দিন ঠিক হ’ল, ষ্টেডিয়ামহে হোৱা নাই! কি হ’ব টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ মেচ?

দিন ঠিক হ’ল, ষ্টেডিয়ামহে হোৱা নাই! কি হ’ব টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ মেচ?

ভাৰত-পাকিস্তান
ভাৰত-পাকিস্তান
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ডিজিটেল ডেস্কঃ ক্ৰিকেট আৰু ভাৰত-পাকিস্তানৰ মেচ, সেয়াও বিশ্বকাপ! দুয়োখন দেশৰ ক্ৰিকেটপ্ৰেমীৰ ৰক্তচাপ উৰ্ধ্বমুখী হোৱা পৰিবেশ। লাখ লাখ অনুৰাগীৰ হৃদয়ৰ সমানে ভাঙি যায় অসংখ্য টিভি। পুনৰ আহি আছে দুয়োদেশৰ মাজৰ এখন হাইভল্টেজ মেচ। উৎসুক হৈ আছে ভাৰতৰ কোটি কোটি ক্ৰিড়ানুৰাগীৰ লগতে চিৰবৈৰী পাকিস্তানৰো ক্ৰিকেটপ্ৰেমী। টি-২০ বিশ্বকাপত পুনৰবাৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান। ইতিমধ্যে মেচৰ দিন ঘোষণা হৈছে। কিন্তু এইপৰ্যন্ত নিৰ্মাণৰত অৱস্থাতে আছে ষ্টেডিয়াম।

১ জুনৰ পৰা আৰম্ভ হ’ব ২০২৪ ৰ টি-২০ বিশ্বকাপ। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে আয়োজকৰ ভুমিকা পালন কৰিবলগীয়া টুৰ্ণামেণ্টখনত ৫ জুনত ভাৰতে আৰম্ভ কৰিব অভিযান। ৫ জানুৱাৰীত প্ৰকাশ হোৱা টি-২০ বিশ্বকাপৰ সূচী অনুসৰি ৯ জুনত ভাৰত মুখামুখি হ’ব চিৰবৈৰী পাকিস্তানৰ। নিউয়ৰ্কৰ এইছেনহাৱাৰ পাৰ্কত অনুষ্ঠিত হ’ব ভাৰত-পাকিস্তানৰ মেচ। বিশ্বকাপৰ সূচী প্ৰকাশ হোৱাৰ পাছতেই ভাৰত-পাকিস্তানৰ মেচক লৈ চৰ্চিত হৈছে এক বিষয়।

ভাৰত-পাকিস্তানৰ মেচ অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামখন এইপৰ্যন্ত সাজু হৈ উঠা নাই। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ষ্টেডিয়ামখনৰ বিভিন্ন ফটো-ভিডিঅ’ শ্বেয়াৰ হৈছে। সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ছবি অনুসৰি ষ্টেডিয়ামখন এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে। ষ্টেডিয়ামখনত কোনোধৰণৰ ফ্লাড লাইট তথা ষ্টেণ্ড পৰিলক্ষিত নোহোৱাৰ উপৰি খেলপথাৰখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হৈ উঠা নাই। সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত এগৰাকী ব্যৱহাৰকাৰীয়ে এইছেনহাৱাৰ পাৰ্কৰ কিছু ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে।

 

এই লিংকত ক্লিক কৰি পঢ়কঃ

https://twitter.com/PeterDellaPenna/status/1741435794290520356?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1741435794290520356%7Ctwgr%5E20c3cfbea2ee64d53278ed4ba03a480610d9a5a7%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.aajtak.in%2Fsports%2Fcricket%2Fstory%2Findia-vs-pakistan-t20-world-cup-2024-venue-eisenhower-park-new-york-stadium-not-ready-viral-video-tspo-1853407-2024-01-06

২০২৪ টি-২০ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ মেচত ভাৰত ৫ জুনত মুখামুখি হ’ব আয়াৰলেণ্ডৰ। ৯ জুনত পাকিস্তানৰ সৈতে হাইভল্টেজ মেচ খেলাৰ পাছত ১২ জুনত আমেৰিকা আৰু ১৫ জুনত কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত।

One thought on “দিন ঠিক হ’ল, ষ্টেডিয়ামহে হোৱা নাই! কি হ’ব টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ মেচ?

Leave a Reply

Your email address will not be published. Required fields are marked *

One thought on “দিন ঠিক হ’ল, ষ্টেডিয়ামহে হোৱা নাই! কি হ’ব টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ মেচ?

Leave a Reply

Your email address will not be published. Required fields are marked *