ভাৰতৰ সৈতে খেলত নমাৰ পূৰ্বে উদ্বিগ্ন পাক বলাৰ শ্বাহিন, কিয় উদ্বিগ্ন হৈছে ক্ৰিকেটাৰগৰাকী?

ভাৰতৰ সৈতে খেলত নমাৰ পূৰ্বে উদ্বিগ্ন পাক বলাৰ শ্বাহিন, কিয় উদ্বিগ্ন হৈছে ক্ৰিকেটাৰগৰাকী?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- তেওঁ পাকিস্তানৰ অন্যতম ভৰষা। তেঁৱেই ভাৰতৰ অন্যতম আশংকাৰ কাৰণ। শনিবাৰে অৰ্থাৎ আজি মেচ আৰম্ভ হ’বলৈ বেছি সময় নাই। শনিবাৰৰ এই মেচক লৈ আত্মবিশ্বাসী হৈ উঠিছে পাকিস্তানৰ পেছাৰ শাহিন শ্বাহ আফ্ৰিদি। অৱশ্যে আত্মবিশ্বাসৰ সমান্তৰালকৈ চিন্তিতও হৈছে শাহিন। ভাৰতীয় আটাইকেইজন বেটাৰেই শাহিনৰ বলিঙৰ সৈতে পৰিচিত। ৰোহিত শৰ্মা, বিৰাট কোহলি, শুভমন গীলকে ধৰি আটাইকেইজনেই তেঁওৰ বলিং কেপাচিটিৰ সৈতে পৰিচিত।

এইবাৰো পাকিস্তানৰ বলিঙৰ নেতৃত্বত আছে শ্বাহিন। পাকিস্তানৰ বহু মেছ জিকোৱাৰ আঁৰত তেওঁ আছে। শ্বাহিনে মেছৰ পূৰ্বে কৰিছে বিশেষ টুইট, ‘মই সকলো সময়তে এটা কথাতেই লক্ষ্য ৰাখো যে আৰম্ভণিতেই যাতে দুটা উইকেট ল’ব পাৰো। প্ৰতিপক্ষক প্ৰথমেই চাপ দিব লাগে। মিডল অৰ্ডাৰ বেটাৰ কেইজনে অপেনাৰসকলৰ দৰে আক্ৰমণাত্মক নাথাকে। সেয়ে অপেনাৰক আউট কৰাব পাৰিলেই খেল আমাৰ হাতলৈ আহি যায়।’

এইবাৰো শ্বাহিনে একে পৰিকল্পনাৰেই খেলত নামিছে। সেয়ে কিছু চিন্তিতও হৈছে। কাৰণ ভাৰতীয় বেটাৰে শ্বাহিনৰ বলিং ভালকৈয়ে জানে। গতিকে ভাৰতীয় দলৰ বেটাৰক আউট কৰা সহজ কথা নহয়। ক্ষন্তেক সময়ৰ পাছতেই আৰম্ভ হ’ব খেল। সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি থাকিব এতিয়া এই বিশেষ খেলখনত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *