৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ভাৰতৰ হৈ বিশেষ পাৰদৰ্শিতা দেখুৱাইছে মহম্মদ ছিৰাজে৷ মহম্মদ ছিৰাজৰ খেলে ধৰাশায়ী কৰিছে শ্ৰী লংকাক৷ ফাইনেলত মাত্ৰ ৫০ ৰান কৰিয়েই অল আউট হৈছে শ্ৰী লংকাৰ দল৷ মেছত জিকি ৪ লাখ ১৫ হাজাৰ টকা লাভ কৰিছে মহম্মদ ছিৰাজে৷ কিন্তু পুৰস্কাৰৰ এই টকা উভতাই দিছে ছিৰাজে৷ গ্ৰাউণ্ড ষ্টাফৰ মাজত তেওঁ সেই ধন বিতৰণ কৰি দিছে৷

ভাৰতীয় বলাৰ মহম্মদ ছিৰাজৰ মতে গ্ৰাউণ্ড ষ্টাফসকলে বৰষুণৰ মাজতো খেলৰ বাবে ফিল্ডখন ৰেডী কৰি দিয়ালৈকে সকলোবোৰ কামেই সুচাৰুৰূপে কৰি দিয়াৰ বাবেহে খেলখন খেলিব পৰা গ’ল৷ সেয়ে ছিৰাজে নিজৰ পুৰস্কাৰৰ ধন সেই গ্ৰাউণ্ড ষ্টাফসকলৰ মাজত বিতৰণ কৰি দিছে মহম্মদ ছিৰাজে৷ মেছ শেষ হোৱাৰ পাছতেই ছিৰাজে পুৰস্কাৰৰ ধন এইসকল কৰ্মীৰ হাতত তুলি দিয়ে৷ কিয় এই ধন গ্ৰাউণ্ড ষ্টাফক দিলে ছিৰাজে সেই বিষয়ে তেওঁ কয়, ‘এই পুৰস্কাৰ কলম্বোৰ এইসকল গ্ৰাউণ্ড ষ্টাফৰ প্ৰাপ্যই৷ তেওঁলোক অবিহনে এই প্ৰতিযোগিতা আয়োজন কৰাই অসম্ভৱ আছিল৷ এই পুৰস্কাৰ তেওঁলোকৰ প্ৰাপ্য৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *