হজযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ! ছৌদিৰ সৈতে বিশেষ চুক্তি ভাৰতৰ, এতিয়াৰে পৰা হজযাত্ৰীয়ে লাভ কৰিব এইকেইটা সুবিধা

হজযাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ! ছৌদিৰ সৈতে বিশেষ চুক্তি ভাৰতৰ, এতিয়াৰে পৰা হজযাত্ৰীয়ে লাভ কৰিব এইকেইটা সুবিধা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হজ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই মুছলমান ধৰ্মাৱলম্বী লোকৰ বাবে আহিছে সুখবৰ। ভাৰতৰ পৰা আৰু বেছি সংখ্যক মুছলমান লোকে যাতে হজলৈ যাব পাৰে তাৰ বাবে বিশেষ পদক্ষেপ হৈছে মোদী চৰকাৰে। ছৌদি আৰৱৰ সৈতে এই বিষয়টোক লৈ বিশেষ চুক্তিও স্বাক্ষৰিত হৈছে। চুক্তি অনুসৰি ডেৰ লাখতকৈয়ো অধিক মুছলমান ধৰ্মাৱলম্বী লোকে এতিয়া প্ৰতি বছৰে হজলৈ যাব পাৰিব। বৰ্তমান ছৌদি আৰৱ ভ্ৰমণত আছে সংখ্যালঘু মন্ত্ৰী স্মৃতি ইৰাণি। হজক লৈ জেড্ডাত ছৌদিৰ হজ সংক্ৰান্তিয় মন্ত্ৰী তৌফিক বিন ফাওজানৰ সৈতে এখন বৈঠকতো মিলিত হৈছে কেবিনেট মন্ত্ৰী স্মৃতি ইৰানী। এই বৈঠকৰ সমাপ্তিৰ লগে লগেই এক্স হেণ্ডেলত স্মৃতি ইৰানীয়ে শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট।

পোষ্টত তেওঁ উল্লেখ কৰামতে ছৌদি আৰৱৰ সৈতে বিশেষ চুক্তি স্বাক্ষৰিত হৈছে। চুক্তি অনুসৰি চলিত বছৰৰ পৰা ১.৭৫ লাখতকৈ বেছি মুছলমান ধৰ্মাৱলম্বী লোকে হজলৈ যাব পাৰিব। প’ষ্টত লগতে উল্লেখ কৰিছে যে, ২০২৩ চন পৰ্যন্ত প্ৰতি বছৰে প্ৰায় ১ লাখ ৪০ হাজাৰ মুছলমান ধৰ্মাৱলম্বী লোকে ভাৰতৰ পৰা ছৌদিলৈ হজৰ বাবে যাব পৰা ব্যৱস্থা আছিল। এইবাৰ সেই কুটা বঢ়াই দিয়া হৈছে। চলিত বৰ্ষৰ পৰা বাৰ্ষিক ১ লাখ ৭৫ হাজাৰ লোকে হজৰ বাবে ছৌদিলৈ যাব পাৰিব। ইয়াৰ পৰা মুছলমান ধৰ্মাৱলম্বী লোকসকল উপকৃত হ’ব। ২০২৪ চনত যিসকলে হজত যাবৰ বাবে আগ্ৰহী তেওঁলোকে গ্ৰুপ অপাৰেটৰৰ মাধ্যমেৰে হজৰ বাবে যাব পাৰিব। ইয়াৰোপৰি প’ষ্টত উল্লেখ কৰামতে, যাত্ৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবেও দুইখন দেশৰ মাজত আলোচনা হৈছে। হজযাত্ৰীসকলৰ তথ্য প্ৰদানৰ ক্ষেত্ৰত ভাৰতে লোৱা ডিজিটেল ব্যৱস্থাৰ প্ৰশংসাও কৰিছে ছৌদিৰ প্ৰতিনিধিসকলে।

ইয়াৰোপৰি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, এতিয়াৰে পৰা হজত যাতে অধিক সংখ্যক মহিলা যাব পাৰে তাৰবাবে কেন্দ্ৰই বিশেষ পন্থা গ্ৰহণ কৰিব। স্মৃতি ইৰানীয়ে জনোৱা অনুসৰি কেৱল যাত্ৰীৰ কোটাই বৃদ্ধি কৰা হৈছে তেনে নহয়, নিৰাপত্তা সংক্ৰান্তীয় চুক্তিও কৰা হৈছে। ইয়াৰ মাজতেই আছে চিকিৎসাৰ সুবিধা। এই চুক্তিয়ে ছৌদি আৰু ভাৰতৰ সম্পৰ্কও দৃঢ় কৰিছে বুলি দাবী কৰিছে মন্ত্ৰী স্মৃতি ইৰানীয়ে।

উল্লেখ্য যে, স্মৃতি ইৰানীয়ে এই প’ষ্ট শ্বেয়াৰ কৰাৰ পাছতেই বহুতেই এতিয়া সামাজিক মাধ্যমত লিখিছে যে লোকসভা নিৰ্বাচনেই এই চুক্তিৰ প্রধান লক্ষ্য। হিন্দু ভোটক লৈ চিন্তা নাথাকিলেও মুছলমান ভোটক লৈ কিন্তু চিন্তা আছে কেন্দ্ৰৰ। মুছলমান ভোটাৰৰ মন জয় কৰিবলৈকে এই সিদ্ধান্ত লৈছে কেন্দ্ৰই বুলি বহুতে দাবী উত্থাপন কৰিছে। সংখ্যালঘু ভোটাৰৰ মন জয় কৰিবলৈকে হজযাত্ৰীসকলৰ কোটা বৃদ্ধি কৰিছে কেন্দ্ৰই বুলি প্ৰায়সংখ্যক নেটিজেনে চৰ্চা কৰা পৰিলক্ষিত হৈছে।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *