১১ কোটি ৫০ লাখ পানকাৰ্ড বাতিল, ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা!

১১ কোটি ৫০ লাখ পানকাৰ্ড বাতিল, ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা!

পানকাৰ্ড
পানকাৰ্ড
Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আজিৰ দিনত সকলোৰে বাবে পানকাৰ্ড অতি প্ৰয়োজনীয় নথি। বিত্তীয় লেনদেনৰ বাবে জৰুৰী পানকাৰ্ড। এই পানকাৰ্ডক লৈ এক ডাঙৰ খবৰ। ১১ কোটি ৫০ লাখ পানকাৰ্ড বাতিল কৰিছে কেন্দ্ৰীয় আয়কৰ বিভাগে। আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰাৰ বাবে বাতিল এই বৃহৎ সংখ্যক পানকাৰ্ড।
পানকাৰ্ডৰ সৈতে আধাৰৰ সংযোগ কৰাৰ অন্তিম সীমা বান্ধি দিছিল ৩০ জুন। আধাৰৰ সৈতে পানকাৰ্ড সংযোগ নকৰিলে পানকাৰ্ড বাতিল কৰাৰ কথা ঘোষণা কৰিছিল। দেশত আছে মুঠ ৭০ কোটি ২৪ লাখ নাগৰিকৰ পানকাৰ্ড। প্ৰায় ১২ কোটি পানকাৰ্ড আধাৰৰ সৈতে লিংক কৰা নাছিল। লিংক নকৰা পানকাৰ্ডসমূহ বাতিল কৰা হৈছে।
মোদী চৰকাৰৰ এই কাৰ্যক সমালোচনা কৰিছে একাংশই। ইয়াৰ জৰিয়তে বৃহৎ ৰাজহ সংগ্ৰহৰ লক্ষ্য কেন্দ্ৰৰ। কিয়নো এখন পানকাৰ্ড আবেদনৰ মাচুল কেৱল ৯১ টকা। GSTসহ ১০০ টকাত লাভ কৰে এখন নতুন পানকাৰ্ড। কিন্তু বাতিল হোৱা পানকাৰ্ড পুনৰ সক্ৰিয় কৰিবলৈ জনতাই ভৰিব লাগিব ১ হাজাৰ টকাকৈ। ১১ কোটি ৫০ লাখ পানকাৰ্ড বাতিল কৰি মোদী চৰকাৰে সংগ্ৰহ কৰিব ১১ লাখ ৫০০ হাজাৰ কোটি টকা। জনতাক ১০ গুণ অধিক জৰিমনা বিহাক লৈ সমালোচনাৰ সন্মুখীন হৈছে মোদী চৰকাৰ।
বেংক একাউণ্ট খোলা, ৫০ হাজাৰতকৈ অধিক টকা জমা থোৱা, বিত্তীয় লেনদেনৰ বাবে জৰুৰী পানকাৰ্ড। তেনে পৰিস্থিতিত বাতিল হোৱা পানকাৰ্ড পুনৰ সক্ৰিয় কৰিবলৈ বাধ্য নাগৰিক। ইয়াৰ পৰা জৰিমনাৰ জৰিয়তে চৰকাৰে লাভ কৰিব বৃহৎ অংকৰ ধন।


বাতিল হোৱা পানকাৰ্ড আপুনি কিদৰে পুনৰ সক্ৰিয় কৰিব?
পুনৰ সক্ৰিয় কৰিবলৈ ভৰিব লাগিব ১ হাজাৰ টকা জৰিমনা। www.incometax.gov.in ত লগ ইন কৰি পান-আধাৰৰ সৈতে লিংক আছে নে নাই প্ৰথমে পৰীক্ষা কৰক। ইয়াৰ পাছত লিংক নকৰা পানকাৰ্ড Link Aadhaar শিতানলৈ গৈ লিংক কৰিব পাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *