‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

‘কভাক্সিনৰ পাৰ্শ্বক্ৰিয়া নাই! মিছা কথা বিয়পাইছে বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ে’, বিশেষ ৰিপৰ্ট দাখিল কৰিছে কেন্দ্ৰীয় সংস্থা ICMRয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেশত তৈয়াৰ হোৱা কৰ’না টিকা কভাক্সিনৰ দীৰ্ঘম্যাদি পাৰ্শ্বপ্ৰতিক্ৰিয়া সংক্ৰান্তীয় অভিযোগ খাৰিজ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ‘ইণ্ডিয়ান  কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ(ICMR)য়ে৷ এই বিষয়টোক লৈ তেওঁলোকে টাৰ্গেট কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় বেনাৰস হিন্দু বিশ্ববিদ্যালয়ক৷  কাৰণ সেই বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই সংক্ৰান্তীয় গৱেষণাৰ অন্তত এটা ৰিপৰ্ট দাঙি ধৰিছিল৷

সোমবাৰে ICMRৰ ডাইৰেক্টৰ ৰাজীৱ বহালে কয়, ‘যি পদ্ধতিত তথ্য সংগ্ৰহ আৰু গৱেষণাৰ কাম চলোৱা হৈছে তাত গুৰুতৰ ত্ৰুটি আছে৷ তেওঁলোকৰ দাবী, একতৰফীয়া তথ্য সংগ্ৰহ কৰি বিএইছইউৰ গৱেষকে কভাক্সিন লোৱা ব্যক্তিৰ দেহৰ দীৰ্ঘম্যাদি প্ৰতিক্ৰিয়াৰ কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে সেই সময়সীমাৰ মাজত কভাক্সিন নোলোৱা ব্যক্তি পৰা কোনো তথ্যই সংগ্ৰহ কৰা নাই৷ শাৰীৰিক সমস্যাক লৈ কোনো তুলনামূলক পৰিসংখ্যা দাঙি কৰা নাই৷’ ইয়াৰ বাবে বিএইছইউৰ গৱেষকসকলে ক্ষমাপ্ৰাৰ্থনাৰ দাবীও কৰিছে ৰাজীৱ বহালে৷

বিএইছইউৰ গৱেষকসকলে পেছ কৰা ৰিপৰ্টত কোৱা কৈছে যে, কভাক্সিন যিসকলে লৈয়ে তেওঁলোকৰ ৯২৬ জনৰ ওপৰত এবছৰ পৰ্যবেক্ষণ চলোৱা হৈছিল৷ বিজ্ঞানীসকলৰ দাবী, এওঁলোকৰ মাজত ৩০শতাংশৰ দেহত শ্বাসকষ্টৰ পৰা আৰম্ভ কৰি চৰ্মৰোগ, ষ্ট্ৰোক, গিলান বাৰি ছিণ্ড্ৰম আৰু মূৰত তেজ জমা হোৱা আদি পাৰ্শ্বক্ৰিয়াই দেখা দিছে৷ এই অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় এডভাৰ্ছ ইভেণ্ট অৱ স্পেছিয়েল ইণ্টাৰেষ্ট বা এইএছআই৷ ইয়াৰোপৰি মহিলাসকলৰ মাজত ঋতুস্ৰাৱজনিত নানান জটিলতাইয়ো দেখা দিছে৷ ভাৰতত কভিড ১৯ৰ মোকাবিলাত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দুটা কভাক্সিন টিকা দিয়া হৈছিল দেশবাসীক৷ বিএইছইউৰ গৱেষকে জনোৱা অনুসৰি সমীক্ষাত অংশ লৈছিল ৬৩৫ জন নাৱালক আৰু ২৯১ জন প্ৰাপ্তবয়স্কই৷

গৱেষণাৰ অন্তৰ্ভুক্ত ৬৩৫ জনৰ ৪.৭ শতাংশ কিশোৰ-কিশোৰীৰ মাজত স্নায়ুৰোগ, ১০,৫ শতাংশ কিশোৰ-কিশোৰীৰ মাজত চৰ্মৰোগ আৰু ১০.২ শতাংশ কিশোৰ-কিশোৰীৰ নানান শাৰীৰিক সমস্যাই দেখা দিছে৷ ইয়াৰোপৰি ২৯১ জন প্ৰাপ্তবয়স্কৰ মাজত সাধাৰণ ব্যাধিত আক্ৰান্ত হৈছে ৮.৯ শতাংশ লোক৷ পেশী আৰু হাড়ৰ সমস্যাই দেখা দিছে ৫.৮ শতাংশৰ মাজত আৰু স্নায়ুৰোগৰ আক্ৰান্ত হৈছে ৫.৫ শতাংশ৷

ইয়াৰোপৰি গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা গৈছে কভাক্সিন লোৱা মহিলাসকলৰ ক্ষেত্ৰত৷ গৱেষণাত অংশগ্ৰহণকাৰীৰ ৪.৬শতাংশ মহিলাৰ দেহত ভেকছিনৰ প্ৰভাৱত ঋতুস্ৰাৱজনিত নানান সমস্যাই দেখা দিছে৷ ইয়াৰোপৰি ২.৭শতাংশ মহিলাৰ চকুৰ সমস্যাই দেখা দিছে৷ ০.৬ শতাংশৰ মাজত হাইপথাইৰয়েডিজমৰ সমস্যাই দেখা দিছে৷ ০.৩ শতাংশৰ ষ্ট্ৰোক আৰু ০.১ শতাংশৰ মাজত গিলান বাৰি ছিণ্ড্ৰমে দেখা দিছে৷ এয়া এক বিৰল ৰোগ যাৰ প্ৰভাৱত দেহৰ অংগসমূহ ধীৰে ধীৰে অক্ষম হৈ উঠে৷

সম্প্ৰতি অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু ব্ৰিটিছ-ছুইডিছ ঔষধ প্ৰস্তুতকাৰী সংস্থা এষ্ট্ৰাজেনেকাই তৈয়াৰ কৰা প্ৰতিষেধক এজেডডি ১২২২ৰ(ভাৰতীয় নাম কভিছিল্ড)ৰ বিৰুদ্ধেও অভিযোগ উঠিছিল যে এই টিকাই বহু মানুহৰ ক্ষতি কৰিছে আনকি বহুলোকে প্ৰাণো হেৰুৱাইছে৷ একাধিক গোচৰো তৰা হৈছে এই সংস্থাৰ বিৰুদ্ধে৷ ইয়াৰ পাছতেই এই প্ৰতিষেধক বিক্ৰীত নিষেধাজ্ঞাও অনা হৈছে৷ কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া থকাৰ কথাও স্বীকাৰ কৰি লৈছে সেই সংস্থাটোৱে৷ সংস্থাই জনাইছে এ তেঁওলোকে তৈয়াৰ কৰা প্ৰতিষেধকৰ কাৰণে বিৰল ৰোগ থ্ৰম্বোচিচ উইথ থ্ৰম্বোচাইটোপেনিয়া ছিনড্ৰমত আক্ৰান্ত হোৱাৰ আশংকা আছে৷ এই ৰোগত আক্ৰান্ত হ’লে তেজত অনুচক্ৰিকাৰ পৰিমাণ কমি যায় আৰু তেজ গোট মাৰিব ধৰে৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *