প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে চতুৰ্থ স্থান দখল কৰিলে ভাৰতে

প্রধানমন্ত্ৰীয়ে কৈছিল, খেলুৱৈয়ে সন্মান ৰক্ষা কৰিলে! এছিয়ান গেমছত ১০৭টা পদকেৰে চতুৰ্থ স্থান দখল কৰিলে ভাৰতে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- এছিয়ান গেমছত যাত্ৰা সামৰিলে ভাৰতে। ৭তাৰিখে আছিল ভাৰতৰ শেষ ইভেণ্ট। শেষৰ দিনাও পদক লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতে। ১৪ দিনীয়া যাত্ৰা সামৰি ভাৰতৰ খেলুৱৈসকল দেশলৈ উভতিছে। এই যাত্ৰাত মুঠ ১০৭টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতৰ খেলুৱৈয়ে। এইবাৰ এছিয়ান গেমছত ভাৰতৰ টাৰ্গেট আছিল ১০০ টা পদক। আশা কৰামতেই সেয়া কৰি দেখুৱালে ক্ৰীড়াবিদসকলে।

পূৰ্বৰ বহু ৰেকৰ্ড ভাঙি নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ভাৰতে। ১৩ দিনতেই ১০০ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰীড়াবিদে। কেৱল সেয়াই নহয় অতীতৰ ৰেকৰ্ড ভাঙি নতুন ৰেকৰ্ড গঢ়িলে ভাৰতে। এছিয়ান গেমছৰ ১৩ নম্বৰ দিনলৈকে ৯৫টা পদক জয় কৰাৰ ওপৰিও ৭টা পদক নিশ্চিত হৈছিল। অৰ্থাৎ ১০২ টা পদক ভাৰতে ১৩ দিনত লাভ কৰিবলৈ সক্ষম হয়। ১৪ দিনত ভাৰতে মুঠ ১০৭টা পদক অৰ্জন কৰিছে। ২০১৮ চনৰ এছিয়ান গেমছত ভাৰতে লাভ কৰিছিল মুঠ ৭০টা পদক।

এছিয়ান গেমছত, কেতিয়া কিমান পদক লাভ কৰিছে ভাৰতে?
২০১৪ চনত ভাৰতে মুঠ পদক লাভ কৰিছিল ৫৭টা। যাৰ মাজত আছিল ১১ টা সোণ।
২০১৮ চনত মুঠ পদকৰ সংখ্যা আছিল ৭০টা। তাৰে সোণ আছিল ১৬টা।
২০২৩ চনত পদকৰ সংখ্যা ১০৭টা, ইয়াৰে সোণ আছে ২৮টা।
২০১৪ আৰু ২০১৮ চনত তালিকাত ভাৰত আছিল ৮ নম্বৰত। এইবাৰ এছিয়ান গেমছত পদকৰ তালিকাত ভাৰত আছে ৪নম্বৰ স্থানত।

এছিয়ান গেমছত ভাৰতে জয় কৰা ১০৭টা পদকৰ ভিতৰত ২৮টা সোণ, ৩৮টা ৰূপ আৰু ৪১ টা ব্ৰঞ্জ। এছিয়ান গেমছৰ শেষৰ দিনটোত ভাৰতে জয় কৰিছে মুঠ ১২টা পদক। যাৰ ভিতৰত ৬টা সোণ, চাৰিটা ৰূপ আৰু দুটা ব্ৰঞ্জ। দেশৰ এই সাফল্যত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে কয়, ‘ভাৰতে এছিয়ান গেমছত ভাল খেলিছে। মহিলা আৰু পুৰুষ কাবাডী দলক অভিনন্দন। তেওঁলোকে সোণ আনি দেশক ৰেংকৰ দিশেৰেও আগুৱাই নিছে। ভাৰতৰ পুৰুষ ক্ৰিকেট দলেও সোণ জয় কৰিছে। আনহাতে বেডমিণ্টনতো দেশলৈ সোণ আনিছে। দেশৰ খেলুৱৈয়ে দেশলৈ কঢ়িয়াই অনা ১০৭টা পদকৰ বাবে সমগ্ৰ দেশেই গৰ্বিত।’

উল্লেখ্য যে পদক লাভেৰে এইবাৰ শীৰ্ষত আছে চীন। প্ৰথমৰ পৰাই শীৰ্ষতেই আছে ৰঙাচীন। চীনে এছিয়ান গেমছত মুঠ ৩৮২টা পদক অৰ্জন কৰিছে। ইয়াৰে ২০০টা সোণ, ১১১টা ৰূপ আৰু ৭১টা ব্ৰঞ্জ। জাপান আছে দ্বিতীয় স্থানত আছে জাপান। জাপানে মুঠ ৫১টা সোণ, ৬৬টা ৰূপ আৰু ৬৯টা ব্ৰঞ্জ জয় কৰিছে। তেওঁলোকৰ মুঠ পদকৰ সংখ্যা ১৮৬টা। তৃতীয় স্থানত আছে দক্ষিণ কোৰিয়া। দক্ষিণ কোৰিয়াই লাভ কৰিছে ৪২টা সোণ, ৫২টা ৰূপ আৰু ৮৯টা ব্ৰঞ্জ। দক্ষিণ কোৰিয়াৰ মুঠ পদক হৈছে ১৯০টা। ইয়াৰপাছতেই চতুৰ্থস্থানত আছে ভাৰত। ভাৰতে মুঠ ১০৭টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *