয় এই খাদ্যৰ বিষয়ে হয়তো নিউজিলেণ্ডবাসী অৱগত নহয়। সেয়ে এইবাৰ নৰসিংহ পাতকেই গাঞ্জা বুলি ভাৱি জৰিমনা বিহা হ’ল ভাৰতীয় মহিলাগৰাকীক।

নৰসিংহ পাতৰ বাবেই মহিলাগৰাকীক এৰেষ্টো কৰে নিউজিলেণ্ড আৰক্ষীয়ে। তাৰপিছতেই মহিলাগৰাকীৰ যাৱতীয় সকলো তথ্য পৰীক্ষাও কৰে। ভাৰতৰ পৰা নিয়া সকলো কাগজপত্ৰ পৰীক্ষা কৰাৰ অন্তত মহিলাগৰাকীক ২০০ নিউজিলেণ্ড ডলাৰ জৰিমনা বিহা হয়। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান ১০হাজাৰ টকা। নিৰুপায় মহিলাগৰাকীয়ে বাধ্য হৈ জৰিমনাৰ ধৰো পৰিশোধ কৰে।

নিউজিলেণ্ড ভ্ৰমণলৈ গ’লে লগত এইকেইবিধ সামগ্ৰী নিনিবই

কোনোৱে যদি ভাৰতৰ পৰা নিউজিলেণ্ড ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে নিজৰ খোৱা সামগ্ৰী লগত নিব পাৰে। নিব পৰা খাদ্যসামগ্ৰীৰ ভিতৰত আছে কণী, সামুদ্ৰিক খাদ্য, আঁচাৰ, চাউল, গাখীৰ, চেনী, শুকান ফল, জলকীয়া, তুলসী পাত, চিৰা, জিৰা মছালা, ফলমূল আদি। যদি আপুনি ভাৰতৰ পৰা নিউজিলেণ্ডলৈ কিছু উদ্ভিদজাত সামগ্ৰী লৈ যাব বিচাৰে তেন্তে সেই উদ্ভিদৰ যাৱতীয় তথ্য আপুনি বিমানবন্দৰত দি যাব লাগিব। নিব পৰা উদ্ভিদজাত সামগ্ৰীৰ মাজত আছে মন্দিৰত দিয়া ফুলৰ নৈবেদ্য, বাঁহ, নাৰিকল আৰু ভেষধ ঔষধ তৈয়াৰৰ সামগ্ৰী।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *