এতিয়ালৈ ধোনীয়েই একমাত্ৰ সফল, ৰোহিতে পাৰিবনে!

এতিয়ালৈ ধোনীয়েই একমাত্ৰ সফল, ৰোহিতে পাৰিবনে!

ৰোহিত
ৰোহিত
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ইতিমধ্যে বিফল হৈছে ভাৰত। প্ৰটিয়াজ বাহিনীৰ হাতত এক ইনিংছ আৰু ৩২ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত হয় ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল। গতিকে এইবাৰো ভাৰতে শৃংখলা দখল কৰিব নোৱাৰাটো নিশ্চিত হৈ পৰিছে। দক্ষিণ আফ্ৰিকাৰ মাটিত ভাৰতে আজিকোপতি জয় কৰিব পৰা নাই এটাও টেষ্ট শৃংখলা। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাত আঠটা টেষ্ট শৃংখলাত ভাগ লোৱা ভাৰতে মাত্ৰ এবাৰ শৃংখলা ড্ৰ কৰিবলৈ সক্ষম হৈছে।
১৯৯২ চনত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলাত ভাগ ল’বলৈ দক্ষিণ আফ্ৰিকালৈ গৈছিল ভাৰত। চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ তিনিখন মেচ ড্ৰ খেলাৰ বিপৰীতে এখন মেচত পৰাজিত হৈছিল ভাৰত। দক্ষিণ আফ্ৰিকাত খেলা ইয়াৰ পৰৱৰ্তী তিনিটা টেষ্ট শৃংখলাও হেৰুৱাইছিল ভাৰতে। ইয়াৰ পাছত ২০১০-১১ টেষ্ট শৃংখলাত আশাৰ সঞ্চাৰ আনিছিল ভাৰতীয় দলে। ২০১০-১১ ত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দক্ষিণ আফ্ৰিকা ভ্ৰমণত গৈছিল ভাৰতীয় দল। শৃংখলা দখল কৰিব নোৱাৰিলেও ১-১ ত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল ধোনীবাহিনী।
২০১০-১১ ত দক্ষিণ আফ্ৰিকাত খেলা টেষ্ট শৃংখলাৰ প্ৰথম মেচখনতেই এক ইনিংছ আৰু ২৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত হৈছিল ভাৰত। কিন্তু মনোবল হেৰুওৱা নাছিল কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীয়ে। দ্বিতীয় টেষ্টত দক্ষিণ আফ্ৰিকাক উভতি ধৰিছিল ভাৰতে। ৮৭ ৰানত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰিছিল ভাৰতে। তৃতীয় তথা অন্তিমখন মেচ ড্ৰ খেলি প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ মাটিত টেষ্ট শৃংখলা ড্ৰ কৰিবলৈ সক্ষম হৈছিল ভাৰত।


চলিত টেষ্ট শৃংখলাৰ প্ৰথম মেচতেই পৰাজয়বৰণ কৰা ভাৰতৰ শৃংখলা জয়ৰ আশা ইতিমধ্যে শেষ হৈছে। আৰু ইয়াৰ লগে লগে দক্ষিণ আফ্ৰিকাৰ মাটিত ভাৰতে টেষ্ট শৃংখলা দখল কৰিব নোৱাৰাৰ ধাৰা অব্যাহত থাকে। এতিয়া দ্বিতীয় তথা অন্তিম মেচ জয় কৰি শৃংখলা ড্ৰ কৰিবলৈ সক্ষম হ’বনে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল? কেৱল এম এছ ধোনীৰ নামতেই থাকিব নেকি দক্ষিণ আফ্ৰিকাত শৃংখলা ৰক্ষা কৰাৰ সফলতা। নে এই তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ব ৰোহিত শৰ্মা?

One thought on “এতিয়ালৈ ধোনীয়েই একমাত্ৰ সফল, ৰোহিতে পাৰিবনে!

Leave a Reply

Your email address will not be published. Required fields are marked *

One thought on “এতিয়ালৈ ধোনীয়েই একমাত্ৰ সফল, ৰোহিতে পাৰিবনে!

Leave a Reply

Your email address will not be published. Required fields are marked *