পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’। অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

পিতৃয়ে কৈছিল, ‘মোৰ দৰে নহ’বি’। অটোচালকৰ পুত্ৰ কেনেকৈ হ’ল বিশ্বৰ দ্বিতীয় বেগী বলাৰ? আঁৰৰ কাহিনী…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS: ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজ বৰ্তমান ক্ৰীড়াজগতৰ লেখত ল’বলগীয়া খেলুৱৈ৷ বৰ্তমান ক্ৰিকেটৰ পৃথিৱীত তেওঁ বিশ্বৰ লেখত ল’বলগীয়া বলাৰসকলৰ মাজৰেই এজন৷ জীৱনৰ বহু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি তেওঁ আজি সফলতাৰ শীৰ্ষত৷ জীৱনৰ প্ৰতিটো ক্ষণকেই এক দুসাহসিক অভিযান হিচাপে লৈয়েই আগবাঢ়িছে মহম্মদ ছিৰাজ৷ বিশ্বৰ নম্বৰ ৱান বলাৰৰ ভিতৰত এজন মহম্মদ ছিৰাজৰ এই যাত্ৰা কিন্তু মুঠেও মসৃণ নহয়৷

মহম্মদে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত উল্লেখ কৰিছিল যে তেওঁ খুবেই দুখীয়াঘৰৰ সন্তান৷ মহম্মদ ছিৰাজৰ পিতৃ অটোৰিক্সা চালক৷ পিতৃয়েই ঘৰৰ একমাত্ৰ উপাৰ্জন কৰোতা৷ মহম্মদ ছিৰাজে সৰুৰে পৰাই বেট-বল লৈ থকা দেখিয়েই পিতৃয়ে ভাৱিছিল মহম্মদক যদি ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিব পাৰি তেন্তে কিছু সফলতা নিশ্চয় আনিব পাৰিব৷ ভৱামতেই পিতৃয়ে তেওঁৰ উপাৰ্জনৰ পৰা দৈনিক ১০০ টকাকৈ ছিৰাজৰ বাবেই সাঁচি গৈছিল৷

অটো চালকৰ সন্তান মহম্মদ ছিৰাজে কেনেকৈ ভাৰতীয় দলত স্থান পালে?

ছিৰাজে তেওঁৰ যাত্ৰাৰ কথা বৰ্ণনা কৰোতে কৈছিল, ‘দেউতাই মোৰ মাজত ভৱিষ্যতৰ এজন ক্ৰিকেটাৰ দেখা পাইছিল৷ অভাৱৰ মাজতো দেউতাই মোক উৎসাহিত কৰিছিল৷ দেউতাই সদায়েই মোৰ হাতত ১০০ টকা গুজি কৈছিল এয়া কেৱল ক্ৰিকেটাৰ হ’বৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন, কেনেধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন তাৰ বাবে তুমি সাঁচি যাবা৷ এদিনতেই মই তোমাক সকলো দিব নোৱাৰো৷ সাঁচতীয়া ধনেৰে তুমি ক্ৰয় কৰি ল’বা৷ দেউতাৰ কথা মানিয়েই মই আগবাঢ়িছিলো৷ দেউতাই দিয়া সেই ১০০ টকাৰে মই বাইকত তেল ভৰাই ক্ৰিকেটৰ প্ৰশিক্ষণৰ বাবে গৈছিলো৷ তেতিয়া দেউতাই মোক এখন প্লেটিনা বাইকো যোগাৰ কৰি দিছিল৷’ 

প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতেই মহম্মদ ছিৰাজে পোনতে হায়দৰাবাদৰ ঘৰুৱা ক্ৰিকেট দলত খেলিবৰ বাবে আমন্ত্ৰণ লাভ কৰে৷ ২০১৬-২০১৭ৰ ৰঞ্জি ট্ৰফিত ছিৰাজে হায়দৰাবাদ দলৰ হৈ ৪১ টা উইকেট লৈছিল৷ তাৰপিছতেই ২০১৭-২০১৮ৰ বিজয় হাজাৰে ট্ৰফিত কৰ্নাটক দলৰ হৈ ২৩ টাকৈ উইকেট লৈ বেগী বলাৰৰ খিতাপ অৰ্জন কৰে৷ ইয়াৰোপৰি প্ৰথমখন ৰঞ্জী ট্ৰফীত ৪১ টা উইকেট লৈ সকলোতৰৈ বেছি উইকেট লোৱা বলাৰৰ খিতাপো অৰ্জন কৰিছিল৷ এই দুয়োখন খেলেই ছিৰাজৰ সফলতাৰ জখলাডাল কাষ চপাই আনে৷

কঠোৰ পৰিশ্ৰমেৰেই আইপিএল খেলিবৰ বাবে আমন্ত্ৰণ লাভ কৰে

ঘৰুৱা মেছত ভাল প্ৰদৰ্শনৰ বাবেই ২০১৭ চনত আইপিএল খেলাৰ বাবে নিৰ্বাচিত হ’ল মহম্মদ ছিৰাজ৷ ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০১৭ চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে ২.৬ কোটি টকাত ক্ৰয় কৰে৷ ইয়াৰ পাছত আৰু থমকি ৰ’ব লগা হোৱা নাই ছিৰাজ৷ ২০১৮ চনত আৰ চি বি অৰ্থাৎ ৰয়েল চেলেঞ্জাৰছ বেংগলে তেওঁক ক্ৰয় কৰে৷ মহম্মদ ছিৰাজ, আইপিএল ইতিহাসৰ প্ৰথম জন বলাৰ যিয়ে এখন খেলত দুটা মেডেন অভাৰ বল কৰিছিল। ছিৰাজে কৰ’নাৰ মাজতো ২০২০চনত এই সফলতা লাভ কৰিছিল৷  

আইপিএলৰ এই সফলতা দেখিয়েই বিচিচিআইয়ে মহম্মদ ছিৰাজক ভাৰতীয় দলত স্থান দিয়ে৷ ২০১৭ ত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ ত ভাৰতৰ হৈ খেলাৰ সুবিধা লাভ কৰে ছিৰাজে৷ প্ৰথমাৱস্থাত ভাৰতীয় দলত প্ৰৱেশ কৰি বিশেষ ভাল ফলাফল দেখুওৱাব পৰা নাছিল৷ কিন্তু সময়ৰ সৈতে ছিৰাজৰ খেল উন্নতৰ পৰা উন্নত হৈ গৈ থাকিল৷ বৰ্তমান ভাৰতীয় দলৰ বেগী বলাৰৰ নাম ল’লেই সকলোৱে এবাৰ ছিৰাজৰ নাম লয়৷ ভাৰতীয় দলতেই কেৱল তেওঁৰ নাম আছে তেনে নহয়, বিশ্বৰ বেগী বলাৰৰ তালিকাতো মহম্মদ ছিৰাজে পোনতে প্ৰথম স্থান দখল কৰিছিল৷ তাৰপিছতেই বৰ্তমান দ্বিতীয় স্থানত আছে ছিৰাজ৷

ছিৰাজৰ এটোপাল চকুপানীতেই কান্দি উঠিল লাখ লাখ ক্ৰিকেটপ্ৰেমী

ছিৰাজৰ সফলতাৰ দৌৰ তেতিয়া পূৰ্ণগতিত৷ কিন্তু তাৰমাজতেই হঠাতে আহিছিল এটা দুঃখবৰ৷ ২০১৯ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে থকা বিশেষ খেলখন খেলিবৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছিল ছিৰাজ৷ তেনেতেই আহিছিল দুঃখবৰটো তেওঁৰ পিতৃ আৰু ইহ সংসাৰত নাই৷ ৫৩ বছৰ বয়সত পিতৃয়ে সাবটি ল’লে মৃত্যুক৷ হাঁপানি ৰোগত আক্ৰান্ত পিতৃয়ে মৃত্যুক সাবটি লোৱাৰ সময়ত পিতৃৰ কাষলৈ শেষবাৰৰ বাবেও আহিব নোৱাৰিলে ছিৰাজ৷ পিতৃক হেৰুৱাৰ দুখত ভাঙি পৰিছিল ছিৰাজ৷ চকুপানী ৰোৱা নাছিল৷ তথাপিও দেশৰ স্বাৰ্থত খেলৰ প্ৰতি থকা আনুগত্যৰ বাবে খেলপথাৰত নামিছিল ছিৰাজ৷ কিন্তু খেল চলি থকাৰ মাজতেই হঠাতেই আকৌ কান্দি উঠিল ছিৰাজ৷ খেলপথাৰত চলি থকা কেমেৰাত বন্দী হৈ ৰ’ল কান্দোনৰ দৃশ্য৷ ছিৰাজৰ কান্দোন দেখিয়েই লাখ লাখ ক্ৰিকেটপ্ৰেমীয়েও ধৰি ৰাখিব পৰা নাছিল চকুলো৷

হায়দৰাবাদ চৰকাৰে মহম্মদক লৈ দিছে ধন্যবাদসূচক পোষ্ট

ছিৰাজে বৰ্তমানলৈ ১৮ খন টেষ্ট মেচত ৪৭ টা উইকেট দখল কৰিছে। একে সময়তে, তেওঁ ২১ খন এদিনীয়াত ৩৮ টা উইকেট দখল কৰিছে৷ আনহাতে ৮ খন টি-২০ মেচত ১১ টা উইকেট দখল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *