বিধ্বংসী ৰূপত ভাৰতীয় পেচাৰ, দক্ষিণ আফ্ৰিকাৰ বেটাৰে সহিব নোৱাৰিলে প্ৰেছাৰ

বিধ্বংসী ৰূপত ভাৰতীয় পেচাৰ, দক্ষিণ আফ্ৰিকাৰ বেটাৰে সহিব নোৱাৰিলে প্ৰেছাৰ

দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকা
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ভাৰতীয় পেচাৰ সকলে। টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ডীন এলগাৰে। ইনিংছৰ আৰম্ভণিতে উজুতি খোৱা দক্ষিণ আফ্ৰিকা দলৰ কোনোগৰাকী বেটাৰে খোপনি পুতিব নোৱাৰিলে। ধাৰাবাহিকভবে উইকেট হেৰুৱাই মাত্ৰ ৫৫ ৰানতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয় দক্ষিণ আফ্ৰিকা।
৫ ৰানৰ দলীয় স্ক’ৰত প্ৰথমটো উইকেট হেৰুৱায় দক্ষিণ আফ্ৰিকাই। ভাৰতৰ হৈ প্ৰথমটো উইকেট দখল কৰে তাৰকা বলাৰ মহম্মদ ছিৰাজে। ইয়াৰ পাছতে ধাৰাবাহিকতা ৰক্ষা কৰি ইটোৰ পাছত সিটো উইকেট দখল কৰি যায় ছিৰাজে। টেষ্ট কেৰিয়াৰৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন আগবঢ়াই মহম্মদ ছিৰাজে মাত্ৰ ১৫ ৰানৰ মিনিময়ত দখল কৰে ৬ টাকৈ উইকেট। ছিৰাজক সঁহাৰি আগবঢ়ায় ভাৰতৰ আন দুগৰাকী পেচ বলাৰ যশপ্ৰীত বুমৰাহ আৰু মুকেশ কুমাৰে। বুমৰাহ আৰু মুকেশ কুমাৰে দখল কৰে ২ টাকৈ উইকেট।
দক্ষিণ আফ্ৰিকাৰ শীৰ্ষ ক্ৰমৰ বেটাৰসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। ইয়াৰ উপৰি দলটোৰ মাত্ৰ দুগৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। প্ৰত্য়ুত্তৰত নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি ভাৰতে বাতৰি লিখাৰ পৰলৈ এটা উইকেটৰ বিনিময়ত ৫৩ ৰান সংগ্ৰহ কৰে। ৰোহিত শৰ্মাই ৩৭ আৰু শুভমন গীলে ৬ ৰানত বেটিং কৰি আছে।
ইতিমধ্যে দুখনীয়া টেষ্ট শৃংখলাটোৰ প্ৰথমখন টেষ্টত পৰাজয়বৰণ কৰিছে ভাৰতে। শৃংখলা ড্ৰ কৰিবলৈ হ’লে দ্বিতীয় টেষ্টত বিজয়ৰ গত্যন্তৰ নাই ভাৰতৰ। উল্লেখযোগ্য যে, দক্ষিণ আফ্ৰিকাৰ মাটিত এতিয়ালৈ এটাও টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হোৱা নাই ভাৰত। একমাত্ৰ মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ২০১০-১১ ৰ টেষ্ট শৃংখলা ১-১ ব্যৱধানত ড্ৰ কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *