টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

টিম ইণ্ডিয়াৰ বাবে বেয়া খবৰ! আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচত ভাগ নলয় শুভমন গীলে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- সোমবাৰ অৰ্থাৎ ৯ অক্টোবৰত চেন্নাইৰ পৰা দিল্লীত উপস্থিত হৈছে ভাৰতীয় ক্ৰিকেট দল। কিন্তু ভাৰতীয় ক্ৰিকেট দলত মাই অপেনাৰ শুভমন গীল। দেওবাৰেও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলত নমা নাছিল শুভমন। তাৰ পৰিবৰ্তে টিম ইণ্ডিয়াৰ অপেনাৰ হিঁচাপে আছিল ঈশান কিষাণ। অষ্ট্ৰেলিয়াৰ সৈতে খেলত ভাগ নোলোৱাৰ পাছত সকলোৱে আশা কৰিছিল যে শুভমনে দ্বিতীয়খন খেলত খেলিব। শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দিল্লীলৈ যাব নোৱাৰিলে। ১১ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ দ্বিতীয় মেচ খেলিব টিম ইণ্ডিয়াই।

আফগানিস্তানৰ বিৰুদ্ধে বিশেষ মেচখন অৰুণ জেটলী ষ্টেডিয়ামত আয়োজন কৰা হ’ব। চলিত বছৰৰ এদিনীয়া ক্ৰিকেটত দুৰ্দান্ত বেটিং ফৰ্ম দেখুৱাইছিল শুভমনে। সেই শুভমনেই আইচিচি ৱাৰ্ল্ডকাপত অনুপস্থিত থকাক লৈ বহুতেই উত্থাপন কৰিছে প্ৰশ্ন। বিচিচিআইয়ে এই বিষয়ত জাৰি কৰা বিবৃত্তিত জনোৱা অনুসৰি টিম ইণ্ডিয়াৰ বেটাৰ শুভমন গীলে ৯তাৰিখে দিল্লীলৈ ৰাওনা হোৱা দলটোৰ সৈতে নাই। শুভমনৰ এই অনুপস্থিতি ভাৰতীয় ক্ৰিকেট দলৰ বাবে যথেষ্ট উদ্বেগৰ কাৰণ। ২৩ বৰ্ষৰ আৰম্ভণিৰে পৰাই শুভমনে ভাল পাৰ্ফৰমেন্স দি অৱশেষত বিশ্বকাপত ভাগ ল’ব নোৱাৰাটোৱে অনুৰাগীৰ মনো সেমেকাই তুলিছে। দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা খেলত ৰোহিত, ঈশান কোনোৱেও এটাও ৰান ল’ব নোৱাৰাটোৱে হতাশো কৰিছে বহুজনক।

আই চি চি বিশ্বকাপ ক্ৰিকেট ৰেংকিঙত শুভমন গীল দ্বিতীয় স্থানত আছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত বিশ্বকাপত ভাৰতৰ প্ৰথম মেচত শাৰীৰিক অসুস্থতাক বাবে উপস্থিত থাকিব নোৱাৰিলে শুভমন গীল। দূৰ্ভাগ্যজনকভাৱে আগন্তুক বুধবাৰে আয়োজিত আফগানিস্তানৰ বিৰুদ্ধে হ’বলগা মেচতো উপস্থিত নাথাকে শুভমন। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ এটা সূত্ৰই জনোৱা অনুসৰি, শুভমন গীল কিছুপৰিমাণে সুস্থ হৈ উঠিছে। ভাৰতীয় ক্ৰিকেট দলৰ সৈতে দিল্লীলৈ যাব নোৱাৰিলেও তেওঁ অচিৰেই দিল্লীলৈ যাব। খেলত নামিব নে নানামে সেই সন্দৰ্ভত কিন্তু কোনো স্পষ্ট মন্তব্য জনোৱা নাই ভাৰতীয় ক্ৰিকেট দলে। আফগানিস্তানৰ সৈতে খেলত নাথাকিলেও তেওঁ পাকিস্তানৰ বিৰুদ্ধে খেলত অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *